পৃষ্ঠা:ভাষণ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮৯]

মানুহৰ প্ৰধান কৰ্তব্য নকৰা হৈ থাকিল বুজিব লাগিব। ডিগ্ৰীটোৰ মূল্য নাই বুলি নকওঁ, কিন্তু সি ডিগ্ৰীয়ে নিজৰ ভাত মুঠা মুকলি কৰি খাবৰ উপায় দিব নোৱাৰে, তাৰ মূল্য তিমান বেচিও বুলিব নোৱাৰো। আমাৰ বৰ্ত্তিমান শিক্ষাৰ উপকাৰ নাই বুলিও নকওঁ, কিন্তু প্ৰায় ২০ বছৰ ধৰি শৰীৰৰ তেজক পানী কৰি আৰু অন্ত দেৱতাৰ মাহাত্ম্য খৰ্ব কৰি যি শিক্ষা পাওঁ, সেই শিক্ষাই যেতিয়া আমাৰ সাধাৰণ ঘেৰামী বা মিস্তীৰিত কৰি বেছি অৰ্জনক্ষম কৰি তুলিব নোৱাৰে, তেতিয়া সেই শিক্ষাৰ যে কোনো ঠাইত কেৰোণ বৰ বেয়াকৈ লাগিছে, এই ভাৱে আপোনা আপুনি আমাৰ মনত নুখুন্দিয়াকৈ নাথাকে। এই কেৰোণ হৈছে ইয়াতে যে আমাৰ শিক্ষা উদেশ্য বিহীন। এক উদেশ্য বা অনুদেশ্য কেৱল পৰীক্ষা পাছ, আৰু পৰীক্ষা পাছৰ উদেশ্য চাকৰী; কিন্তু চাকৰী যে আৰু নাই। যি দুটা এটা ওলায় তাৰ মূল্য কিমান? কোনো কোনো লৰাই কলেজত মাহে যিমান খৰছ কৰে, কলেজৰ পৰা ওলাই আহি তিমান টকা দৰমহাৰ চাকৰী নাপায়।

 প্ৰশ্ন উঠিব পাৰে, এনে অৱস্থাত কলেজত পঢ়া উচিতনে অনুচিত অথবা কলেজৰ বিদ্যাৰ একো দৰকাৰ নাই নেকি? নিশ্চয়, কলেজৰ বিদ্যাৰ দৰকাৰ আছে, আৰু কলেজত পঢ়াও উচিত। কিন্তু তাতকৈয়ো বেছি দৰকাৰ হৈছে অৰ্থৰ; আৰু টকা অৰ্জনৰ ক্ষমতাৰ প্ৰধান কথা, প্ৰত্যেকে নিজে নিজে