সমললৈ যাওক

পুৰণি অসমীয়া সাহিত্য/নামঘোষা

ৱিকিউৎসৰ পৰা

[ ৫৯ ]

নামঘোষা

 সাম্প্ৰদায়িক উৎপীড়নত কামৰূপ ৰাজ্য এৰি গৈ কোচবিহাৰৰ অন্তৰ্গত ভেলাডোৱাৰত সত্ৰ পাতি থাকোঁতে মহাপুৰুষ মাধৱদেৱে জীৱনৰ শেষ ভাগত এই অনুপম ঘোষা গ্ৰন্থ ৰচনা কৰে।

 নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। একশৰণ ধৰ্মৰ মাহাত্ম্য-প্ৰতিষ্ঠাপক গ্ৰন্থ নামঘোষাত বাজে অসমীয়া ভাষাত আৰু দ্বিতীয় নাই। শঙ্কৰদেৱৰ কীৰ্তন পুথিত গল্পৰ ছলেৰে উপদেশ আছে আৰু তেওঁৰ ‘ভক্তি-ৰত্নাকৰ’ আৰু ভট্টদেৱৰ ‘ভক্তি-বিবেক’ এই দুখন গ্ৰন্থ ভক্তি-গৌৰৱ-পৰিচায়ক হ’লেও মূল সংস্কৃত শ্লোক কেতবোৰৰ সংগ্ৰহ মাথোন। সেই দেখি এই দুখনক জাতীয় সাহিত্যৰ ভিতৰুৱা বুলি ধৰিব নোৱাৰি। এই দুখনত বাজেও গোপাল মিশ্ৰ নামে বৈষ্ণৱ পণ্ডিত এজনাৰ ‘ঘোষা-ৰত্ন’ নামে অসমীয়া পদত লিখা প্ৰায় সম-বিষয়ক গ্ৰন্থ এখন আছে। কিন্তু ভাষাৰ সৌষ্ঠৱ, ভাবৰ ঐক্য, একাগ্ৰতা আৰু প্ৰগাঢ়তাত ই নামঘোষাৰ তলৰ শ্ৰেণীৰ পুথি; আৰু যি যি গুণৰ অৱস্থিতিয়ে নামঘোষাক বিচাৰি-গ্ৰন্থৰ শাৰীৰপৰা সাহিত্যৰ ভিতৰলৈ আনে ঘোষা-ৰত্নত সেইবোৰ সমূলি অবৰ্তমান।

 নামঘোষা আৰু ওপৰত উল্লেখ কৰা আন গ্ৰন্থবোৰ শিক্ষা মূলক সাহিত্যৰ ভিতৰত পৰে আৰু একেবাৰে শিক্ষা-মূলক হ’লে কোনো গ্ৰন্থৰেই লোক-সাহিত্য হিছাপে বিশেষ মূল্য নাথাকে, যদিওবা শিক্ষা অতি ওখ ধৰণৰে হয়। কিন্তু নামঘোষা বিশুদ্ধ উপদেশমূলক নহয়। ই মহানুভৱ পুৰুষ এজনাৰ আত্ম-প্ৰকাশ মাথোন।

