য়াতিয়ে যে পানী কায় ওলাকে ওলোকি
ময়ে যে পানী কায় কালত—
আমিও যে কনেঙ ঐ
কালৈকো যে নেযাওঁ ঐ
য়দায় যে তাকিম গৰত।
পানেয়ে নাম গোৱা শেষ হল। ৰকমীয়ে মাত লগালে—“হয় পানেই—তই কাইলৈকে গুচি যাবিগৈ, তেতিয়া আমাক পাহৰিবি হবলা। তোৰ মুখৰ কথা মুখতেই থাকিল।’’
পানেয়ে ৰকমীৰ এই কথাৰ উত্তৰ দিবলৈ নৌ-পাওঁতেই দূৰৈত আৰু এখন নাৱত স্পষ্ট মতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনী গাভৰুৱে কাণ পাতি শুনিব ধৰিলে।
"উজায় যাৱেঁগৈ মোৰে দন কনেঙা—
কেই দিনত আয়িমে গুৰি—
পৰমে কম্পালে যদি তাকো বালে—
তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী—
তিনি দিনত আয়িমে গুৰি।"
কোনে এই নাম গালে। এই বিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰত আন্দোলন হব ধৰিলে। কাৰ মাত এনেকুৱা! এই কথা এটায়ে ভাবিব ধৰিলে। কিন্তু পানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে। প্ৰণয়িনীয়ে প্ৰণয় তড়িৎ-শক্তিৰ বলত বুজিব পাৰিলে এই মাত আন কাৰো নহয়— তাইৰ হৃদয়ৰ ধন চকুৰ মণি-জঙ্কিৰ; তাই হাঁহি হাঁহি সি চাৰিজনী ছোৱালীক কলে—“তহঁতে বুজা