মিৰি-জীয়ৰী/তৃতীয় অধ্যায় - মিৰি গাঁৱত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ১৮ ]
তৃতীয় অধ্যায়


মিৰি গাঁৱত

"The bashful virgin's side-long looks of love—
The matrons' glance that would those looks reprove—
These were the charms, sweet village! Sports like these
with sweet succession—taught even toil to please.
        Goldsmith

 আমি আগৰ অধ্যায়ত বিৱৰণ দিয়া ঘটনাবিলাক হৈ যাবৰ ছমাহ হ’ল। আজি কাতি মাহৰ সাদিন যায়। সোৱণশিৰীৰ পাৰত থকা মিৰিগাঁৱত ৰাতি পুৱাইছে মাথোন। মিৰিগাঁৱত বৰ ধুমধাম। ডেকা-গাভৰুৱে চিকুণ চিকুণ কানি-কাপোৰ পিন্ধি ঘৰে ঘৰে হাতত খৰাহি লৈ চাউল, লোণ, তেল, মাহ তুলিছে। ঘৰে ঘৰে পাত, কাঁহি ইত্যাদি গোটাইছে। সিফালে বাৰটা মান মানুহে ছটামান গাহৰি (ক) ভাৰ কৰি আনিছে। দুটা মানুহে এটা বৰ ডাঙৰ খাঙত প্ৰায় দুকুৰিমান কুকুৰা চৰা (খ) ভাৰ কৰি নিছে। ডাঙৰ ডাঙৰ টৌ, ঘটী, বাটি ঘৰে ঘৰে বুঢ়ী মাইকীবিলাকে উলিয়াই দিছে। আনন্দ উলাহতে ডেকা-গাভৰুৱে হতা-হাতি কৰি নিছে।


 (ক-খ)এইবিলাক বস্তু বহাগৰ বিহুত উঠা ধনেৰে কিনি আনে।


[ ১৯ ]
 

 কাচি ৰ’দ প্ৰায়ে পূৰঠ হ’ল। সকলো মাল-বস্তু “মৰঙ ঘৰত” (গ) চাপিলগৈ। লাহে লাহে গাঁৱৰ বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলো মৰঙ ঘৰলৈ লৰ ধৰিলে। এটাইবিলাক মানুহ মৰঙ ঘৰত উঠিলগৈ আৰু দিহাদিহি বহিল। এই বুঢ়া মিৰিহঁতৰ অধিকাংশই ৰাতি সেৱাৰ ভকত (ঘ)। পকা ভকতসকলে কেঁচা ভকতসকলৰ পৰা সুকীয়া আসন ললে। তেওঁবিলাকৰ শৰীৰৰ পৰা অলপ আঁতৰি তেওঁবিলাকৰ সাধুৱে এখন বেলেগ আসন গ্ৰহণ কৰিলে। ইফালে দেওধাইকে (ঙ) প্ৰমুখ্য কৰি কেঁচা পন্থৰসকল বেলেগ এশাৰী হৈ বহিল। এইদৰে সকলোৱে দিহাদিহি বহা


 (গ) মৰঙ্‌ ঘৰঃ এইটি মিৰিহঁতৰ ৰাজহুৱা ধৰ্ম্ম ঘৰ। প্ৰায় সকলো মিৰিয়েই চাঙ ঘৰত বাস কৰে। সিহঁতৰ মৰঙ ঘৰতো চাঙ আছে।

