মিৰি-জীয়ৰী/দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত

ৱিকিউৎসৰ পৰা

[ ১১ ]
দ্বিতীয় অধ্যায়


লক্ষীমপুৰ নগৰৰ ওপৰত

 আজি বহাগৰ ঘাই বিহুৰ দিন। ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ কি ইতৰ মানুহ সকলোৰে মনত ৰং-ধেমালি হৈছে। ঘৰে ঘৰে খোৱা-লোৱাৰ ধুমধাম পৰিছে। বছৰেকৰ সকলো দুঃখ-ভাগৰ, হাই-দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধু-বৰ্গৰ লগত সকলোৱে দেখা-শুনা হৈছে। গুৰুজনক তলতীয়াজনে সেৱা–সৎকাৰ কৰি বছেৰেকলৈকে ভালে-কুশলে থাকিবলৈ আশীৰ্ব্বাদ লৈছে। সমনীয়া ল’ৰাবিলাকে লগ লাগি হাঁহি-খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পচি খেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই এক জন মতা ডেকা বাবুও বহিছে। মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ছটা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপাতে ধৰি এই পাঁচোটা বগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে। মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ তত কৰিছে। তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে, “ওঁ তই কড়ি গুঠি লইছ?” পুতেকে— “নলওঁ দে বাৰু। এই চা মই কড়ি জোকাৰি [ ১২ ] লইছো, তইয়ো গুঠি নামাৰিবি” এই বুলি ঢাল পেলালে। পুতেকৰ সৌভাগ্যত পচি পৰিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই কড়ি জোকাৰি ললে হয়, কিন্তু বগৰাবৰ পৰত টিপাতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে। মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। দহঘৰ চলাব লাগিলে গুটি পোন্ধৰ ঘৰলৈকে নিয়ে। চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰ আলেখ-লেখ কৰি চাবলৈ ধৰিলে। অৱশেহত ধেমালিতে পুতেকক খকৰা-মুকতি এটা মাৰি দিলে। পুতেকে খিল-খিল কৰি হাহি “ও নেখেলো যা” এই বুলি উঠি গুচি গ’ল। তেতিয়া বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰ মহলত তিনি চাৰিজন বাবু লগ লাগি তাচ খেলত বহিছে। খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধপাত যোগাই ওৰ কৰিব পৰা নাই। বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা, বাবু বৰ ধেমেলীয়া। তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়; কেৱল ৰং কৰিবৰহে মন। তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল অৰ্থাৎ তেওঁ হোজা বিধৰ মানুহ। তেওঁ তাচ খেলৰ বৰ ওজা। তাচ হাতত ললে, সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰেহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা ডাঢ়িয়াল বাবুজনক চাই “মল্লা মল্লা” (মৰিলা) বুলি একোটা চিঞৰ মাৰিছে। বিপৰীতে বহা বাবুজনে “মল্লা” শব্দক পোনাই “মোল্লাজি”ত পেলাইছে। আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ [ ১৩ ] (খেলৰ শত্ৰু) মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেপাহ নাই। তাচৰ পাত দিবৰ পৰত “অ মই দিব লাগেনে কি?” এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকিয়াল গায়ে গোটেৰে বহা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰপৰা ভাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধপাত খোৱা ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি বিহু গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্ৰমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গ’ল; ক্ৰমে সাজ লাগি আহিল। দুই-এজাককৈ ওচৰৰ মিৰি ঢোল ডগৰ লই লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে।

 আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা-গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে; আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি পাঁচোটা মান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এই জাক [ ১৪ ] মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমেই ঢোলৰ নাচ চলিল। চাৰি পাঁচোটা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰীয়ে শাৰীয়ে ঘূৰিব ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-খোল বোৱা শেষ হ’ল। বাবুসকলৰ হুকুম পৰিল “গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।” তৎক্ষনাৎ ঢুলীয়া কালীয়াবিলাক এফলীয়া হ’ল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলে:—

(৩)
“ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি
দিনত চাৰি আঙুল বাবে।

চম্পাফুল যে লেডেঙা (খ) তোৰালি যে তোৰালি
নাচাই বা তাকিব কোনে।”


 (ক) ৰঙা নৈ— এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো বহুত মিৰি আছে।

 (খ) লেদেঙা—মৰমৰ গাভৰু।


[ ১৫ ]
 

লগে লগে নাচ চলিল। তাৰ পাছত আকৌ এজনীয়ে লগালে:—

(৪)
“দেউতা ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই যে পাতিলে দোলা ঐ লাৱৰী
দুলীয়াই পাতিলে দোলা।

