ভাষণ/ছাত্ৰ-সকললৈ তিনি আখৰ কথা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ // ৮৭ // ]
 

ছাত্ৰ-সকললৈ তিনি আখৰ কথা।


 আজি পুৱা ন মান বজাত যেতিয়া এজনা মেট্ৰিকুলেছন পৰীক্ষাৰ্থীয়ে কলে গৈ, যে তেওঁলোকে আজিৰ গধুলিৰ এই মিলন পাতিবৰ যো-জা কৰিছে। আৰু তাত মই তেওঁবিলাকক দুই আখাৰমান ভাল কথা শুনাব লাগে, তেতিয়া প্ৰথমতে মই এই গুৰুভাৰ লবলৈ অসম্মত হব খুজিও, সন্মত যে হলোঁ‌, তাৰ কাৰণ এই নহয় যে মই উপদেশ দিবৰ যোগ্য; কিন্তু আচল কাৰণ এই যে আমাৰ উঠি অহা ডেকা সকলক কবলৈ মোৰ কেইটামান কথা আছে; (অৱশ্যে সেই কথা আগেয়ে অনেক অনেকে প্ৰকাৰে কৈ যোৱা) আৰু সেই কেইটা কথা কোৱাৰ ইয়াত কৰি ভাল সুযোগ বা ভাল সময় হব নোৱাৰে।

 যি সকলে আজি মেট্ৰিক সমুদ্ৰৰ পৰা উদ্ধাৰ পোৱা যেন ভাবিছে আচলতে ইয়াতকৈ আৰু মহত্বৰ আৰু গৌৰৱময়, আনপক্ষে বিপদ সঙ্কুল সমুদ্ৰলৈকে জীৱনৰ নাওঁ চলাবলৈ খুজিছে। যি সকলে ইয়াৰ পিচতেই পঢ়া-শুনা এৰিব, সেই সকলৰ পক্ষে সংসাৰাযাত্ৰা নিৰ্ব্বাহ কৰা যেনে এটা সমস্যা, যি সকলে পঢ়া শুনা নেৰি কলেজ বা কোনো টেক্‌নিকেল স্কুলৰ শিক্ষা কৰিব গৈ, সেইসকলৰ পক্ষেও পাঠ্যকাল ডোখৰ ভালকৈ কটাই লাগতিয়াল বিদ্যা আৰু চৰিত্ৰ অৰ্জন কৰাও তেনে এটি জটিল সমস্যা। এই সমস্যাৰ [ ৮৮ ] মীমাংসা আজি পৰ্য্যন্ত কোনোৱে কৰিব পৰা নাই। মই মুঠতে এনে দুটামান কথা কব খুজিছোঁ‌, যি মোৰ অভিজ্ঞতা অনুসৰি এই সমস্যা সমাধাত সহায় কৰিব পাৰিব বুলি মই ভাবোঁ‌।

 মূলতে আটাইকেইটা কথা সংক্ষেপতে কব পাৰোঁ‌— আটায়ে মানুহ হক। বিশ্ববিদ্যালয়ৰ ডিগ্ৰীতকৈও আমাৰ আৱশ্যক হৈছে মানুহৰ হে।