 (ঘ) অসমত ৰাতি সেৱা বুলি এবিধ ধৰ্ম্ম আছে। ই বৰ গুপুত ধৰ্ম্ম। এই সম্প্ৰদায়ৰ মানুহবিলাকক “পকাভকত” বোলে। ইয়াত সকলো জাতিৰে মানুহ আছে। ধৰ্ম্মটোনো কি এতিয়াও কোনেও উলিয়াব পৰা নাই। ৰাতিয়েই সেৱা বহে—ৰাতিয়েই ভাঙে। ইয়াত কেবাটাও বেলেগ বেলেগ ক্ৰিয়া থকা বুলি আমি শুনিছোঁ। গোপীধৰা, নগাকীৰ্ত্তন, ফুলকীৰ্ত্তন, দিগম্বৰী ইত্যাদি ক্ৰিয়াৰ নাম শুনিবলৈ পাইছোঁ। কিন্তু এই ক্ৰিয়াবিলাকত নো কি কৰে বাস্তবিকে আজিলৈকে এই কথা কোনেও উলিয়াব পৰা নাই। সকলো দেশতে এনেকুৱা একোটি “গুপ্তধৰ্ম” আছে বুলি শুনো। শ্বিলং জৈন্তিয়াত “কিশোৰি ভজন” নামেৰে এটা গুপ্তধৰ্মৰ কথা শুনিছোঁ। পচিমৰ সভ্য জগততো ইউৰোপীয়ৰ মাজতো ‘লজ বা ফ্ৰিমশ্যন’ নামেৰে এটা ক্ৰিয়া আছে। আজি ২০০০ বছৰেও এই ক্ৰিয়াৰ মূল কথা কি কোনেও উলিয়াব পৰা নাই। যি মানুহে জানিবৰ অভিপ্ৰায়ে এনেবিলাক দলত ভুক্ত হয় তেওঁ যদি হাজাৰ বিদ্বান বা ধনী-মানী মানুহ হয় তথাচ এবাৰ দীক্ষিত হলে আৰু অদীক্ষিত মানুহক আনকি নিজৰ লৰা-তিৰোতাকো নকয়। কিয় নকয়, কিয় ধৰ্মৰ বা জ্ঞানৰ পোহৰ সংসাৰত এটায়ে জানিব পৰাকৈ প্ৰচাৰ নকৰে ইয়াৰ একোকে বুজিব নোৱাৰি।

 (ঙ) মিৰিহঁতে সিহঁতৰ পুৰোহিতক দেওধাই বা মিবুঁয়া বোলে। ডালটন আৰু হণ্টাৰ প্ৰভৃতি ইংৰাজ লেখকৰ পুথিবিলাকত দেওধাইনো কি আৰু কেনেকৈ হয় ইয়াৰ আচৰিত বিৱৰণ আছে। যিজন মানুহে দেওধাই হব তাৰ সৰুৰে পৰা


[ ২০ ]
 

হ'লত পকা ভকতসকলে তেওঁবিলাকৰ সাধুৰ চকুলৈ চালে। সাধুৱে তেতিয়া “ওঁ’’ এই শব্দটি উচ্চাৰণ কৰিলে। তত্ক্ষণাত পাঁচোটা কুকুৰা, দুটা গাহৰি ধুৱাই-পখলাই আনি ভকতৰ মাজত পেলালে। লগে লগে ৰান্ধোনৰ আন আন দ্ৰব্যবিলাকো ডেকা-গাভৰুৱে আনি ভকতৰ মাজত থাপিলে। থপা হলত সাধু পুৰুষজনে দুবাৰমান ইফালে-সিফালে চাই আকৌ “ওঁ’’ উচ্চাৰণ কৰিলে; তেতিয়া মৰঙত থকা সকলো ডেকা-গাভৰুৱে শাৰী পাতি ভকতৰ আগত আঁঠু লৈ পৰিল। তেতিয়া ভকতজনে শ্ৰীগুৰু শঙ্কৰ-মাধৱৰ নাম স্মৰি ডেকা-গাভৰুক আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে।

 "বোলা তোৰা সকলে শ্ৰীগুৰুৰ চৰণক চিন্তি তেওঁ যেন আমাৰ এই ডেকা-গাভৰুহঁতক আকৌ আহে বছৰলৈ তেওঁৰ চৰণত এনেকৈ সেৱা কৰিবলৈ শক্তি দিয়ে। এইবিলাক যেন ভালে-কুশলে থাকে, এটাইৰে মনত যেন সদায় ৰং-ধেমালি থাকে। আহে বছৰলৈ যেন খেতি-বাতি বাৰু হয়। মেঘে আৰু বিজুলীয়ে যেন অইনায় নকৰে। শ্ৰীগুৰুৰ চৰণে যে আমাক শীতলে ৰাখে—অ' ৰাম, অ' হৰি।"

