সমললৈ যাওক

পৃষ্ঠা:ভাষণ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮৮]

মীমাংসা আজি পৰ্য্যন্ত কোনোৱে কৰিব পৰা নাই। মই মুঠতে এনে দুটামান কথা কব খুজিছোঁ‌, যি মোৰ অভিজ্ঞতা অনুসৰি এই সমস্যা সমাধাত সহায় কৰিব পাৰিব বুলি মই ভাবোঁ‌।

 মূলতে আটাইকেইটা কথা সংক্ষেপতে কব পাৰোঁ‌— আটায়ে মানুহ হক। বিশ্ববিদ্যালয়ৰ ডিগ্ৰীতকৈও আমাৰ আৱশ্যক হৈছে মানুহৰ হে।

 অলপ বিশেষকৈ কওঁ— প্ৰথম কথাটো সকলোৱে কৈ ফুৰা কথা আৰু শুনিবলৈ নিচেই হীন যেন লাগে। এইটো হৈছে ডাক্তৰ ৰায়ৰ ভাষাত “অন্ন সমস্যা” হাৰ্বাট স্পেঞ্চাৰ নিতান্ত জড়বাদী দাৰ্শনিক পণ্ডিত নাছিল। তোৱোঁ‌ মানুহৰ কতৰ্ব্য কৰ্ম পাঁচ ভাগত ভাগ কৰি প্ৰথম তিনিটা ভাগ অন্ন সমস্যাত সুমাই থৈছে। “ধৰ্মাৰ্থ কাম মোক্ষানাং প্ৰানং সংস্থিতি হেতবঃ।” প্ৰাণ শক্তি নহলে অকল কলং-মলং কৰি থকা আধামৰা জীউটো থাকিলেই নহয়; জীৱনত আনন্দ কৰ্মত আগ্ৰহ, শৰীৰত এটা চলন্ত প্ৰেৰণা নহলে কোনো কামেই কেতিয়াও সিদ্ধ নহয়, আৰু ঘৰত খোৱা মুঠিৰ অভাৱ হলেই এই একো থাকিব নোৱাৰে। গতিকে মানুহ মাত্ৰৰেই প্ৰথম কৰ্তব্য হৈছে এই “অন্ন সমস্যা”ৰ এটা সমাধান কৰা, নিজৰ অৰ্জন ক্ষমতা বেচি কৰা, কাৰো মুখাপেক্ষী নোহোৱাকৈ নিজৰ ভাত মুঠা মুকলি কৰাৰ দিহা কৰা। ইয়াকে নোৱাৰিলে শিক্ষাৰ প্ৰথম কাম