 অলপ বিশেষকৈ কওঁ— প্ৰথম কথাটো সকলোৱে কৈ ফুৰা কথা আৰু শুনিবলৈ নিচেই হীন যেন লাগে। এইটো হৈছে ডাক্তৰ ৰায়ৰ ভাষাত “অন্ন সমস্যা” হাৰ্বাট স্পেঞ্চাৰ নিতান্ত জড়বাদী দাৰ্শনিক পণ্ডিত নাছিল। তোৱোঁ‌ মানুহৰ কতৰ্ব্য কৰ্ম পাঁচ ভাগত ভাগ কৰি প্ৰথম তিনিটা ভাগ অন্ন সমস্যাত সুমাই থৈছে। “ধৰ্মাৰ্থ কাম মোক্ষানাং প্ৰানং সংস্থিতি হেতবঃ।” প্ৰাণ শক্তি নহলে অকল কলং-মলং কৰি থকা আধামৰা জীউটো থাকিলেই নহয়; জীৱনত আনন্দ কৰ্মত আগ্ৰহ, শৰীৰত এটা চলন্ত প্ৰেৰণা নহলে কোনো কামেই কেতিয়াও সিদ্ধ নহয়, আৰু ঘৰত খোৱা মুঠিৰ অভাৱ হলেই এই একো থাকিব নোৱাৰে। গতিকে মানুহ মাত্ৰৰেই প্ৰথম কৰ্তব্য হৈছে এই “অন্ন সমস্যা”ৰ এটা সমাধান কৰা, নিজৰ অৰ্জন ক্ষমতা বেচি কৰা, কাৰো মুখাপেক্ষী নোহোৱাকৈ নিজৰ ভাত মুঠা মুকলি কৰাৰ দিহা কৰা। ইয়াকে নোৱাৰিলে শিক্ষাৰ প্ৰথম কাম [ ৮৯ ] মানুহৰ প্ৰধান কৰ্তব্য নকৰা হৈ থাকিল বুজিব লাগিব। ডিগ্ৰীটোৰ মূল্য নাই বুলি নকওঁ, কিন্তু সি ডিগ্ৰীয়ে নিজৰ ভাত মুঠা মুকলি কৰি খাবৰ উপায় দিব নোৱাৰে, তাৰ মূল্য তিমান বেচিও বুলিব নোৱাৰো। আমাৰ বৰ্ত্তিমান শিক্ষাৰ উপকাৰ নাই বুলিও নকওঁ, কিন্তু প্ৰায় ২০ বছৰ ধৰি শৰীৰৰ তেজক পানী কৰি আৰু অন্ত দেৱতাৰ মাহাত্ম্য খৰ্ব কৰি যি শিক্ষা পাওঁ, সেই শিক্ষাই যেতিয়া আমাৰ সাধাৰণ ঘেৰামী বা মিস্তীৰিত কৰি বেছি অৰ্জনক্ষম কৰি তুলিব নোৱাৰে, তেতিয়া সেই শিক্ষাৰ যে কোনো ঠাইত কেৰোণ বৰ বেয়াকৈ লাগিছে, এই ভাৱে আপোনা আপুনি আমাৰ মনত নুখুন্দিয়াকৈ নাথাকে। এই কেৰোণ হৈছে ইয়াতে যে আমাৰ শিক্ষা উদেশ্য বিহীন। এক উদেশ্য বা অনুদেশ্য কেৱল পৰীক্ষা পাছ, আৰু পৰীক্ষা পাছৰ উদেশ্য চাকৰী; কিন্তু চাকৰী যে আৰু নাই। যি দুটা এটা ওলায় তাৰ মূল্য কিমান? কোনো কোনো লৰাই কলেজত মাহে যিমান খৰছ কৰে, কলেজৰ পৰা ওলাই আহি তিমান টকা দৰমহাৰ চাকৰী নাপায়।

