মিৰি-জীয়ৰী/ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
ভূঁইতলিত আৰু ঘৰত
পিছদিনা ৰাতি পুৱাল। সেইদৰে যথা সময়ত পানেয়ে আকৌ ভূঁই ৰাখিবলৈ গল। জঙ্কিয়ে আগৰ দিনৰ কথা অনুসৰি আকৌ তামে্ন গামৰ চুকলৈ বুলি সৰু নাও এখনি লৈ ওলাল। যাওঁতে বাটতে পানেইৰ ভূঁই; পানেয়েনো কেলেই মাতিছিল এই কথাকে শুনি যাওঁ বুলি নাও ভূঁই থকা গড়াত লগাই থৈ জঙ্কি ওপৰলৈ উঠি গৈ পানেইক লগ ধৰিলে। উভয়ৰে কপাল ভাল। ওচৰত মানুহ-দুনুহ নাছিল। সেই দেখি দুয়ো মনৰ হেঁপাহেৰে কথা-বতৰা পাতিবলৈ সুবিধা পালে।
পানেই—জঙ্কি। তই আৰু গুচি যাবিগৈ নহয়?
জঙ্কি—এৰা যামগৈ পানেই। কমুদে মোক ভাল নোপোৱাত পৰিছে। তাৰ ঘৰতে থাকোঁ দেখি সি মোক বেয়া মাতেৰে মাতি মনত দুখ দিয়ে।
পানেই—জঙ্কি! তই আৰু ইয়ালৈ নাহ?
জঙ্কি—মাজে মাজে আহি থাকিম। তোৰ বুজ লই থাকিম।
পানেই—এৰা আহিবি। তই গুচি গলে মোৰ মনটো শুদা শুদা লাগিব। [ ৪৭ ] জঙ্কি—মইও শুদা মনেৰেহে থাকিব লাগিব কি কৰিম। বিধাতাই আমাৰ কপালত সুখ লেখা নাই হবলৈ।
পানেই—জঙ্কি তোৰ টকা-সিকা হৈছেনে?
জঙ্কি—মুঠেই দুকুৰি টকা গোটাইছোঁ! আৰু দুকুৰিমান ছমাহমানৰ মূৰতহে গোটাব পাৰিম। তাৰ পাছত আহি তোৰ বাপেৰে সৈতে কোৱা-মেলা কৰিম।
পানেই—জঙ্কি! তই এটা কথা শুনা নাইনে?
জঙ্কি—কি কথা পানেই? কচোন।
পানেই—আই-বোপায়ে মোক কমুদলৈ দিবলৈ মনে মনে আলচিছে।
জঙ্কি—দিলে জানো তই যাবি?
পানেই—কেতিয়াও নাযাওঁ। আমাৰ মিৰি কনেঙৰ কেতিয়াবা কথা লৰে নে?
জঙ্কি—তেন্তেনো কি কৰিবি?
পানেই—কই-মিলি আই-বোপাইক মোৰ ফালে ঘূৰাম।
জঙ্কি-যদি ঘোৰ নাখায়।
পানেই—সেইটো পিছ কথা। তই কিন্তু সদায় মোৰ বতৰা লৈ থাকিবি দেই। কেতিয়া কি হয় বুজ লৈ থাকিবি। নহলে তই নথকাত মোক যদি বল কৰি দিয়ে, তেন্তে মই বিহ খায়ে মৰিম।
জঙ্কি—বাৰু পানেই। মই সদায় তোৰ বুজ লম। আৰু মই নিজৰ জীৱনটোও তোৰ নিমিত্তে এৰি দিবলৈ ৰাজি আছোঁ। আৰু কিজানি পানেই তোক ঘৰত মাত লগাব নাপাওঁ—সেইদেখি ইয়াতে বিদায় ললোঁ। যাওঁ দেই।
পানেই—যাগৈ যা। [ ৪৮ ] এই কথা-বতৰা হৈ দুয়ো আঁতৰা-আঁতৰি হল। শোকৰ আবেগত দুইৰো চকু চলচলীয়া পৰিল। পাছত লাহেকৈ জঙ্কিয়ে নাৱত উঠিলগৈ। আৰু নিজৰ উদ্দেশ্যলৈ লক্ষ্য ৰাখি তামেন্ গামৰ চুকলৈ বুলি নাও বাবলৈ ধৰিলে। কিছুমান পৰ গৈয়েই জঙ্কিয়ে দীঘল সুৰেৰে আই সোৱণশিৰীৰ বুকুত বৰ বেথা লগা মাতে গাবলৈ ধৰিলে:—
বতিয়াই যামকৈ মোৰে দন কনেঙ্ ঐ
কেতিয়ানো আয়িমে গুৰি