কাণতে জিলিঙিল (গ) নৰা-জাঙেপাই (ঘ)
গাতে গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী
গাতে গামেচেঙৰ চোলা।”

আকৌ এজনীয়ে লগালে:—

(৫)
“চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ—
লেডেঙৰ কোঁপলৈ চাই।
আজি নিকা অপনত বেয়া কৈ দেখিলোঁ
পণিকনে অৰাব পায়।”


 (গ) জিলিঙিল—জিলিকিল।

 (ঘ) নৰা জাঙেপাই—জাংফাই কেৰু।

 (ঙ) গোমেচেঙৰ—গোমচেঙ। অসমত গোমচেঙ্‌ নামৰ এবিধ বৰ উৎকৃষ্ট কাপোৰ আছিল; কিন্তু আজিকালি লোপ পৰি আহিছে। পাশ্চাত্য সভ্যতাৰ ফল।

 (চ) মিৰিৰ প্ৰায় সকলো ডেকা-গাভৰুৱে সৰু সৰু কাঠৰ ফণিৰে মূৰ মেলায়। সেই ফণিখন সিহঁতে প্ৰায় সদায় খোপাতে ৰাখে। ফণি মিৰি ডেকা-গাভৰুৰু এটা বৰ লাহৰ বস্তু।


[ ১৬ ]
 

তাৰ পাছত আকৌ এজনীয়ে ধৰিলে:—

(৬)

“নাচনী নৰিয়া পৰিল ঐ চেনেঙা
নাচনী নৰিয়া পৰিল
নাচনীৰ অলনি কুকুৰা কাটিল(ছ)

নাচনী উটিয়ে বয়িল।”

 এই গীত গোৱাৰ পিছতে ডেকা-গাভৰুৱে বাবুবিলাকৰ বৰঙণি গোটালে। বাবুসকলৰ এজনে মাত লগালে—

 “ইহ, তহঁতে ফাকি দিলি। গোটেইবিলাক গাভৰুৱে নানাচিলে। সৌ সিহঁত দুজনীয়ে নচা নাই।” তেতিয়াই সেই গাভৰু দুজনীয়ে মাত লগালে, “আমি নাচিলে পাঁচ টকা পাঁচ টকা দিবলৈ লাগিব।” বাবুহঁতৰ এজনে হাঁহি হাঁহি কলে,—“দিম দে বাৰু নাচ তহঁতে।” এই গাভৰু দুয়োজনী পাতল। এজনীৰ বৰণ অলপ মিঠা। এজনী নিখুঁত বগা। দুইও জনীৰে মুখৰ গঢ় বাৰু। লাহৰি খোপাত ফুল খোহা। চিকণ মুগাৰ ৰিহা-মেখেলা। গাত ৰঙা ফেলালিনৰ চোলা। সিহঁত দুজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰপৰা এটা প্ৰায় কুৰি বছৰীয়া ডেকা পেঁপা এটা লৈ ওলাল। ডেকাটোৱেও চিকুণকৈ মূৰ মেলাইছে। তাৰ ওপৰত এটা পাগুৰি। গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি। কাণত দুটা


 (ছ) “কুকুৰা কাটিলোঁ” কেৱে কেৱে “দেও পূজা কৰিলে।” এই কথাও লগায়। দুয়োটা একে কথা। মিৰিয়ে বেমাৰত পৰিলে ঔষধ নাখায়। সিহঁতৰ দেওধাইৰ হতুৱাই মঙ্গল চোৱায়, কোন দেৱেনো বেমাৰ পেলাইছে। তেতিয়া সেই দেওক মদ, গাহৰি, কুকুৰা দি পূজে।


[ ১৭ ]
 

সোণ পাতি বাখৰ খজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকুণে পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিকটা।

 গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্ৰে সিহঁত দুজনী উত্ৰাৱল হ’ল। পেঁপা বজাই বজাই এই তিনি মূৰ্ত্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ স্ফূৰ্তি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্ব্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ মিচিক্‌ মিচিক্‌কৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰীৰ পাৰত থকা ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম “জঙ্কি”। বগী গাভৰুজনী “পানেই”। আজি পাঁচ বছৰৰ মূৰত দুইও সম্পূৰ্ণে ডেকা-গাভৰু হৈ উঠিছে।

 নাচ ভাঙিল। বাবুজনৰ ৰূপ এটকা দণ্ড হ’ল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গ’ল। বাবুসকলে তেতিয়া কোনে “ভাল নাচিছিল” কোনে “বেয়া নাচিছিল” ইত্যাদি কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধপাত উৰাই ঘৰা-ঘৰি গ’ল।

—————