ছাত্ৰ-সকললৈ তিনি আখৰ কথা।
আজি পুৱা ন মান বজাত যেতিয়া এজনা মেট্ৰিকুলেছন পৰীক্ষাৰ্থীয়ে কলে গৈ, যে তেওঁলোকে আজিৰ গধুলিৰ এই মিলন পাতিবৰ যো-জা কৰিছে। আৰু তাত মই তেওঁবিলাকক দুই আখাৰমান ভাল কথা শুনাব লাগে, তেতিয়া প্ৰথমতে মই এই গুৰুভাৰ লবলৈ অসম্মত হব খুজিও, সন্মত যে হলোঁ, তাৰ কাৰণ এই নহয় যে মই উপদেশ দিবৰ যোগ্য; কিন্তু আচল কাৰণ এই যে আমাৰ উঠি অহা ডেকা সকলক কবলৈ মোৰ কেইটামান কথা আছে; (অৱশ্যে সেই কথা আগেয়ে অনেক অনেকে প্ৰকাৰে কৈ যোৱা) আৰু সেই কেইটা কথা কোৱাৰ ইয়াত কৰি ভাল সুযোগ বা ভাল সময় হব নোৱাৰে।
যি সকলে আজি মেট্ৰিক সমুদ্ৰৰ পৰা উদ্ধাৰ পোৱা যেন ভাবিছে আচলতে ইয়াতকৈ আৰু মহত্বৰ আৰু গৌৰৱময়, আনপক্ষে বিপদ সঙ্কুল সমুদ্ৰলৈকে জীৱনৰ নাওঁ চলাবলৈ খুজিছে। যি সকলে ইয়াৰ পিচতেই পঢ়া-শুনা এৰিব, সেই সকলৰ পক্ষে সংসাৰাযাত্ৰা নিৰ্ব্বাহ কৰা যেনে এটা সমস্যা, যি সকলে পঢ়া শুনা নেৰি কলেজ বা কোনো টেক্নিকেল স্কুলৰ শিক্ষা কৰিব গৈ, সেইসকলৰ পক্ষেও পাঠ্যকাল ডোখৰ ভালকৈ কটাই লাগতিয়াল বিদ্যা আৰু চৰিত্ৰ অৰ্জন কৰাও তেনে এটি জটিল সমস্যা। এই সমস্যাৰ