পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাল পাৱ। তাহানি সৰুৰে পৰা দুয়ো যে একেলগে ভূঁই ৰখিছিলোঁ, ভালুক ওলাওঁতে যে একেলগে লৰ মাৰিছিলোঁ, নাৱত উঠি যে নাম গাইছিলোঁ, তাৰ পাছত যে দুয়ো অনেক ঠাইত একেলগে হাতত ধৰাধৰি কৰি ফুৰিছিলোঁ; তই সকলোকে পাহৰিলি হবলা পানেই। মই হলে পাহৰা নাই। তোৰ আশাতহে ইমান দিন জীয়াই আছো। পানেই! এতিয়া তই যদি মোক ভাল নাপাওঁ বুলি কৱ তেন্তে আৰু মোৰ থাকিবলৈ ঠাই নাই। পানেই! মোৰ আই-বোপাই সৰুতে মৰিল। ল’ৰাকালৰে পৰা তোৰে লগত ডাঙ্গৰ হলু। তোকেহে মই আপোন বুলি জানিছিলো। পানেই তইও এতিয়া মোক ভাল নোপোৱাত পৰিলি।”

 পানেয়ে জঙ্কিৰ এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। মোৰ আজলী মিৰি-জীয়ৰীৰ মৰমত বেথা লাগিল। তাই এতেদিনে অতি যতন কৰি যে জানৰ মুখটি বান্ধি থৈছিল আজি জঙ্কিৰ বাক্যৰূপ কোৰৰ চাবত তাই হৃদয়ৰ সেই জানৰ মুখটি মুকলি হ’ল। খুন্দা খাই থকা নৈটি ববলৈ ধৰিলে। আজলী পানেইৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাল। তাই কথা কব নোৱৰাত পৰিল।

 তেতিয়াই জঙ্কিয়ে তাইক সাৱোট মাৰি ধৰি তাইৰ চকুৰ পানী মচি দিলে। পানেয়ে তাৰ পাছত ক’লে—

 “জঙ্কি, তোক মই ভাল পাওঁ; তোক মই মৰম কৰোঁ; সদায় তোক চকুৰ আগত দেখি থাকোঁ। তই আজি মিছাই মোক কমুদলৈ চোৱা কথাটো ধৰিলি।” জঙ্কি—“পানেই, মোৰ দোষ খেম। বেজাৰ নকিৰিবি! লাহৰী ঐ। এই জনম থাকে মানে মইও তোকে ভাল পাম। পানেই তই নেৰিবি। কচোন, তই মোত বিয়া সোমাবিনে?”

 পানেই—“আয়ে-বোপায়ে দিলে তোলৈ যামতো!”

 জঙ্কি—“মাৰ বাপেৰে কিজানি তোক মোলৈ নিদিয়ে। মোৰ