 নামঘোষাৰ ৰচনা কাল বিবেচনা কৰিবলগীয়া। সকলো মহা-সাহিত্যৰ ওপৰতে কালৰ জটিল প্ৰভাৱবোৰৰ ছায়া পৰে। নামঘোষাৰো ঠায়ে ঠায়ে কালৰ প্ৰভাৱ ধৰিব পৰা যায়। নামঘোষা [ ৬০ ] ৰচনাৰ বহুত আগতেই শঙ্কৰদেৱৰ তিৰোভাৱ হয়। সাম্প্ৰদায়িক বিদ্বেষত ৰঘু ৰজাৰ হাতত নিগ্ৰহ ভোগ কৰি নিজ তত্ত্বাৱধানত ৰজাই লোৱা আদৰৰ বৰপেটা থান এৰি থৈ গৈ মাধৱদেৱ তেতিয়া ভেলাডোৱাৰত প্ৰৱাস খাটি আছিল। কোচবিহাৰতো তেওঁৰ দিন নিৰুপদ্ৰৱে যোৱা নাছিল। তাতো তেওঁ খলৰ হাতত সময়ে সময়ে লাঞ্ছনা ভোগ কৰিব লগাত পৰিছিল। পাণ্ডিত্য, আভিজাত্য আৰু আধ্যাত্মিকতাৰ সম্মোহিনী গুণত যি মহাপুৰুষে ৰজা-প্ৰজা, শত্ৰু- মিত্ৰ সকলোকে এডাল ভক্তিৰ সূতাৰে মেৰাই লৈছিল, মাধৱদেৱৰ লগত তেতিয়া সেই সৰ্বতোমুখী প্ৰতিভাশালী গুৰুদেৱৰ শক্তি- প্ৰদায়িনী স্মৃতি মাথোন বৰ্তমান আছিল। সেই দেখি খল, সূচকসকলৰ হিংসা-দ্বেষ, নিগ্ৰহ-লাঞ্ছনা সকলোকে মাধৱদেৱে অকলশৰে বুকু পাতি সামৰি ল’ব লগাত পৰিছিল। তাত বাজেও নৱ-প্ৰৱৰ্তিত বৈষ্ণৱ-সম্প্ৰদায়ৰ ভিতৰত বেলেগ বেলেগ ভিন্ন মতে দেখা দিছিল। এই সন্ধিক্ষণত ৰচনা কৰা নামঘোষা গ্ৰন্থক শঙ্কৰ-স্মৃতি-মণ্ডিত মাধৱদেৱৰ পূৰ্ণব্ৰহ্ম-স্বৰূপ কৃষ্ণৰ প্ৰতি একান্তিকা ভক্তিৰ বিৰাট ঝঙ্কাৰ বুলিব পাৰি।

 নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰধাৱমান হৈছে—পুণ্য-শ্লোক শঙ্কৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি-মাহাত্ম্য। কিন্তু হিমালয়ৰ নিভৃত শৃঙ্গৰ ওপৰত স্তুপীকৃত হৈ থকা এক অনন্ত তুহিনৰাশিয়েই গলি গৈ ভৈয়ামত নানান নদ-নদীস্বৰূপে অৱতীৰ্ণ হোৱাৰ দৰে, এই তিনিও ধাৰাৰেই মূল কাৰণ হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰ আৱেগ। ইংৰাজী কবিতাত ৰাজহাঁহ জাতীয় এবিধ চৰাইৰ ( Swan ) উল্লেখ পোৱা যায়। সি হেনো অন্তিম কালত নৈত উটি গৈ গীত গাই গাই গীততেই পমি গৈ মৰে। মামঘোষা মাধৱদেৱৰ শেষ ৰচনা। ই তেওঁৰ তিৰোধানৰ বহুত আগতে ৰচিত নহয়। ইয়াক “পৰম আনন্দ-সাগৰত” উটি যোৱা মাধৱদেৱৰ মহাপ্ৰাস্থানিক গীত বুলিব পাৰি— “গুৰু ভৈলা তাত কৰ্ণধাৰ, কৃষ্ণ ভৈল অনুকূল [ ৬১ ] বায়ু”। গুৰু-স্মৃতি শিৰোগত কৰি কৃষ্ণ-নাম হৃদয়ত ধৰি, নামঘোষা মহাগীতৰ ভিতৰেদি হৃদয়ৰ একান্ত ভক্তিৰস ঢালি দি “সমস্তসাক্ষিং সদসদ্বিহীনং প্ৰয়াতি শুদ্ধং পৰমাত্মৰূপম্” ( কৈৱল্যোপনিষৎ )

 নামঘোষা প্ৰতিপাদ্য বিষয় অলপ কথাৰেই ক’ব লাগিলে তলত দিয়া পদফাকিৰেই ক’ব পাৰি—

মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
 ৰসময়ী মাগোহোঁ ভকতি।
সমস্ত-মস্তক-মণি  নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি।

 যি ভকতে মুক্তি-সুখকো বাঞ্ছা নকৰি ভক্তিহে বিচাৰে তেনে নাৰদীয় ভক্তিৰ মানৱ মূৰ্তি তেওঁৰ গুৰুদেৱ শঙ্কৰ আৰু তেওঁৰ শৰীৰৰ ভকতসকলৰ নমস্কাৰ কৰি, দেৱ যদুপতিৰ নামত আত্মবিলোপ কৰি ৰসসিক্ত ভক্তিহে তেওঁ আকাঙ্ক্ষা কৰে। প্ৰায় এহেজাৰ পদৰ ভিতৰেদি নানান ছন্দ নানান গাথাত এই ভাব- ত্ৰিধাৰাৰেই প্ৰকাশ হৈছে।