 এইদৰে আশীৰ্ব্বাদ দিয়া শেষ হল। ডেকা-গাভৰু উঠিল। তেতিয়া অনুমতি লৈ ৰান্ধনি উঠিল। সাজ ৰান্ধিবলৈ ধৰিলে। ইফালে ভকতসকলে বাটিয়ে বাটিয়ে অমৃত পান কৰিবলৈ ধৰিলে। ভকতসকলে নিজে বাটি ধৰিব নোৱাৰে। একোজন ভকতনীয়ে


এটা বেলেগ চিন আছে। বয়সীয়াল আৰু উপযোগী হ'লে দেওবিলাকে তেওঁবিলাকৰ অনুগ্ৰহৰ ভাজন হৈ মানহটিক প্ৰথমেই এবাৰ লম্ভে। সি হাবিলৈ পলাই গুচি যায়। তাতে হেনো জকে। তাৰ পাচত দেৱতা সকলে সৈতে সাক্ষাৎ দেখা-দেখি হৈ ঘৰলৈ উভতি আহে। সেইদিনাৰ পৰা তেওঁ দেওধাই বা মিবুঁয়া নাম পায়।


[ ২১ ]
 

তোৰাসকলক অমৃত পান কৰাই দিব লাগে। তেহে তেৰাসৰলৰ অমৃত পান হয়। এইদৰে অমৃতৰ শৰাধ শেষ হল। ভকতীয়া চিয়াৰ পাল পৰিল। সাধুৱে লগাই দিলে—

“মৰা নদীৰ পাৰ প্ৰভু জীৱই (চ) আছে ৰৈ ঐ
জীৱই আছে ৰৈ,

দেখা দেখা বন্ধু সৱ মোৰ ভেলৰ বিলৈ ঐ ভেলৰ বিলৈ
কাউৰী-শগুণি-শৃগাল মহাদানী ঐ—শৃগাল মহাদানী,
শগুণিয়ে দোকান দিয়ে মাংস খায় টানি ঐ
মাংস খায় টানি।’’

 এইদৰে চিয়া গোৱা শেষ হল। সিফালে ৰান্ধোন-বাঢ়োন চলিল। পকা ভকতসকলে আশীৰ্বাদ দিয়া ডেকা-গাভৰুসকলৰ ভিতৰত আমি দ্বিতীয় অধ্যায়ত উনুকিওৱা “জঙ্কি আৰু পানেয়ো’’ আছিল। কব নোৱাৰো কিৰ শক্তিতনো সিহঁত দুইও আশীৰ্ব্বাদ লওঁতেও লগালগি হৈহে আঁঠু লবলৈ পাৰিলে। আমি দুয়োটাৰ ভিতৰত ইটো সিটোৱে কথা-বতৰা পতা মুঠেই নেদেখিলোঁ। তথাপি কি শক্তিৰ বলতনো এনেকুৱা এটা মহৎ ক্ৰিয়াতো ইহঁত দুইও একেলগে বৰ মাগিব পালে তাক আমি এতিয়াও তত ধৰিব নোৱাৰিলোঁ। যি কি নহওক যথা সময়ত সাজ তৈয়াৰ হল। সমস্ত “দিহ’’ তেনেই চৰুৱে হাড়ীয়ে আনি ভকতসকলৰ মাজত পেলালে। বাঢ়নী উঠিল। সাজ বাঁটি দিবলৈ ধৰিলে। গোটেই বিলাক বুঢ়া-বুঢী, পকা ভকত,


 (চ) এইটি ভকতীয়া পন্থৰ দেহ-বিচাৰ গীত। [ ২২ ]
 

কেঁচা ভকতে আনন্দ মনেৰে সাজ লব ধৰিলে। ডেকা-গাভৰুবিলাক নবহিল। ইবিলাকে সাজ লওঁতে সিহঁতে আঁঠু লৈ থাকিল।

