[৯২]
কৰ, কিমান কামৰ ক্ষমতা। বুঢ়া চাহাব এটায়ো ফুটবলত দৌৰে, ক্ৰিকেট খেলে, লৰাৰ লগত লৰা হৈ ধেমালি কৰে, আৰু আমি? আমি কলেজৰ পৰা ওলাই দীঘল দীঘল চালাম দি চাকৰী এটা পালেই, বা দীঘল দীঘল চোলা পিন্ধী ওকালতী ব্যৱসায়ত সোমাব পাৰিলেই ফেচাঁৰ নিচিনা গুৰু গম্ভীৰ হৈ বহি থাকো, বা ধীৰ সুস্থে গজেন্দ্ৰ গমণ ধৰি চৰাঘৰৰ পৰা পদূলিৰ মূৰলৈ ওলাই আহো আৰু তাৰ পৰা ফিৰি গৈ ভিতৰত শুই থাকোঁ। ইয়াৰো কাৰণ আমাৰ শিক্ষা। স্কুলৰ পৰা বা কলেজৰ পৰা ছুটি পাই আমাৰ ছাত্ৰই খেলৰ ঠাইলৈ দৌৰি গৈ লৰা ধপৰা মাৰা-মাৰি নকৰে; হয় চুকত বহি ধপাত চুৰট খায়, নহয় তাচ পাশা খেলে নহয় Gossiping অৰ্থাৎ আডা্ মাৰে। আৰু যাৰু আমি নিতান্ত “গো বেচাৰী” ভাল লৰা বোলো সি একো উপায় নাপাএ চকু কণা আৰু মূৰ ঘোলা কৰি কৰি কিতাপ পঢ়ে। বৰ বেছি, দুই চাৰি জনে ফুৰিবলৈ ওলায় অথবা নিজৰ বা পৰৰ কবিতা আওৰায়। ঘৰৰ শিক্ষাও আমাৰ তেনে। যিটো লৰাই অলপ দৌৰা-দৌৰি কৰে, গৰু আহিলে খেদি যায়, কুকুৰৰ নেজত ধৰি টানে, মেকুৰীটোক তুলি নি আফাল মাৰে, সি আমাৰ মনত বৰ দুষ্ট, ৰাৱন কি বঘাসুৰৰ কলিযুগৰ অৱতাৰ; আৰু যিমতে থৈ আহোঁ হাত-ভৰি লৰচৰ নকৰাকৈ জড়ৰ দৰে ঠিয় হৈ ফেকুৰি কান্দে সি সজ আৰু সন্তৰ প্ৰথম গজালি! কি