 প্ৰশ্ন উঠিব পাৰে, এনে অৱস্থাত কলেজত পঢ়া উচিতনে অনুচিত অথবা কলেজৰ বিদ্যাৰ একো দৰকাৰ নাই নেকি? নিশ্চয়, কলেজৰ বিদ্যাৰ দৰকাৰ আছে, আৰু কলেজত পঢ়াও উচিত। কিন্তু তাতকৈয়ো বেছি দৰকাৰ হৈছে অৰ্থৰ; আৰু টকা অৰ্জনৰ ক্ষমতাৰ প্ৰধান কথা, প্ৰত্যেকে নিজে নিজে [ ৯০ ] অৰ্জন কৰিব লাগিব সেই দিনাৰ পৰা, যিদিনাৰ পৰা আমি আমাৰ শিক্ষা সাং কৰোঁ। টকা আৰ্জিবৰ অনেক উপায় আছে— খেতি কৰিব পাৰি, বেপাৰ কৰিব পাৰি, ঠিকাদাৰ হব পাৰি, মিস্তিৰী হব পাৰি, সদাগৰ হব পাৰি, কিন্তু সকলোতে ধৈৰ্য্য, সাহ আৰু পিত অৰ্থাৎ ডাঙৰ মন লাগে। আসামত খেতি কৰি সদাগৰ হৈছে কোন? অসমীয়া নহয়। আমাৰ দেশৰ ধান-চাউলৰ, মাহ-সৰিয়হৰ, মুগা-এৰিৰ বেপাৰ কাৰ হাতত? অসমীয়াৰ হাতত নহয়। ঠিকা কোনে কৰে? অসমীয়াই নকৰে। হাতীৰ মহল লয় ঘাইকৈ চাহাবে। আমি হওঁ চাহ বাগিছাৰ কেৰাণী, কেঞাৰ ঠিকাদাৰৰ মহৰী, হাতীমহলৰ চৰ্দাৰ, এইবোৰ। এই ব্যৱসায় বিলাক যেতিযালৈকে আমাৰ হাতলৈ নাহে, যেতিয়ালৈ আমাৰ দেশৰ প্ৰত্যেক ব্যক্তি চহকী হৈ দেশক আগবঢ়াই নিব নোৱাৰে তেতিয়ালৈকে দেশ দুখীয়া হৈ থাকিব আৰু দুখীয়া দেশে বুৰঞ্জীৰ কোনো যুগতে উন্নতি কৰিব পাৰা নাই।

 মই বেছিকৈ বুজিছোঁ যে আজিৰ এই মিলনত ডাঙৰ ডাঙৰ শব্দেৰে ভৰা আৰু প্ৰায় অৰ্থহীন বিশেষণেৰে কথিত নৈতিক জীবন, দেশপ্ৰেম আদিৰ কথা নকৈ, নিতান্ত চহা সমাজৰ আলোচ্য টকাৰ কথা কোৱাত আনকেই মোৰ প্ৰতি অপ্ৰসন্ন হব পাৰে। কিন্তু সংসাৰৰ অভিজ্ঞতাই ইয়াকে কৈছে, যে আৰ্জিব নোৱাৰা মানুহৰ বিদ্যা-বুদ্ধি শক্তিৰ পৰা কাচিৎ হে কিবা উপকাৰ হোৱা দেখা যায়; আৰু নিৰ্ধন দেশে [ ৯১ ] কোনো বিষয়ত উন্নতি কৰিব নোৱাৰে। এইবাবে আমাৰ নিজৰ উন্নতিৰ বাবে, আৰু দেশৰ হঁকে, আমাৰ প্ৰথম আৱশ্যক হৈছে অৰ্থ। সেইদেখি আজি ময়ো মোৰ ক্ষুদ্ৰ শক্তিৰে দেশৰ ডেকা সকলক এইটো কব খুজিছোঁ যে আমাৰ সকলোৰে অভাৱ আছে সচাঁ কিন্তু প্ৰধান অভাৱ অৰ্থৰ; বিদ্যা আৰ্জন কৰা উচিত, সকলোৰে যশো হওঁক কিন্তু অৰ্থলৈ পাহৰা উচিত নহয়, অৰ্থবান হলেই দেশত সেই অৰ্থৰে বিদ্যা, যশ, গৌৰৱ আনিব পৰা যাব।

