দেখুৱাই সোৱণশিৰীৰ বালিলৈ অকলৈ অকলৈ গ’ল। জঙ্কিয়েও “মই ঘৰৰ পৰা আহো” বুলি ঘৰলৈ মুখ কৰি গ’ল হয়, কিন্তু প্ৰকৃততে ঘৰলৈ নগৈ সোৱণশিৰীৰ বালি পালেগৈ; চকুৰ নিমিষতে তড়িতৰ বলতেনে কি পানেইৰ ওচৰ চাপিল। তাৰ পাছত কব ধৰিলে।
“পানেই”—
পানেই—“জঙ্কি!”
জঙ্কি—“তই আহিছ”
পানেই—“আহিছো জঙ্কি”
জঙ্কি—“তোক এটা কথা সুধিবলৈ মন কৰিছো”
পানেই—“কি কথা জঙ্কি সোধ”
জঙ্কি—“কচোন পানেই তই মোক ভাল পাৱনে?”
পানেই—(হাঁহি হাঁহি) “কেলেইনো লাগিছে তোক এই কথা জঙ্কি।”
জঙ্কি—“পানেই তই বেজাৰ পালিনেকি? তেন্তে একোকে নোসোধো।”
পানেই—(আকৌ হাহি হাহি) “সোধ। নোসোধনো কেলই—”
জঙ্কি—“তেন্তে কচোন—তই মোক মৰম কৰনে?”
পানেই—“মই কব নোৱাৰোঁ।”
জঙ্কি—“মই বুজিলো পানেই! তই মোক ভাল নাপাৱ। নহলেনো আজিৰ নাচত তই মাজে মাজে কমুদৰ ফালে কেলেই বাৰে বাৰে চাইছিলি?”
পানেই—“এ আয়! তই কি কথাবিলাক কৱচোন!”
জঙ্কি—“এৰা পানেই মই বৰিহাকৈ বুজিছোঁ। তই কমুদকহে