পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চম অধ্যায়


সোৱণশিৰী নৈৰ বুকুত

 “How richly glows the waters breast—
 Before us, tinged with evening hues
 While facing thus crimson west—
 The bast her silent course pursues!
 And see how dang the backward stream!
 A little moment past so smiling”—
                                  Wordsworth


 বেলি প্ৰায় পাতত বহিছে। আকাশ সুন্দৰ নিৰ্মল। হেঙুলীয়া আকাশৰ ছাঁ সোৱণশিৰী নৈত পৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে। সোৱণশিৰী নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে। ৰিপ্ ৰিপ্ সুৰে আই সোৱণশিৰী বব লাগিছে। ইফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে। দুই এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে। এনেই সোৱণশিৰী নৈখন বহল। দুয়ো কাষে সবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ। মুঠতে পাঁচ মাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য; তাতে সন্ধিয়া কালত মৃদু-মন্দ বতাহ। সিফালে পূবৰ ফালৰ পৰা বেলি নৌ মাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে। সোৱণশিৰী নৈ খনে কেনে যে চিকোণ দৃশ্য এটি ধৰিছে