 গ্ৰন্থৰ ভিতৰত ভক্তি-গৌৰৱ-প্ৰতিষ্ঠাপক বিচাৰ নানান মনোজ্ঞ ছন্দোময়ী ভাষাত থাকিলেও কেৱল সেইবোৰৰ গুণে গ্ৰন্থখন ডাঙৰ নহয়। বিশুদ্ধ বিচাৰ-বুদ্ধিৰ দ্বাৰা অশেষ দুৰ্জ্ঞেয় ভাবৰ অৱতাৰণা কৰিব পাৰি আৰু দাৰ্শনিক তথ্য হিছাপে সেইবিলাকৰ ঠাই অতি ওখ হ’লেও প্ৰকৃত সাহিত্য ক্ষেত্ৰত সিবিলাকৰ তিমান মূল্য নেথাকিব পাৰে। সাহিত্যৰ ফালৰপৰা চাব লাগিব, সেই ভাববোৰৰ ভিতৰেদি লেখকে ব্যক্ত কিমানখিনি আত্মাভিব্যক্তি কৰিব পাৰিছে।

 এপিনে যেনেকৈ মাধৱদেৱে নিজৰ ৰচিত গীত, নাটক আদিত বাৎসল্য-ভক্তিৰ পৰাকাষ্ঠা দেখুৱাইছে, আনপিনে তেনেকৈ নামঘোষাতো হৃদয়ৰ ভক্তিৰ আবেগ ঢালি দি দাস্য-ভাবক কবিত্বৰ চৰম সীমালৈ লৈ গৈছে। বাৎসল্য-ৰসৰ উদয়াচলত আবিৰ্ভূত হৈ দাস্য-ভাবৰ অস্তাচলত মাধৱদেৱৰ সাহিত্য প্ৰতিভা মাৰ গৈছে।

[ ৬২ ]  সংসাৰ-ত্যাগী মাধৱদেৱক দাস্য-ভক্তিৰ মূৰ্তিমান স্বৰূপ বুলিব পাৰি। ঘোষা-ৰত্নৰ কবি গোপাল মিশ্ৰই গুণগ্ৰাহী ভাষাৰেই মাধৱদেৱৰ প্ৰকৃতি বৰ্ণনা কৰিছে—“শ্ৰীমন্ত মাধৱ নাম ধৰি, বিষয়সুখক পৰিহৰি, কৃষ্ণ যশৰস কৰিলা সিটো বিস্তাৰ।” পৰম বৈৰাগ্যৰ পৰিপোষক চিৰকৌমাৰ্য ব্ৰত অৱলম্বন কৰি মাধৱদেৱ আজীৱন কৃষ্ণ-যশ-ৰসতেই ডুবি আছিল। সংসাৰত যেনেকৈ তেওঁ নিজৰ পৰিচয় দিবলৈ তেজৰ সম্বন্ধ ৰাখি যোৱা নাই, সাহিত্য-ক্ষেত্ৰতো মাধৱদেৱে কোনো ঠাইত আত্ম-পৰিচয় দি যোৱা নাই। আত্মাৰাম ভাব মাধৱ-চৰিত্ৰৰ কেন্দ্ৰস্থান। বৈষ্ণৱ আন্দোলনত ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈকে যিসকল মহানুভৱ কবি ওলাইছিল, সেই সময়ৰ ৰীতি অনুসাৰে তেওঁলোকে নিজ নিজ কবিতাৰ ভণিতাত নাইবা ঠাই বিশেষে গ্ৰন্থৰ ভিতৰতো আপোন আপোন বংশ আদিৰ পৰিচয় দি থৈ গৈছে। সেই অনুসাৰে আমাৰ দেশতো হেম সৰস্বতী, মাধৱ কন্দলি, ৰাম সৰস্বতী, এনে কি স্বয়ং শঙ্কৰদেৱেও নানান ঠাইত বংশ, জন্ম-ঠাই আদিৰ পৰিচয় দি গৈছে। অনন্ত কন্দলিয়ে এঠাইত এনেকৈও কৈ গৈছে যে তেওঁ সংস্কৃতপৰ্যন্ত কাব্য আদি ৰচনা কৰিব পাৰে, কেৱল লোক-শিক্ষাৰ নিমিত্তেহে অসমীয়াত পদ ৰচনা কৰিছে। কিন্তু পৰম বিৰক্ত মাধৱদেৱে কোনো গ্ৰন্থতেই বংশ বা আত্ম-পৰিচয় দি যোৱা নাই। আত্ম-লঘিমা মাধৱ-চৰিত্ৰৰ এটি প্ৰধান লক্ষণ।