 কিন্তু এইটো ভাবিলে ভূল হব যে অৰ্থহলেই মানুহৰ সকলো হ’ল। আজি কালি “Business is Business” বুলি কৈ মানুহে অনেক সময়ত অনেকক ঠগে আৰু নিতান্ত শলাগৰ পাত্ৰৰ ওচৰতো অকৃতজ্ঞ হবলৈ লাজ নাপায়। এইদৰে মনুষ্যত্বৰ সকলো মহত্ব খৰ্ব কৰি অৰ্থ আৰ্জা পিশাচৰ কাম। অৰ্থ আৰ্জিব লাগে নিজ হাতে নিজৰ বুদ্ধিৰে, নিজৰ শক্তিৰে আৰু সজ উপায়েৰে। আনক চল কৰি ফাঁকি দি বা বিপদত পেলাই আনে আৰ্জা অৰ্থ ভোগ কৰা আৰু চোৰৰ অৰ্থ উপাৰ্জন একে কথা। মোৰ দ্বিতীয় কথা— আমাৰ দেশৰ ডেকাসকলক স্বাস্থ্যবান হবলৈ কোৱা। স্বাস্থ্যবান নহলে জীৱনৰ যি আনন্দ তাক উপভোগ কৰিব নোৱাৰে। আৰু জীৱনৰ আনন্দ নোহাৱাৰ কাৰণে আমি অকাল বৃদ্ধ হওঁ। দহ বছৰীয়া হৈ আশী বছৰীয়াৰ আচৰণ লওঁ। চাহাব লোকলৈ মন কৰক, কিমান স্ফুৰ্ত্তি [ ৯২ ] তেওঁলোকৰ, কিমান কামৰ ক্ষমতা। বুঢ়া চাহাব এটায়ো ফুটবলত দৌৰে, ক্ৰিকেট খেলে, লৰাৰ লগত লৰা হৈ ধেমালি কৰে, আৰু আমি? আমি কলেজৰ পৰা ওলাই দীঘল দীঘল চালাম দি চাকৰী এটা পালেই, বা দীঘল দীঘল চোলা পিন্ধী ওকালতী ব্যৱসায়ত সোমাব পাৰিলেই ফেচাঁৰ নিচিনা গুৰু গম্ভীৰ হৈ বহি থাকো, বা ধীৰ সুস্থে গজেন্দ্ৰ গমণ ধৰি চৰাঘৰৰ পৰা পদূলিৰ মূৰলৈ ওলাই আহো আৰু তাৰ পৰা ফিৰি গৈ ভিতৰত শুই থাকোঁ। ইয়াৰো কাৰণ আমাৰ শিক্ষা। স্কুলৰ পৰা বা কলেজৰ পৰা ছুটি পাই আমাৰ ছাত্ৰই খেলৰ ঠাইলৈ দৌৰি গৈ লৰা ধপৰা মাৰা-মাৰি নকৰে; হয় চুকত বহি ধপাত চুৰট খায়, নহয় তাচ পাশা খেলে নহয় Gossiping অৰ্থাৎ আডা্ মাৰে। আৰু যাৰু আমি নিতান্ত “গো বেচাৰী” ভাল লৰা বোলো সি একো উপায় নাপাএ চকু কণা আৰু মূৰ ঘোলা কৰি কৰি কিতাপ পঢ়ে। বৰ বেছি, দুই চাৰি জনে ফুৰিবলৈ ওলায় অথবা নিজৰ বা পৰৰ কবিতা আওৰায়। ঘৰৰ শিক্ষাও আমাৰ তেনে। যিটো লৰাই অলপ দৌৰা-দৌৰি কৰে, গৰু আহিলে খেদি যায়, কুকুৰৰ নেজত ধৰি টানে, মেকুৰীটোক তুলি নি আফাল মাৰে, সি আমাৰ মনত বৰ দুষ্ট, ৰাৱন কি বঘাসুৰৰ কলিযুগৰ অৱতাৰ; আৰু যিমতে থৈ আহোঁ হাত-ভৰি লৰচৰ নকৰাকৈ জড়ৰ দৰে ঠিয় হৈ ফেকুৰি কান্দে সি সজ আৰু সন্তৰ প্ৰথম গজালি! কি [ ৯৩ ] পৰিতাপৰ কথা যে এইটো কোনোৱে নাভাবে, যে যাৰ গাত জীৱনি শক্তি আছে সি দৌৰিবই, সি কুকুৰকো মাৰিব গৰুকো খেদিব, কান্দিবও হাওমাও কৰি আকাশ ফাটাই। যাৰ জীৱনী শক্তি নাই সিহে লাহে লাহে কাঠ ডোখৰৰ দৰে হৈ যাব পাৰে। অথচ, এই দেশতেই শিশু আদৰ্শ আছিল মহা মহা দগাৰাজ শ্ৰীকৃষ্ণ, আৰু তাৰকা ৰাক্ষসীক মাৰা আৰু জোনলৈ গাউৰী ধৰা শ্ৰীৰামচন্দ্ৰ। এই active habits, সদায় কাম কৰিবলৈ আৰু অঙ্গ চালনা কৰিবলৈ অভ্যাস, আমি আয়ত্ব কৰিব লাগে। আমি যে কোনো ক্ষেত্ৰতে আজি পৰ্য্যন্ত বিশেষ কৃতিত্ব দেখুৱাৰ পাৰা নাই, তাৰ প্ৰধান কাৰণ আমাৰ এলাহ; আমাৰ active habitsৰ অভাৱ। বন্ধৰ দিনা আমি শোঁ, picnic খাবলৈ দলে দলে ব্ৰহ্মপুত্ৰৰ বালিলৈ নাযাওঁ; আৰু কামৰ দিনা ৮ বজাৰ পৰা ৰাতি দহ বজালৈ কেলধপ কেলধপ কৰি অফিছ কৰোঁ। চাহাব লোকে আমাতকৈ বেছি কাম কৰে, অথচ সিহঁতে খেলেও, ক্লাবো কৰে, হাঁহেও, দৌৰেও। বৃটিছ সাম্ৰাজ্যৰ মহামন্ত্ৰীতকৈ বা যোৱা মহাযুদ্ধৰ প্ৰধান সেনাপতি “মাৰ্ছাল ৰুছ”ৰ দৰে কেইজনে কাম কৰে অথচ তেওঁলোকে গল্‌ফো খেলে, ডিনাৰো খায়, বত্তৃতাও দিয়ে আৰু কেতিয়াবা শুনা যায় বেমাৰ আদি পৰিলে বিশ্ৰামো লয়। আমি কোনোৱে মাষ্টাৰী কৰি সময় নাপাওঁ, কোনোৱে কেৰাণী কৰি ২৪ ঘণ্টা আৰু কোনোৱে হাকিমী কৰি নুশুই [ ৯৪ ] নাখাই ফাইল ঘাটো। কিয়? আমাৰ বুদ্ধি নোহোৱা নহয়; বুদ্ধি আছে কিন্তু খটাব নোৱাৰোঁ। খৰকৈ অথচ ধীৰেৰে একাদিক্ৰমে কাম কৰিব নাজানোঁ; কোনো কথাৰ মীমাংসা একে কথাতে কৰিব নাজানোঁ, সাধাৰণ চিঠি এখন লিখোঁতে দহবাৰ ভাবিব লগা হওঁ এইবিলাক দোষত। খেলৰ ঠাইত ক্ষিপ্ৰকাৰিতা গুণবিলাক বাঢ়ে; আৰু বহি থাকিলে অকলেই বা লগতে যিবিলাক অসৎ চিন্তা আহি মনত উদয় হয়, সেই বিলাকৰ ঠাই নোহোৱা হয়। জীৱনৰ যি আনন্দ, এই active habitৰ পৰা তাক উপভোগ কৰিব পাৰি; আৰু ইয়াৰ পৰা কামৰ ক্ষমতা, তুৰন্তে মীমাংসা (quick decision) কৰিবৰ শক্তি অনেক গুণে বেছি হয়।

