পৃষ্ঠা:ভাষণ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯০]

অৰ্জন কৰিব লাগিব সেই দিনাৰ পৰা, যিদিনাৰ পৰা আমি আমাৰ শিক্ষা সাং কৰোঁ। টকা আৰ্জিবৰ অনেক উপায় আছে— খেতি কৰিব পাৰি, বেপাৰ কৰিব পাৰি, ঠিকাদাৰ হব পাৰি, মিস্তিৰী হব পাৰি, সদাগৰ হব পাৰি, কিন্তু সকলোতে ধৈৰ্য্য, সাহ আৰু পিত অৰ্থাৎ ডাঙৰ মন লাগে। আসামত খেতি কৰি সদাগৰ হৈছে কোন? অসমীয়া নহয়। আমাৰ দেশৰ ধান-চাউলৰ, মাহ-সৰিয়হৰ, মুগা-এৰিৰ বেপাৰ কাৰ হাতত? অসমীয়াৰ হাতত নহয়। ঠিকা কোনে কৰে? অসমীয়াই নকৰে। হাতীৰ মহল লয় ঘাইকৈ চাহাবে। আমি হওঁ চাহ বাগিছাৰ কেৰাণী, কেঞাৰ ঠিকাদাৰৰ মহৰী, হাতীমহলৰ চৰ্দাৰ, এইবোৰ। এই ব্যৱসায় বিলাক যেতিযালৈকে আমাৰ হাতলৈ নাহে, যেতিয়ালৈ আমাৰ দেশৰ প্ৰত্যেক ব্যক্তি চহকী হৈ দেশক আগবঢ়াই নিব নোৱাৰে তেতিয়ালৈকে দেশ দুখীয়া হৈ থাকিব আৰু দুখীয়া দেশে বুৰঞ্জীৰ কোনো যুগতে উন্নতি কৰিব পাৰা নাই।

 মই বেছিকৈ বুজিছোঁ যে আজিৰ এই মিলনত ডাঙৰ ডাঙৰ শব্দেৰে ভৰা আৰু প্ৰায় অৰ্থহীন বিশেষণেৰে কথিত নৈতিক জীবন, দেশপ্ৰেম আদিৰ কথা নকৈ, নিতান্ত চহা সমাজৰ আলোচ্য টকাৰ কথা কোৱাত আনকেই মোৰ প্ৰতি অপ্ৰসন্ন হব পাৰে। কিন্তু সংসাৰৰ অভিজ্ঞতাই ইয়াকে কৈছে, যে আৰ্জিব নোৱাৰা মানুহৰ বিদ্যা-বুদ্ধি শক্তিৰ পৰা কাচিৎ হে কিবা উপকাৰ হোৱা দেখা যায়; আৰু নিৰ্ধন দেশে