পৃষ্ঠা:ভাষণ.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৯৩]

পৰিতাপৰ কথা যে এইটো কোনোৱে নাভাবে, যে যাৰ গাত জীৱনি শক্তি আছে সি দৌৰিবই, সি কুকুৰকো মাৰিব গৰুকো খেদিব, কান্দিবও হাওমাও কৰি আকাশ ফাটাই। যাৰ জীৱনী শক্তি নাই সিহে লাহে লাহে কাঠ ডোখৰৰ দৰে হৈ যাব পাৰে। অথচ, এই দেশতেই শিশু আদৰ্শ আছিল মহা মহা দগাৰাজ শ্ৰীকৃষ্ণ, আৰু তাৰকা ৰাক্ষসীক মাৰা আৰু জোনলৈ গাউৰী ধৰা শ্ৰীৰামচন্দ্ৰ। এই active habits, সদায় কাম কৰিবলৈ আৰু অঙ্গ চালনা কৰিবলৈ অভ্যাস, আমি আয়ত্ব কৰিব লাগে। আমি যে কোনো ক্ষেত্ৰতে আজি পৰ্য্যন্ত বিশেষ কৃতিত্ব দেখুৱাৰ পাৰা নাই, তাৰ প্ৰধান কাৰণ আমাৰ এলাহ; আমাৰ active habitsৰ অভাৱ। বন্ধৰ দিনা আমি শোঁ, picnic খাবলৈ দলে দলে ব্ৰহ্মপুত্ৰৰ বালিলৈ নাযাওঁ; আৰু কামৰ দিনা ৮ বজাৰ পৰা ৰাতি দহ বজালৈ কেলধপ কেলধপ কৰি অফিছ কৰোঁ। চাহাব লোকে আমাতকৈ বেছি কাম কৰে, অথচ সিহঁতে খেলেও, ক্লাবো কৰে, হাঁহেও, দৌৰেও। বৃটিছ সাম্ৰাজ্যৰ মহামন্ত্ৰীতকৈ বা যোৱা মহাযুদ্ধৰ প্ৰধান সেনাপতি “মাৰ্ছাল ৰুছ”ৰ দৰে কেইজনে কাম কৰে অথচ তেওঁলোকে গল্‌ফো খেলে, ডিনাৰো খায়, বত্তৃতাও দিয়ে আৰু কেতিয়াবা শুনা যায় বেমাৰ আদি পৰিলে বিশ্ৰামো লয়। আমি কোনোৱে মাষ্টাৰী কৰি সময় নাপাওঁ, কোনোৱে কেৰাণী কৰি ২৪ ঘণ্টা আৰু কোনোৱে হাকিমী কৰি নুশুই