এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিহু নাভাঙিল। বেলি ভাটী দিলে। ডেকা-গাভৰুৱে মৰঙৰ আগতে আনন্দেৰে বিহু পাতি তোলপাৰ লগালে। জুমে জুমে নাচ চলিল; যি যি জাকলৈ যাবলৈ ভাল পালে সি সেই জাকলৈকে গ’ল। পানেই আৰু জঙ্কি দুইও একে জাকতে থাকিল, এৰা-এৰি নকৰিলে। এইবাৰ পোনেই জঙ্কিয়ে বিহু লগাই দিলে:—
“চতে যাই যাই বয়াগে পালেয়ি—
পুলিলে বেবেলি লতা।
কইনো তাকে মানে ওৰকৈ নপৰে—
সৰুটি লেদেঙৰ কতা॥”
জঙ্কিৰ গোৱা শেষ হল। ঢোল বাজিল। পানেইকে প্ৰমুখ্য কৰি গাভৰুহঁতে নাচিব ধৰিলে। নাচ শেষ হল-এইবাৰ পানেয়ে লগালে:—
“চৰাই মনেমতি শুয়ুৰি মাৰিলে—
কোটায়ি বেঙেনাৰ তলত।
কিনো দায়ে জগৰ লগালো চেনেঙ ঐ
নামাতে গদুলি পুৱা।”
আকৌ এজাকত এজন ডেকায়ে লগালে:—
“কাকিনী তামোলত কুপৌ বায়েঁ ললে—
পৰে যেন পৰে যেন দেকোঁ।
সৰুটি মনেমা নৰিয়া পৰিলে—
মৰে যেন মৰে যেন দেকোঁ॥”