[৯৫]
অভ্যাসক ভাং-কানিৰ ৰাগিৰ দৰে নকৈ আন কি কব পাৰি? কলেজত অনেকে ডাবা খেলে, সভ্য সমাজতো ডাবা খেলটোৰ এটা গৌৰৱৰ আসন আছে। কিন্তু সভ্য সমাজে তাক ভাল বুলিলে যে ভাল হল এনে ভাবিব নালাগে। এই খেলৰ ৰাগিটো বৰ বেয়া। মোৰ এজন উকীল বন্ধুৱে ডাবা খেলাত ইমান মত্ত যে নিজৰ ওকালতিও পাহৰি যায়। এনে ৰাগিয়ে নিজৰ আৰু সমাজৰ অহিত কৰে।
মোৰ তৃতীয় আৰু শেষ কথা উচ্চাকাঙ্খা মনত লৈ বিদ্যা আৰ্জন কৰা উচিত। বিদ্যা মানে বি, এ, এম, এ ডিগ্ৰী নহয়। বি, এ পাছ কৰিলেই বিদ্যা নহয় আৰু বি, এ ফেল কৰা মানুহেও বিদ্যা আৰ্জিব পাৰে। পুথিগত বিদ্যা; পাছ কৰা বিদ্যা আমাৰ অনেক পৰিমানে হৈছে। Original বিদ্যা লাগে এতিয়া আমাক। কোন অসমীয়াই প্ৰশ্নতত্ব, দৰ্শন, বিজ্ঞান, গণিত, সাহিত্য, বুৰঞ্জী আদিত আচলতে কৃৰ্ত্তী হৈ উঠিব পাৰিছে। কিয় নোৱাৰে? আকৌ কওঁ, অসমীয়াৰ বুদ্ধিৰ অভাব ইয়াৰ কাৰণ নহয়। ইয়াৰ একমাত্ৰ কাৰণ আমাৰ applicationৰ, ধৈৰ্য্য ধৰি এটা কাম কৰিব পাৰা শক্তিৰ অভাৱ। এটা উদাহৰণ— ডাক্টৰ জ্ঞানচন্দ্ৰ ঘোষৰ নাম আজি সকলোৰে পৰিচিত। তেওঁৰ লগত প্ৰেচিডেন্সি কলেজত বি, এ, ক্লাচত পঢ়া এজন মোৰ অসমীয়া বন্ধু আছে। তেখেত বৰ্ত্তমানে যোৰহাটত থাকে। তেখেতে কৈছিল, যে ডক্টৰ ঘোষ কলেজত পঢ়া দিনত বৰ বুদ্ধিমান