 এইদৰে ভকতীয়া ক্ৰিয়াৰ সমাপ্তি হ’ল। আশীৰ্ব্বাদ কৰি কৰি বেলি এটা মান বজাত পকা ভকত-ভকতনীসকল ঘৰা-ঘৰি গ’ল। তেতিয়া হাঁহি-খিকিন্দালি, ৰং-ধেমালি কৰি কৰি ডেকা-গাভৰুবিলাকে ভকতৰ অৱশিষ্ট লব ধৰিলে। ডেকাসকল এশাৰী হ’ল। গাভৰুহঁতে এশাৰী হৈ খাব ধৰিলে; কিন্তু কি আচৰিত কথা! খাবৰ পৰতো পানেই-জঙ্কি দয়ো মুখা-মুখি হৈহে বহিব পাৰিলে। এইদৰে খাওঁতে-বওঁতে দিনটো গ’ল। ৰাতি হ’ল। ডেকা-গাভৰুবিলাকে কলহে কলহে মদ চালৰ পাছত ইমূৰৰ পৰা সিমূৰলৈ আৰিব ধৰিলে। তাৰ পাছত দেওধাই মহাপুৰুষে হাত-ভৰি ধুই মৰঙত উঠিল। ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক মাজত সুমাই ললে। তৎক্ষনাৎ দেওধায়ে লগাই দিলে:—

(ছ)
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’


 (ছ) এইবিলাক মিৰিসকলৰ জাতীয় কীৰ্ত্তনৰ নাম। ইয়াৰ অৰ্থ আমি কি যেই সেই মিৰিয়েও কব নোৱাৰে। দেওধাইসকলেহে জানে।


[ ২৩ ]
 

 নাম গোৱা হ’লতে ঢোলৰ কোব পৰিল। দেওধাইক মাজ কৰি ডেকা-গাভৰুবিলাকে কছাৰীৰ মাদল কোৱোৱা নাচৰ দৰে বা সাওঁতালৰ জুম নচাৰ দৰে ঢোলৰ শব্দত এটি নতুন নিয়মে ঘূৰি ঘূৰি নাচ পাতিলে। নাচ শেষ হ’ল। তেতিয়া আকৌ দেওধায়ে লগাই দিলে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

 আগৰ দৰে আকৌ নাচ চলিল, আকৌ গান হ’ল। আকৌ নাচ-গান শেষ হ’ল। তেতিয়া দেওধায়ে চাঙত ডাঙৰকৈ এহাতমান ওপৰলৈ এটা জাপ মাৰি লগাই দিলে:—

(জ)
“ঙক্কেৰূমনে-তাৰে লিকৰে”

 ডেকা-গাভৰুৱে গালে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”

 আকৌ দেওধায়ে জাঁপ মাৰি লগালে:—

(ঝ)
“কাংৰে বকায়গা”

 ডেকা-গাভৰুৱে গালে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”


 (জ) এই দুফাকি পদৰ অৰ্থ—“হে মোক স্ৰজোতা দেৱতাসকল তোমালোকে এটায়ে”।

 (ঝ) শিকাই দিয়া।


[ ২৪ ]
 

 এইদৰে দেওধাই ডেকা-গাভৰু এটাইৰে ভাগৰ লাগিল। এটাইবিলাকে উঠি চালৰ কামীত আঁৰি থোৱা অমৃত বাটিয়ে বাটিয়ে পান কৰিব ধৰিলে।

 অমৃত পান কৰা শেষ হ’ল। তেতিয়া আকৌ আগৰ দৰে সিহঁতে জুম পাতিলেগৈ। এইদৰে দেওধায়ে নতুন উৎসাহেৰে লগাই দিলে:—

(ঞ)

“দাদাম্ বনেঙ বনেঙ দাদিঙ
পেকামা কামদামা কলপি-কলপি
কামদাঙ নিতুঙা কলপি-কলপি

 তৎক্ষণাৎ ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:—

দাদাম্ বনেঙ বনেঙ দাদিঙ—
পেকামা কামদামা কলপি—কলপি
কামদাঙ নিতুঙা কলপি—কলপি”

 আকৌ ঢোল-খোল বাজিল। ডেকা-গাভৰুবিলাকে নাচিব ধৰিলে। লাওবাহি (ট) তাল ইত্যাদিৰ শব্দত গাঁওখন খলকি পৰিল। ৰাতিও বেছি হৈ আহিল। এইদৰে মিৰিৰ “চাঙদোপ” (ঠ) ক্ৰিয়া চলিব ধৰিলে। এই চাঙদোপ ক্ৰিয়াৰ লগে লগে মদ চলিব ধৰিলে। দেওধাইৰ গাত দেও চৰি আহিল। ক্ৰমে মিৰি দেৱতাৰ নামবিলাক আৰু দেওধাইৰ পদবিলাক আৰু গহীন হবলৈ ধৰিলে। ৰাতি পুৱাওঁ পুৱাও হ’ল। তৎক্ষণাৎ দেওধায়ে লগালে:—