পৰমে কম্পালে যদি তাকোঁ বালে—
তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী
তিনি দিনত আয়িমে গুৰি।
লাহে লাহে পানেই ৰ চকুৰ আগৰ পৰা নাওখন নেদেখাত পৰিল। শূন্য মনে কলামুখে পানেয়ে আকাশলৈ চাবলৈ ধৰিলে। আৰু আকৌ এধাৰ চকুলো টুকি নিজৰ কাৰ্যত মন দিলে। এইদৰে দিনটো ভূঁই ৰখি গধূলি হলত, পানেয়ে আকৌ নিয়মিত ৰূপে ঘৰলৈ উভতি গল। তাত গৈ দেখে যে মাক-বাপেকে চাঙঘৰৰ মূখত বহি আছে। তেওঁৰ কাষতে কমুদৰ বাপেক নমে্ন গাম দুখন ভাৰে সৈতে বহি মাক-বাপেকৰ সৈতে কথা-বতৰা পাতিছে। মোৰ আজলী মিৰি-জীয়ৰীয়ে বুজিব পাৰিলে তাইৰ কপাল শুদা। কি কৰিব চকুৰ লো টুকি শুলে। সাজ লাগি যোৱাৰ পিছত নমে্ন গাম গুচি গলগৈ। তামেদ আৰু নিৰমাই ভিতৰলৈ সোমাই গৈ দুয়ো জুইৰ কাষত বহিল। নিৰমায়ে পানেইক মাতিলে—"পানেই। এই সাজতে তোৰ [ ৪৯ ] টোপনি লাগিল নেকি? উঠি আহচোন।’’ থোত-মোতকৈ পানেই উঠি আহি জুইৰ কাষত বহিল। তেতিয়া মাকে পানেইক কলে, “বাছা, তই বুজিব পাৰিছনে? তই কমুদলৈ যাব লাগিব। আজি তাৰ বাপেকে ভাৰ পেলালে।’’
পানেই—আই,মই কালৈকো নাযাওঁ। ঘৰত সদায় থাকিম।
নিৰমা—মুখতহে কৈছ। বাৰু বাছা; কমুদ ভাল নহয়নে?
পানেই—আই, মই একো কব নোৱাৰোঁ।
নিৰমা—ইহ্ হয়। তই কব নোৱাৰ? সি এটা গামৰ লৰা; তাৰ ধন-বিতো বহুত আছে। তই তাৰ ঘৰলৈ গলে বৰ সুখেৰে থাকিবি।
পানেই—আই, ধন-বিতেই তহঁতৰ দৰা ভাল বেয়াৰ চিন হলনে?
নিৰমা—নহবনো কেলেই? আজিকালি এটায়ে সুখীয়াত পৰিলেহে সুখ পায়।
পানেই—মই সইতে কৈছোঁ-মই কমুদলৈ নাযাওঁ।
নিৰমা—তেন্তেনো তই কালৈ যাবি?
পানেই—মই কালৈকো নাযাওঁ।
নিৰমা—তই কমুদলৈকেহে যাব লাগিব।
পানেই—মই তালৈ নাযাওঁ।
নিৰমা—তেন্তেনো তই কালৈ যাবি?
পানেই—মই ঘৰতে থাকিম।
পানেইৰ এনেবিলাক কথাত মাকৰ মনত সন্দেহ হল। বুঢ়া তামেদৰ খং উঠিল। সি কবলৈ ধৰিলে:— “নিৰমা মনে মনে থাক। তাইৰ সুখেই সুখ হব।’’ [ ৫০ ] পানেই—বোপাই! মোক খঙ্ কৰিছ কেলেই?
তামেদ—তইনো কেলেই জীয়ৰী হৈ আমাৰ বাপেৰ-মাৰৰ কথা নুশুনাত পৰিছ?
পানেই—মইনো কি কথা শুনা নাই?
তামেদ—মনে মনে থাক। কমুদলৈ তই যাব লাগিব।
পানেয়ে এই কথাৰ কোনো উত্তৰ দিবলৈ নাপালে। বুঢ়া তামেদৰ খঙে চাং দপদোপাব ধৰিলে। হৃদয়ৰ অভ্যন্তৰে সৈতে পানেয়ে কান্ধি শুই থাকিল।
এই ঘটনাৰ ছয়-সাত দিনমানৰ মূৰতে কমুদ ডেকা সাজি কাচি জোঁৱাই খাটিব আহিল। আৰু দস্তুৰমতে ক্ৰিয়া-কলাপ কৰি সেইদিনাৰে পৰা বুঢ়া তামেদৰ ঘৰত জোঁৱাই চাপিল।