পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কেঁচা ভকতে আনন্দ মনেৰে সাজ লব ধৰিলে। ডেকা-গাভৰুবিলাক নবহিল। ইবিলাকে সাজ লওঁতে সিহঁতে আঁঠু লৈ থাকিল।

 এইদৰে ভকতীয়া ক্ৰিয়াৰ সমাপ্তি হ’ল। আশীৰ্ব্বাদ কৰি কৰি বেলি এটা মান বজাত পকা ভকত-ভকতনীসকল ঘৰা-ঘৰি গ’ল। তেতিয়া হাঁহি-খিকিন্দালি, ৰং-ধেমালি কৰি কৰি ডেকা-গাভৰুবিলাকে ভকতৰ অৱশিষ্ট লব ধৰিলে। ডেকাসকল এশাৰী হ’ল। গাভৰুহঁতে এশাৰী হৈ খাব ধৰিলে; কিন্তু কি আচৰিত কথা! খাবৰ পৰতো পানেই-জঙ্কি দয়ো মুখা-মুখি হৈহে বহিব পাৰিলে। এইদৰে খাওঁতে-বওঁতে দিনটো গ’ল। ৰাতি হ’ল। ডেকা-গাভৰুবিলাকে কলহে কলহে মদ চালৰ পাছত ইমূৰৰ পৰা সিমূৰলৈ আৰিব ধৰিলে। তাৰ পাছত দেওধাই মহাপুৰুষে হাত-ভৰি ধুই মৰঙত উঠিল। ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক মাজত সুমাই ললে। তৎক্ষনাৎ দেওধায়ে লগাই দিলে:—

(ছ)
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’


 (ছ) এইবিলাক মিৰিসকলৰ জাতীয় কীৰ্ত্তনৰ নাম। ইয়াৰ অৰ্থ আমি কি যেই সেই মিৰিয়েও কব নোৱাৰে। দেওধাইসকলেহে জানে।