 (ঞ) এই ফাকি “ঘোষা’’। ইয়াৰো অৰ্থ আমি নাপাওঁ।

 (ট) এইটি সাপমেলা অঘৰিহঁতৰ নিচিনা। মিৰিয়ে “নৰাছিগা’’ বিহুতহে এই বাঁহী বজায়।

 (ঠ) পদে, ঘোষায়, নচায়-বগায় সি সকল ক্ৰিয়া সেই গোটেইবিলাকক


[ ২৫ ]
 

(ড)
“পাঙ্কেয়া ৰেগৰেগে
পামিয়া ৰেগৰেগে’’

 এইবাৰ দেওধাইৰ গাত দেৱে সম্পূৰ্ণে লভিলে। ৰেগি ৰেগামৰ পৰা কাৰ্সিং কাৰ্টান নামি আহি দেওধাইক লাগ দিলে। দেওধাই তেতিয়া অচেতন হৈ পৰিল। ডেকা-গাভৰুৱে আঠু লৈ সুধিব ধৰিলে:—

 “হে প্ৰভু। কওকচোন আহে বছৰলৈ আমাৰ খেতি-বাতি বাৰু হবনে?’’

 দেওধাই—“হব’’।

 ডেকা-গাভৰু—“মেঘে বিজুলীয়ে আমাক একো অইনায় নকৰিবনে?’’

 দেওধাই—“মোক ভালকৈ পূজা দিলে একো হানি-বিঘিনিয়ে নাপাব।’’


“চাঙদোপ’’ বা “দেওদোপ’’ ক্ৰিয়া বোলে। মিৰি, নগা ইত্যাদি প্ৰায় সকলো পৰ্ব্বতীয়া জাতিৰে এনে একোটি ক্ৰিয়া আছে। ই এটা মঙল চোৱা প্ৰণালী। আমাৰ অসমীয়াৰ মাজত জকি উঠা নিয়মৰ দৰে।

 (ড) এই দুফাকিও ঘোষা। ইয়াৰো অৰ্থ কি আমি বুজিব নোৱাৰিলো— কিন্তু শুনাত শুনিছোঁ মিৰিৰ ধৰ্ম্ম-বিজ্ঞানত “ৰেগি ৰেগাম’’ নামেৰে এখন পৰ্ব্বত আছে। এই পৰ্ব্বততে সিহঁতৰ সকলোবিলাক দেও থাকে। ইহজন্মত সৎ ক্ৰিয়া কৰিলে মানুহ মৰি এই ৰেগি ৰেগাম্‌ পায়গৈ। হণ্টাৰ চাহাবৰ ষ্টেটিশটিকেল্‌ একাউণ্ট চোৱা:—“They have a region which is the abode of all their Gods and from whose bourne no traveller returns’’ দেওধায়ে ৰেগি ৰেগামৰ নাম লোৱাৰে পৰা এইটো অনুমান কৰিব পাৰি যে ৰেগি ৰেগামৰ পৰা “পাঙ্কেয়া” আৰু “পানেয়া” দেও আহি তাৰ গাত লম্ভিলে। সি এই ঘোষা দুফাকিৰে এনেটো কথা বুজালে।


[ ২৬ ]
 

 ডেকা–গাভৰু—“গাঁৱত পানী লগা জ্বৰ নৰিয়া নহবতো?”

 দেওধাই—“নহব। কিন্তু মোক ভালকৈ পূজা দিব লাগিব।”

 ডেকা-গাভৰু—“দিম বাৰু কওকচোন আমি সকলো ডেকা-গাভৰু ভালে থাকিম নে?”