 বন্ধত কি কৰি কটাওঁ? আমি নিজৰ মনতে চিন্তা কৰিলে, দেখিম হয় তাছ খেলি নহয় শুই কটাওঁ। কিন্তু মোৰ বিশ্বাস আমি তাছ খেলি বা শুই সময় নকটায় ফুট বল খেলি, ক্ৰিকেট খেলি অভাৱ হলে হাও খেলি, দৌৰি, সাতুৰি, নাও বৈ; ঘোৰাট উঠি, বাইচিকল দৌৰাই, মালযুজিহে সময় কটোৱা উচিত। সময় বুজি কেতিয়াবা তাছো খেলিম, নভেলো পঢ়িম আৰু শুমো। কিন্তু নিজৰ সময় কটাবলৈ অথচ সমাজৰো উপকাৰ হয় এনে ধৰণৰ বহুতো কাম আছে। একেৰাহে বহি ২৪ ঘণ্টা তাছ খেলা শিক্ষিত লোক কেজনমানৰ কথা মই জানোঁ আৰু ইয়াকো জানোঁ, যে দুইজন পৰম বন্ধুৱে তাছৰ খেলত বহি মাৰামাৰি কৰিছিল। এনে [ ৯৫ ] অভ্যাসক ভাং-কানিৰ ৰাগিৰ দৰে নকৈ আন কি কব পাৰি? কলেজত অনেকে ডাবা খেলে, সভ্য সমাজতো ডাবা খেলটোৰ এটা গৌৰৱৰ আসন আছে। কিন্তু সভ্য সমাজে তাক ভাল বুলিলে যে ভাল হল এনে ভাবিব নালাগে। এই খেলৰ ৰাগিটো বৰ বেয়া। মোৰ এজন উকীল বন্ধুৱে ডাবা খেলাত ইমান মত্ত যে নিজৰ ওকালতিও পাহৰি যায়। এনে ৰাগিয়ে নিজৰ আৰু সমাজৰ অহিত কৰে।

