পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 জঙ্কি—“ৰকমী, মই ইয়াত কমুদৰ ঘৰত আছিলোঁ। সি মোক বাৰু নোপোৱাত পৰিছে। সেইদেখি ঘূণাসুঁতিত মোৰ এঘৰ মাহীৰ ঘৰ আছে তাতে থাকিম গৈ।”

 ভাদৈ—“তই আৰু আমাৰ গাঁও এৰিলি।”

 জঙ্কি—“এৰা ভাদৈ কিন্তু মাজে মাজে তহঁতৰ গাঁৱলৈকো আহি থাকিম।”

 তুলাই—“এৰা আহি থাকিবি দেই। তই থকাত বৰ বাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।”

 জঙ্কি—“কি কৰিম তুলাই। যাব লগাত পৰিলোঁ।”

 পানেই—“জঙ্কি!”

 জঙ্কি—“কি কওৱ পানেই?”

 পানেই—“তই যোৱাৰ আগেয়ে এদিন মোক লগ ধৰিবি দেই। তোৰে সৈতে মোৰ এটা কিবা কথা কবলগীয়া আছে।”

 জঙ্কি—“বাৰু পানেই।”

 এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।

————