 দেওধাই—(কিছুমান পৰ ৰই) “ওঁ থাকিবি কিন্তু এটা বেয়াও আছে।”

 ডেকা-গাভৰু—“কওকচোন প্ৰভু! বেয়াটোনো কি?” ডেকা-গাভৰুৰ এই প্ৰশ্নত দেওধাই ভালেমান পৰ মনে মনে খাকিল। অৱশেষত কিছুমান আইলাং বাইলাং বকিব ধৰিলে। ডেকা-গাভৰুৱে তাক বুজিব নোৱাৰিলে। এনেতে তাৰ গাৰ পৰা দেৱে এৰা দিলে। দেওধাই উঠি বহিল আৰু একোকে কব নোৱাৰাত পৰিল। (ঢ) এইদৰে চাঙ্‌দুপি ঠিকনা চোৱাৰ লগে লগে ৰাতি পুৱাল। তেতিয়া এটাইবিলাকে নৈত গা-পা ধুই আহি জুৰৰ পূজাৰ (ণ) আৰম্ভ কৰিলে। সেই পূজা কৰোঁতে কৰোঁতে বেলি দুপৰীয়া হ’ল। কাৰ্সিংকাৰ্টান, মত্তবে, চিনেক, দহমুখ, দঙকঙ, লৌজি-লেইতাঙ, মুগলীং-মিৰেমা, ইত্যাদি সকলো দেৱতাই মদ, গাহৰি, কুকুৰা ইত্যাদিৰ পূজা খাই স্বস্থানলৈ গুচি গ’ল। দেওধায়ে পূজাৰ অৱশিষ্ট খাই-বই উঠি ৰূপ পাঁচ টকা, কাপোৰ এযুৰি পাই ঘৰ পালেগৈ। আন আন বয়সিয়াল মিৰিবিলাক ঘৰাঘৰি গ’ল। কিন্তু ডেকা-গাভৰুৰ


 (ঢ) মতা আৰু মাইকী তৰাৰ দেৱতা।

 (ণ) এইটি মিৰি জাতিৰ ৰাজহুৱা সবাহ। গোটেইখন গাঁৱে লগ লাগি ধন-বিত তুলি কৰে। এই পূজা নৰাছিগা বিহু উপলক্ষে আৰু কেতিয়াবা কেতিয়াবা গাঁৱত বসন্ত আৰু মহামাৰী হ’লে কৰে। ইয়াতো স্বভাৱৰ প্ৰধান প্ৰধান দেৱতাবিলাকক মদ, গাহৰি, কুকুৰা দি পূজে।


[ ২৭ ]
 

বিহু নাভাঙিল। বেলি ভাটী দিলে। ডেকা-গাভৰুৱে মৰঙৰ আগতে আনন্দেৰে বিহু পাতি তোলপাৰ লগালে। জুমে জুমে নাচ চলিল; যি যি জাকলৈ যাবলৈ ভাল পালে সি সেই জাকলৈকে গ’ল। পানেই আৰু জঙ্কি দুইও একে জাকতে থাকিল, এৰা-এৰি নকৰিলে। এইবাৰ পোনেই জঙ্কিয়ে বিহু লগাই দিলে:—

“চতে যাই যাই বয়াগে পালেয়ি—
পুলিলে বেবেলি লতা।
কইনো তাকে মানে ওৰকৈ নপৰে—
সৰুটি লেদেঙৰ কতা॥”

 জঙ্কিৰ গোৱা শেষ হল। ঢোল বাজিল। পানেইকে প্ৰমুখ্য কৰি গাভৰুহঁতে নাচিব ধৰিলে। নাচ শেষ হল-এইবাৰ পানেয়ে লগালে:—

“চৰাই মনেমতি শুয়ুৰি মাৰিলে—
কোটায়ি বেঙেনাৰ তলত।
কিনো দায়ে জগৰ লগালো চেনেঙ ঐ
নামাতে গদুলি পুৱা।”

 আকৌ এজাকত এজন ডেকায়ে লগালে:—

“কাকিনী তামোলত কুপৌ বায়েঁ ললে—
পৰে যেন পৰে যেন দেকোঁ।
সৰুটি মনেমা নৰিয়া পৰিলে—
মৰে যেন মৰে যেন দেকোঁ॥”

[ ২৮ ]  ইয়াৰ পাছতে এজনী গাভৰুৱে লগালে:—
১০

“চাপৰি চাপৰি মই তোলো বাবৰি—
আৰাম (ত) বিৰিকৰে কৰি।
যাকে চাই পুৰো তাকে যে নেদেকোঁ
কিনো জুয়ে লগা চকু।”

