পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 কাচি ৰ’দ প্ৰায়ে পূৰঠ হ’ল। সকলো মাল-বস্তু “মৰঙ ঘৰত” (গ) চাপিলগৈ। লাহে লাহে গাঁৱৰ বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলো মৰঙ ঘৰলৈ লৰ ধৰিলে। এটাইবিলাক মানুহ মৰঙ ঘৰত উঠিলগৈ আৰু দিহাদিহি বহিল। এই বুঢ়া মিৰিহঁতৰ অধিকাংশই ৰাতি সেৱাৰ ভকত (ঘ)। পকা ভকতসকলে কেঁচা ভকতসকলৰ পৰা সুকীয়া আসন ললে। তেওঁবিলাকৰ শৰীৰৰ পৰা অলপ আঁতৰি তেওঁবিলাকৰ সাধুৱে এখন বেলেগ আসন গ্ৰহণ কৰিলে। ইফালে দেওধাইকে (ঙ) প্ৰমুখ্য কৰি কেঁচা পন্থৰসকল বেলেগ এশাৰী হৈ বহিল। এইদৰে সকলোৱে দিহাদিহি বহা


 (গ) মৰঙ্‌ ঘৰঃ এইটি মিৰিহঁতৰ ৰাজহুৱা ধৰ্ম্ম ঘৰ। প্ৰায় সকলো মিৰিয়েই চাঙ ঘৰত বাস কৰে। সিহঁতৰ মৰঙ ঘৰতো চাঙ আছে।

 (ঘ) অসমত ৰাতি সেৱা বুলি এবিধ ধৰ্ম্ম আছে। ই বৰ গুপুত ধৰ্ম্ম। এই সম্প্ৰদায়ৰ মানুহবিলাকক “পকাভকত” বোলে। ইয়াত সকলো জাতিৰে মানুহ আছে। ধৰ্ম্মটোনো কি এতিয়াও কোনেও উলিয়াব পৰা নাই। ৰাতিয়েই সেৱা বহে—ৰাতিয়েই ভাঙে। ইয়াত কেবাটাও বেলেগ বেলেগ ক্ৰিয়া থকা বুলি আমি শুনিছোঁ। গোপীধৰা, নগাকীৰ্ত্তন, ফুলকীৰ্ত্তন, দিগম্বৰী ইত্যাদি ক্ৰিয়াৰ নাম শুনিবলৈ পাইছোঁ। কিন্তু এই ক্ৰিয়াবিলাকত নো কি কৰে বাস্তবিকে আজিলৈকে এই কথা কোনেও উলিয়াব পৰা নাই। সকলো দেশতে এনেকুৱা একোটি “গুপ্তধৰ্ম” আছে বুলি শুনো। শ্বিলং জৈন্তিয়াত “কিশোৰি ভজন” নামেৰে এটা গুপ্তধৰ্মৰ কথা শুনিছোঁ। পচিমৰ সভ্য জগততো ইউৰোপীয়ৰ মাজতো ‘লজ বা ফ্ৰিমশ্যন’ নামেৰে এটা ক্ৰিয়া আছে। আজি ২০০০ বছৰেও এই ক্ৰিয়াৰ মূল কথা কি কোনেও উলিয়াব পৰা নাই। যি মানুহে জানিবৰ অভিপ্ৰায়ে এনেবিলাক দলত ভুক্ত হয় তেওঁ যদি হাজাৰ বিদ্বান বা ধনী-মানী মানুহ হয় তথাচ এবাৰ দীক্ষিত হলে আৰু অদীক্ষিত মানুহক আনকি নিজৰ লৰা-তিৰোতাকো নকয়। কিয় নকয়, কিয় ধৰ্মৰ বা জ্ঞানৰ পোহৰ সংসাৰত এটায়ে জানিব পৰাকৈ প্ৰচাৰ নকৰে ইয়াৰ একোকে বুজিব নোৱাৰি।

 (ঙ) মিৰিহঁতে সিহঁতৰ পুৰোহিতক দেওধাই বা মিবুঁয়া বোলে। ডালটন আৰু হণ্টাৰ প্ৰভৃতি ইংৰাজ লেখকৰ পুথিবিলাকত দেওধাইনো কি আৰু কেনেকৈ হয় ইয়াৰ আচৰিত বিৱৰণ আছে। যিজন মানুহে দেওধাই হব তাৰ সৰুৰে পৰা