 বৈষ্ণৰ কবিসকলে ভণিতাত নামৰ আগত প্ৰায়েই বিশিষ্ট বিশেষণ শব্দ লগাই দিয়ে। শঙ্কৰদেৱৰ নামৰ আগত পহিলা জীৱনত ৰচিত পুথিত কায়স্থ শব্দ আৰু শেহৰ ফালে ৰচিত পুথিত “কৃষ্ণৰ কিঙ্কৰ” কথা ফাকি থাকে। অনন্ত কন্দলি, ৰাম সৰস্বতীসকলৰ নামৰ আগত কেতিয়াবা গৌৰৱসূচক উপাধিবোৰ থাকে আৰু কেতিয়াবা একো নেথাকে। আন ব্ৰাহ্মণ কবিসকলৰ নামৰ আগত কেতিয়াবা দ্বিজ শব্দটো থাকে, কেতিয়াবা একোৱেই নেথাকে। কিন্তু মাধৱদেৱৰ নামৰ আগত লগোৱা প্ৰিয় বিশেষণ শব্দ হয় “দীন”, [ ৬৩ ] নহয় “মূৰুখমতি”। ইও কেৱল মাধৱচৰিত্ৰৰ আত্ম-লঘিমা-নিৰ্দেশক মাথোন।

 এপিনে বৰগীতৰ অন্তৰ্গত মাধৱদেৱৰ শিশু কৃষ্ণ-বিষয়ক গীতবোৰ যেনে বাৎসল্য ৰসৰ, আনপিনে তেনে নামঘোষাৰ অন্তৰ্গত কৰুণ স্তুতিৰ গীতবোৰো দাস্য-ভাবৰ উৎকৰ্ষ প্ৰকাশক। ভাবৰ প্ৰগাঢ়তা আৰু আনুষঙ্গিক হৃদ্যতা গুণত সেইবোৰক পৃথিৱীৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ মূল ধৰ্মগ্ৰন্থবোৰৰ প্ৰাৰ্থনা-সঙ্গীতবোৰৰ লগত ৰিজাব পাৰি। নামঘোষাৰ অন্তৰ্গত স্তুতি-গীতবোৰৰ বাহিৰে দৈন্যকৰুণা- বিগলিত কবিতা ভাৰতীয় বৈষ্ণৱ সাহিত্যত বৰ প্ৰচুৰ নহয়। মহাৰাষ্ট্ৰীয় বৈষ্ণৱ কবি তুকাৰামৰ কবিতাবোৰতহে তাক সমান জোখেৰে পোৱা যায়। তলত দুই চাৰিটা পদ উদ্ধাৰ কৰি দিয়া হ’ল—

“মোৰ সম পাপীলোক  নাহিকে ই তিনি লোক
 তুমি সম নাহি পাপহাৰী।
ইজানি গোবিন্দ মোক  যেন যুৱাই কৰিয়োক
 তুৱা পদে কৰোহোঁ গোহাৰি॥”
“হৰি ও হৰি  কৰুণা-সাগৰ
 কৰিয়ো কৃপা আমাক।
প্ৰিয়তম আত্মা  সখা ইষ্ট গুৰু
 মানিয়া আছো তোমাক॥”
“চৰণত ধৰো  কাতৰ কৰোহো
 ইবাৰ নেৰিবা মোক।”

 “ইবাৰ নেৰিবা মোক”—কথাষাৰ বৰ মৰ্মস্পৰ্শী; অসংখ্যবাৰ এই সংসাৰ-চক্ৰত ঘূৰি ঘূৰি নিকাৰ ভুঞ্জিব লাগিছো, প্ৰভু ইবাৰ কিন্তু কৰ্ম-বন্ধনৰপৰা যেন মোক নিষ্কৃতি দিয়া!—কথাষাৰে প্ৰভুৰ পাদ-মূলত লোলুঠ্যমান কাতৰ ভক্তৰ কৰুণ ছবি এটি মনত সজাগ কৰি তোলে।