 এনেকুৱাবিলাক নৃত্য-গীত চলিল। নৃত্যৰো ওৰ নপৰে; গীতৰো ওৰ নপৰে। এনেয়ে মিৰি ডেকা-গাভৰু সদায় ৰঙিয়াল। এতিয়া আকৌ তাতে অমৃত ৰসে সিহঁতক উত্ৰাৱল কৰি তুলিছে।

 এইদৰে নাচি থাকোতে জঙ্কিয়ে ছেগ চাই এবাৰ পানেইক অকলৈ লগ পাই কলে:— “পানেই, মোক এবাৰ এঠাইত দেখা দিব পাৰিবিনে ? মোৰ তোৰে সৈতে চাৰি আষাৰমান কথা কবলগীয়া আছে।” জঙ্কিৰ এই কথাত পানেয়ে ক’লে:— “বাৰু এতিয়া আমি থাকো, ছেগ চাই মই সোৱণশিৰীৰ বালিলৈ যাম। তইও তালৈকে যাবি; কি কথা কবলৈ খুজিছ কবি।” পানেই আৰু জঙ্কিৰ মাজত মুহূৰ্তৰ ভিতৰতে কথা-বতৰা পতা হ’ল, কোনোৱে তত ধৰিব নোৱাৰিলে। নাচ-বাগ ৰাতিও চলিব ধৰিলে। আকৌ ডেকা-গাভৰুৰ খাবৰ সময় হল। তেতিয়া পানেয়ে নিজৰ কথামতে এটা চল


 (ত) আৰাম বিৰিকৰে—হাৰাম বিৰিখৰে। লক্ষীমপুৰ চহৰৰ মিৰিহঁতে সাধাৰণতঃ বৰ বৰ হাবি ভাঙি আহু, সৰিয়হ ভূঁই কৰে; সেই মাটিত তিনি চাৰি বছৰেকলৈ ভাল খেতি হয়। তাৰ পাছত মাটি বেয়া হৈ পৰে। খেতি নহয়। তেতিয়া সিহঁতে সেই ভূঁই এৰি পেলায়। এনেকুৱা এৰা ভূঁইক মিৰিহঁতে “হাৰাম” বোলে। হাৰামত গজা গছ সাধাৰণতঃ কোমল। শুকাই জুই ধৰিবলৈকো ভাল।


[ ২৯ ]
 

দেখুৱাই সোৱণশিৰীৰ বালিলৈ অকলৈ অকলৈ গ’ল। জঙ্কিয়েও “মই ঘৰৰ পৰা আহো” বুলি ঘৰলৈ মুখ কৰি গ’ল হয়, কিন্তু প্ৰকৃততে ঘৰলৈ নগৈ সোৱণশিৰীৰ বালি পালেগৈ; চকুৰ নিমিষতে তড়িতৰ বলতেনে কি পানেইৰ ওচৰ চাপিল। তাৰ পাছত কব ধৰিলে।

 “পানেই”—

 পানেই—“জঙ্কি!”

 জঙ্কি—“তই আহিছ”

 পানেই—“আহিছো জঙ্কি”

 জঙ্কি—“তোক এটা কথা সুধিবলৈ মন কৰিছো”

 পানেই—“কি কথা জঙ্কি সোধ”

 জঙ্কি—“কচোন পানেই তই মোক ভাল পাৱনে?”

 পানেই—(হাঁহি হাঁহি) “কেলেইনো লাগিছে তোক এই কথা জঙ্কি।”

 জঙ্কি—“পানেই তই বেজাৰ পালিনেকি? তেন্তে একোকে নোসোধো।”

 পানেই—(আকৌ হাহি হাহি) “সোধ। নোসোধনো কেলই—”

 জঙ্কি—“তেন্তে কচোন—তই মোক মৰম কৰনে?”

 পানেই—“মই কব নোৱাৰোঁ।”

 জঙ্কি—“মই বুজিলো পানেই! তই মোক ভাল নাপাৱ। নহলেনো আজিৰ নাচত তই মাজে মাজে কমুদৰ ফালে কেলেই বাৰে বাৰে চাইছিলি?”

 পানেই—“এ আয়! তই কি কথাবিলাক কৱচোন!”