 মোৰ তৃতীয় আৰু শেষ কথা উচ্চাকাঙ্খা মনত লৈ বিদ্যা আৰ্জন কৰা উচিত। বিদ্যা মানে বি, এ, এম, এ ডিগ্ৰী নহয়। বি, এ পাছ কৰিলেই বিদ্যা নহয় আৰু বি, এ ফেল কৰা মানুহেও বিদ্যা আৰ্জিব পাৰে। পুথিগত বিদ্যা; পাছ কৰা বিদ্যা আমাৰ অনেক পৰিমানে হৈছে। Original বিদ্যা লাগে এতিয়া আমাক। কোন অসমীয়াই প্ৰশ্নতত্ব, দৰ্শন, বিজ্ঞান, গণিত, সাহিত্য, বুৰঞ্জী আদিত আচলতে কৃৰ্ত্তী হৈ উঠিব পাৰিছে। কিয় নোৱাৰে? আকৌ কওঁ, অসমীয়াৰ বুদ্ধিৰ অভাব ইয়াৰ কাৰণ নহয়। ইয়াৰ একমাত্ৰ কাৰণ আমাৰ applicationৰ, ধৈৰ্য্য ধৰি এটা কাম কৰিব পাৰা শক্তিৰ অভাৱ। এটা উদাহৰণ— ডাক্টৰ জ্ঞানচন্দ্ৰ ঘোষৰ নাম আজি সকলোৰে পৰিচিত। তেওঁৰ লগত প্ৰেচিডেন্সি কলেজত বি, এ, ক্লাচত পঢ়া এজন মোৰ অসমীয়া বন্ধু আছে। তেখেত বৰ্ত্তমানে যোৰহাটত থাকে। তেখেতে কৈছিল, যে ডক্টৰ ঘোষ কলেজত পঢ়া দিনত বৰ বুদ্ধিমান [ ৯৬ ] বা বিচক্ষন নাচিল। এতিয়া বাৰ বছৰ পিচত প্ৰভেদ ভাবিব নোৱাৰি। অধ্যাপক ঘোষ নিজৰ বিদ্যা বুদ্ধিঃৰ গোটেই জগতত প্ৰখ্যাত হৈ থাকিল আৰু তেওঁৰ লগৰীয়া বিলাকৰ নাম থাকিল কলেজৰ ৰেজীষ্টৰীৰ বুকত। এনে উদাহৰণ আমাৰ তৰপৰ প্ৰত্যেকৰে জানা আছে। আমি আটায়ে বি, এ, পাছ কৰি শিক্ষাৰ সমাপন কৰোঁ কিন্তু কৃত্তী দেশৰ কৃত্তী সন্তানে ডিগ্ৰী লৈ আচল শিক্ষাৰ বাট মুকলি কৰি নতুনকৈ শিক্ষাৰ আৰম্ভণ কৰে। কলেজৰ পৰা ওলাই আহি আমি খবৰৰ আৰু দুই এক নভেলত বাদে আন serious কিতাপৰ লগত সংশ্ৰৱ ত্যাগ কৰো; আৰু কলেজতো পাৰ্য্যমানে পৰীক্ষাত নালাগা আন কিতাপ নপঢ়িবলৈও চেষ্টা কাৰোঁ। কেৱল নোট আৰু গাইড বহি পঢ়ি প্ৰশ্নোত্তৰৰ প্ৰশ্ন মুখস্থ কৰি পৰিক্ষা পাছ কৰা সম্ভৱ; কিন্তু তেনে পঢ়াই বিদ্যা দিব নোৱাৰে। এইদৰে সৰস্বতীক আৰধনা কৰাৰ অৰ্থ প্ৰায় সৰস্বতী দেবীৰ Post mortem examination ৰ দৰে। দেশৰ ভবিষ্যত পৰিচালকসকলে পৰিক্ষাত পাছ ফেললৈ সিমান ধতব্য নকৰি বিদ্যাত, যশত কৰ্ম্মত সকলো পিনে কৃতী হবলৈ চেষ্টা কৰা উচিত।

