পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেৱে নাই। হাতত টকা-কড়িও নাই।” পানেই— “জঙ্কি দুখ কৰিলে তোৰ টকা হ’ব। তই দুঃখ কৰি কেটামান টকা গোটাবলৈ দিহা কৰ। যেতিয়ালৈকে তই টকা গোটাই আই-বোপাইক দি মোক নিনিয় মানে মইও কালৈকো নাযাওঁ। মই তোলৈকে যাম। আজি এই সোৱণশিৰীৰ বালিত থিয় হৈ কাৰ্চিং কাৰ্টানক সাখী কৰিলোঁ।”

 জঙ্কি—“পানেই, তই আজি মোৰ গাত নতুন বল দিলি। যাওঁ দেই পানেই-মই আৰু আজিৰে পৰা বৰ দুখ কৰিও টকা-শিকা গোটাই তোক নিম। তোক নাপালে মই এই জীৱনটোক নাৰাখোঁ।”

 এই কথা-বতৰা হোৱাৰ পাছতো দুয়ো দুফাললৈ গুচি গ’ল। আকৌ মৰঙ ঘৰত বিহুত যোগ দিলেগৈ। এইবাৰ পালেই আৰু জঙ্কি দুয়ো বেছি উৎসাহেৰে সৈতে নাচিব ধৰিলে। এইদৰে দুই দিনৰ পাছত বিহু ভাঙিল।

⸺⸺