[৯৭]
যে এই খেলা ধুলাকো মই সাংসাৰিক জীৱনৰ কাৰণে প্ৰস্তুত হোৱা বুলি ভাবোঁ। ইয়াৰ বাহিৰে আগ্ৰহ জন্মিলে সহস্ৰ সহস্ৰ কাম আগত উপস্থিত হবহি। ৰোগ, ক্ষুধা আৰু অভাৱত আতুৰ দেশ-মাতৃকাৰ প্ৰতি চকু মেলি চাব লাগিব— আমাৰ দেশ ভবিষ্যত গঢ় দিওঁতাসকলে। হাজাৰ জনে ইনফ্লুয়েঞ্জা, মেলেৰীয়া, কলেৰাত প্ৰাণ এৰিছে, দহ হাজাৰ ক্ষুধাৰ যন্ত্ৰনাত অস্থিৰ আৰু প্ৰত্যেক হাজাৰ অভাৱৰ উৎপীড়নত মৰ্ম্মাহত। সেই বিলাকক আমি নাচালে কোনে চাব। অৰ্থ দি নহয়— কাম কৰি দি, গাৱঁৰ স্বাস্থ্যোন্নতিৰ উপায় দি, সমবেত চেষ্টাৰ ফলত যি হব পাৰে তাৰ উপদেশ আদৰ্শ দি, কানি ভাঙৰ উপকাৰীতা বুজাই দি, ৰোগীক পতি কৰি আৰু পতি কৰিবলৈ দেখুৱাই দি, এই দৰব সহস্ৰ উপায়ে বিশ্ৰামৰ সময় কৰ্ম্মত পূৰ্ণ কৰি নিজেও তৃপ্তি পায় আনৰো উপকাৰ সধা হয়। অন্তৰৰ প্ৰেৰণা যদি জাগি উঠে, উপায়ৰ অভাৱ নহব।
দেশৰ ভবিষ্যত বংশধৰ সকল, ইমানতেই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব ইচ্ছা কৰোঁ কথাৰ অভাৱ নাই; কিন্তু আমাৰ সকলোৰে বৰ্ত্তমান কৰ্ত্তব্য হৈছে কাম কৰা, কথা কোৱা নহয়। ছাত্ৰ জীৱনৰ এই Critical কালখিনি ভালদৰে চলাবলৈ কি কি কৰিব লাগে তাৰ পূৰ্ণ তালিকা দিয়াৰ প্ৰয়োজনো নাই। আৰু তাক কবলৈ মই চেষ্টাও
কৰা নাই। মুঠে যি কথা শিকিবলৈ আপোনালোকে আগবাঢ়িব
ভাষণ—৭