 প্ৰশ্ন স্বাভাৱিকতে আমাৰ মনত উদয় হয় যে বিশ্ৰামৰ দিন কেইবাটাও খেলা ধুলা কৰিয়েই কটোৱা উচিত জানো মই যদি মোৰ মনৰ ভাৱ ওপৰত পৰিস্কাৰ কৈ কব পাৰিছোঁ তোনহলে এইটো বোধ হয় স্পষ্টঃ হৈ উঠিছে [ ৯৭ ] যে এই খেলা ধুলাকো মই সাংসাৰিক জীৱনৰ কাৰণে প্ৰস্তুত হোৱা বুলি ভাবোঁ। ইয়াৰ বাহিৰে আগ্ৰহ জন্মিলে সহস্ৰ সহস্ৰ কাম আগত উপস্থিত হবহি। ৰোগ, ক্ষুধা আৰু অভাৱত আতুৰ দেশ-মাতৃকাৰ প্ৰতি চকু মেলি চাব লাগিব— আমাৰ দেশ ভবিষ্যত গঢ় দিওঁতাসকলে। হাজাৰ জনে ইনফ্লুয়েঞ্জা, মেলেৰীয়া, কলেৰাত প্ৰাণ এৰিছে, দহ হাজাৰ ক্ষুধাৰ যন্ত্ৰনাত অস্থিৰ আৰু প্ৰত্যেক হাজাৰ অভাৱৰ উৎপীড়নত মৰ্ম্মাহত। সেই বিলাকক আমি নাচালে কোনে চাব। অৰ্থ দি নহয়— কাম কৰি দি, গাৱঁৰ স্বাস্থ্যোন্নতিৰ উপায় দি, সমবেত চেষ্টাৰ ফলত যি হব পাৰে তাৰ উপদেশ আদৰ্শ দি, কানি ভাঙৰ উপকাৰীতা বুজাই দি, ৰোগীক পতি কৰি আৰু পতি কৰিবলৈ দেখুৱাই দি, এই দৰব সহস্ৰ উপায়ে বিশ্ৰামৰ সময় কৰ্ম্মত পূৰ্ণ কৰি নিজেও তৃপ্তি পায় আনৰো উপকাৰ সধা হয়। অন্তৰৰ প্ৰেৰণা যদি জাগি উঠে, উপায়ৰ অভাৱ নহব।