 জঙ্কি—“এৰা পানেই মই বৰিহাকৈ বুজিছোঁ। তই কমুদকহে [ ৩০ ] ভাল পাৱ। তাহানি সৰুৰে পৰা দুয়ো যে একেলগে ভূঁই ৰখিছিলোঁ, ভালুক ওলাওঁতে যে একেলগে লৰ মাৰিছিলোঁ, নাৱত উঠি যে নাম গাইছিলোঁ, তাৰ পাছত যে দুয়ো অনেক ঠাইত একেলগে হাতত ধৰাধৰি কৰি ফুৰিছিলোঁ; তই সকলোকে পাহৰিলি হবলা পানেই। মই হলে পাহৰা নাই। তোৰ আশাতহে ইমান দিন জীয়াই আছো। পানেই! এতিয়া তই যদি মোক ভাল নাপাওঁ বুলি কৱ তেন্তে আৰু মোৰ থাকিবলৈ ঠাই নাই। পানেই! মোৰ আই-বোপাই সৰুতে মৰিল। ল’ৰাকালৰে পৰা তোৰে লগত ডাঙ্গৰ হলু। তোকেহে মই আপোন বুলি জানিছিলো। পানেই তইও এতিয়া মোক ভাল নোপোৱাত পৰিলি।”

 পানেয়ে জঙ্কিৰ এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। মোৰ আজলী মিৰি-জীয়ৰীৰ মৰমত বেথা লাগিল। তাই এতেদিনে অতি যতন কৰি যে জানৰ মুখটি বান্ধি থৈছিল আজি জঙ্কিৰ বাক্যৰূপ কোৰৰ চাবত তাই হৃদয়ৰ সেই জানৰ মুখটি মুকলি হ’ল। খুন্দা খাই থকা নৈটি ববলৈ ধৰিলে। আজলী পানেইৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাল। তাই কথা কব নোৱৰাত পৰিল।

 তেতিয়াই জঙ্কিয়ে তাইক সাৱোট মাৰি ধৰি তাইৰ চকুৰ পানী মচি দিলে। পানেয়ে তাৰ পাছত ক’লে—

 “জঙ্কি, তোক মই ভাল পাওঁ; তোক মই মৰম কৰোঁ; সদায় তোক চকুৰ আগত দেখি থাকোঁ। তই আজি মিছাই মোক কমুদলৈ চোৱা কথাটো ধৰিলি।” জঙ্কি—“পানেই, মোৰ দোষ খেম। বেজাৰ নকিৰিবি! লাহৰী ঐ। এই জনম থাকে মানে মইও তোকে ভাল পাম। পানেই তই নেৰিবি। কচোন, তই মোত বিয়া সোমাবিনে?”

 পানেই—“আয়ে-বোপায়ে দিলে তোলৈ যামতো!”

 জঙ্কি—“মাৰ বাপেৰে কিজানি তোক মোলৈ নিদিয়ে। মোৰ [ ৩১ ] কেৱে নাই। হাতত টকা-কড়িও নাই।” পানেই— “জঙ্কি দুখ কৰিলে তোৰ টকা হ’ব। তই দুঃখ কৰি কেটামান টকা গোটাবলৈ দিহা কৰ। যেতিয়ালৈকে তই টকা গোটাই আই-বোপাইক দি মোক নিনিয় মানে মইও কালৈকো নাযাওঁ। মই তোলৈকে যাম। আজি এই সোৱণশিৰীৰ বালিত থিয় হৈ কাৰ্চিং কাৰ্টানক সাখী কৰিলোঁ।”

 জঙ্কি—“পানেই, তই আজি মোৰ গাত নতুন বল দিলি। যাওঁ দেই পানেই-মই আৰু আজিৰে পৰা বৰ দুখ কৰিও টকা-শিকা গোটাই তোক নিম। তোক নাপালে মই এই জীৱনটোক নাৰাখোঁ।”

 এই কথা-বতৰা হোৱাৰ পাছতো দুয়ো দুফাললৈ গুচি গ’ল। আকৌ মৰঙ ঘৰত বিহুত যোগ দিলেগৈ। এইবাৰ পালেই আৰু জঙ্কি দুয়ো বেছি উৎসাহেৰে সৈতে নাচিব ধৰিলে। এইদৰে দুই দিনৰ পাছত বিহু ভাঙিল।

⸺⸺