[৯৬]
বা বিচক্ষন নাচিল। এতিয়া বাৰ বছৰ পিচত প্ৰভেদ ভাবিব নোৱাৰি। অধ্যাপক ঘোষ নিজৰ বিদ্যা বুদ্ধিঃৰ গোটেই জগতত প্ৰখ্যাত হৈ থাকিল আৰু তেওঁৰ লগৰীয়া বিলাকৰ নাম থাকিল কলেজৰ ৰেজীষ্টৰীৰ বুকত। এনে উদাহৰণ আমাৰ তৰপৰ প্ৰত্যেকৰে জানা আছে। আমি আটায়ে বি, এ, পাছ কৰি শিক্ষাৰ সমাপন কৰোঁ কিন্তু কৃত্তী দেশৰ কৃত্তী সন্তানে ডিগ্ৰী লৈ আচল শিক্ষাৰ বাট মুকলি কৰি নতুনকৈ শিক্ষাৰ আৰম্ভণ কৰে। কলেজৰ পৰা ওলাই আহি আমি খবৰৰ আৰু দুই এক নভেলত বাদে আন serious কিতাপৰ লগত সংশ্ৰৱ ত্যাগ কৰো; আৰু কলেজতো পাৰ্য্যমানে পৰীক্ষাত নালাগা আন কিতাপ নপঢ়িবলৈও চেষ্টা কাৰোঁ। কেৱল নোট আৰু গাইড বহি পঢ়ি প্ৰশ্নোত্তৰৰ প্ৰশ্ন মুখস্থ কৰি পৰিক্ষা পাছ কৰা সম্ভৱ; কিন্তু তেনে পঢ়াই বিদ্যা দিব নোৱাৰে। এইদৰে সৰস্বতীক আৰধনা কৰাৰ অৰ্থ প্ৰায় সৰস্বতী দেবীৰ Post mortem examination ৰ দৰে। দেশৰ ভবিষ্যত পৰিচালকসকলে পৰিক্ষাত পাছ ফেললৈ সিমান ধতব্য নকৰি বিদ্যাত, যশত কৰ্ম্মত সকলো পিনে কৃতী হবলৈ চেষ্টা কৰা উচিত।
প্ৰশ্ন স্বাভাৱিকতে আমাৰ মনত উদয় হয় যে বিশ্ৰামৰ দিন কেইবাটাও খেলা ধুলা কৰিয়েই কটোৱা উচিত জানো মই যদি মোৰ মনৰ ভাৱ ওপৰত পৰিস্কাৰ কৈ কব পাৰিছোঁ তোনহলে এইটো বোধ হয় স্পষ্টঃ হৈ উঠিছে