 দেশৰ ভবিষ্যত বংশধৰ সকল, ইমানতেই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব ইচ্ছা কৰোঁ কথাৰ অভাৱ নাই; কিন্তু আমাৰ সকলোৰে বৰ্ত্তমান কৰ্ত্তব্য হৈছে কাম কৰা, কথা কোৱা নহয়। ছাত্ৰ জীৱনৰ এই Critical কালখিনি ভালদৰে চলাবলৈ কি কি কৰিব লাগে তাৰ পূৰ্ণ তালিকা দিয়াৰ প্ৰয়োজনো নাই। আৰু তাক কবলৈ মই চেষ্টাও কৰা নাই। মুঠে যি কথা শিকিবলৈ আপোনালোকে আগবাঢ়িব [ ৯৮ ] লাগে তাৰে তিনিটা প্ৰধান কথা হে ছাত্ৰসকলৰ আগত কৈছো।

 শেষ কৰাৰ আগতে আৰু এক আষাৰ বৰ পুৰণি আৰু সেইদেখিয়ে মূল্যৱান কথা কব খুজিছো। দেশৰ একমাত্ৰ সম্বল, দেশৰ উঠি অহা ডেকা সকল— তেওঁবিলাক নিজে নিজৰ মালিক নহয়। তেওঁবিলাক তেওঁলোকৰ দেশৰ তাতকৈ অনেক গুণে বেছি মূল্যৰ সামগ্ৰী। তেওঁবিলাকে ইচ্ছা কৰি নিজৰ কোনো শক্তি বা সামৰ্থ্য অপব্যয় কৰিব নোৱাৰে; কৰিলে দেশৰ মহামূল্য সম্পত্তি নষ্ট কৰাৰ পাপত পাপী হব। মোৰ নিতান্ত অনুৰোধ, ছাত্ৰসকলে যেন সকলো কথাতে এই নতুন গৌৰৱ আৰু নতুন দায়ীত্বৰ কথা মনত ৰাখে। তেতিয়া ভালমতে চলিবলৈ অন্তৰ দেৱতাই ছাত্ৰসকলক প্ৰেৰণা দিব, কাৰো উপদেশৰ আৱশ্যক নকৰিব। দেশৰ শুভ লক্ষণ যে ছাত্ৰসকলৰ কৰ্মৰ স্পৃহা হৈছে। আমি মুঠেই আশা কৰো ছাত্ৰসকল কৃতী হওঁক, যশস্বী হওক, তেজস্বী হওক। আমাৰ ডেকাৰ মাজৰ পৰা পেষ্টিওৰ, ইনষ্টিন, কাৰ্ণেজি, লয়েড্, জৰ্জৰ দৰে সকলো ক্ষেত্ৰত অপৰিসীম শক্তিশালী লোকৰ উদ্ভৱ হওক! দেশ ধন্য হওক!

“চেতনা” দশম সংখ্যা ১৮৪২ জেঠ।

 

যোৰহাট কেন্দ্ৰৰ মেট্ৰিকুলেছন পৰীক্ষাৰ্থী সকলৰ মিলনত কোৱা কথাৰ সাৰাংশ।