 ঈশ্বৰৰ ওচৰত সৰ্বতোভাৱে আত্ম-সমৰ্পণ কৰিব লাগিলে মন, [ ৬৪ ] বুদ্ধি আদি সকলো ইন্দ্ৰিয়বৃত্তিবোৰৰ ভিতৰেদি কুসুম-সুৰভিত হৰিনামৰ প্ৰৱাহহে চলিব লাগে। “ইবাৰ নেৰিবা মোক” আদি কাতৰোক্তিৰ পিছতো ভক্তই যেতিয়াই প্ৰভুৰ পাদ-মূলত আশ্ৰয় পাবৰ যোগ্য হয় নে নহয় বুলি নিজৰ ওপৰত অন্তৰ্দৃষ্টি স্থাপনা কৰে, তেতিয়াও একান্ত ভক্তৰ মনত সংশয়ৰহে উদ্ৰেক হয়। কাণ, চকু, জিভা, মন আদি ইন্দ্ৰিয় আৰু বৃত্তিবোৰেও ঈশ্বৰৰ গৌৰৱধ্যান অৱহেলা কৰি নিজ নিজ স্বভাৱত চলা যেন দেখে। তেতিয়া হৃদয়ৰ কাতৰ্য ভাব ইন্দ্ৰিয়সকলৰ প্ৰতি ভৎৰ্সনাত উদ্দীপিত হৈ উঠে। এই দীপ্ত ভাবত কিন্তু প্ৰকৃত পৰিচালক ৰাগ, অভিমানৰ ছায়া নাই। ইয়াত জোনাকী পৰুৱাৰ প্ৰভা আছে, কিন্তু দাহিকা শক্তি নাই।

“হে জিহ্বা সদা তই  আমাত নিৰ্দয় ভৈলি
 কেনে নোবোলস ৰাম-বাণী।
সংসাৰ সাগৰে ইটো  হৰিহে সুদৃঢ় নাৱ
 জানি হৰি বুলিও কল্যাণী॥”
“শুনিয়োক চিত্ত হেৰ  পৰম ৰহস্য বাণী
 তুমি শুদ্ধ জ্ঞানৰ আলয়।
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ  পৰম ঈশ্বৰ দেৱ
 নাছাড়িবা তাহান আশ্ৰয়॥”

 “শুনিয়োক বুদ্ধি তোৰ”—ইত্যাদি প্ৰত্যেক পদতেই ইন্দ্ৰিয় আৰু চিত্তবৃত্তিবোৰক ঈশ্বৰাভিমুখী হ’বলৈ ভৎৰ্সনা মিশ্ৰিত কাতৰ মিনতি কৰা হৈছে।

 নামঘোষাৰ নামান্বয় খণ্ড অতি ৰহস্যময়। গ্ৰন্থৰ দ্বিতীয় পদতেই মাধৱদেৱে নিৰ্গুণ বিষ্ণুৰ সগুণ দশাৱতাৰৰ বৰ্ণনা কৰিছে। সগুণ উপাসনা ভক্তিৰ আদি স্তৰত আৱশ্যক হ’লেও, অসীম মানৱ হিয়াত একান্ত ভক্তিৰ সোঁত নামিলে, ভাদমহীয়া ঢলৰ পানী নৈৰ গৰা ভাঙি পাৰ বাগৰি যাৱাৰ দৰে ই সীমাবদ্ধ সগুণ উপাসনাত আৱদ্ধ হৈ থাকিব নোৱাৰে। ভক্তিৰসত যেতিয়া সকলো চিত্ত-বৃত্তিবোৰ আলোড়িত হৈ উঠে, তেতিয়া ৰাম, কৃষ্ণ, নাৰায়ণ আদি সীমাবাচক [ ৬৫ ] মূৰ্তিৰ ভিতৰেদি এক বিৰাট, অখণ্ড, আনন্দময়, জ্যোতিৰ্ম্ময়, সীমাহীন পদাৰ্থৰহে আভা দেখা যায় —‘যমেৰ ভান্তমনুভাতি সৰ্ব্বং যস্য ভাসা সৰ্ব্বমিদং বিভাতি”, তেতিয়া ৰাম কৃষ্ণ আদি সগুণবাচক নামবোৰ এই অসীম ভাস্বৰ পদাৰ্থৰ জ্যোতিৰ্বাচক সাঙ্কেতিক চিহ্নত পৰিণত হয়গৈ। নামঘোষাৰ নামান্বয় খণ্ডক ৰাম, কৃষ্ণ আদি মূৰ্তিৰ ভিতৰেদি মাধৱদেৱৰ সমাধিদৃষ্ট বিশ্ব-ৰূপ-কল্পনা বুলিব পাৰি।

 ৰামকৃষ্ণ পৰমহংসদেৱে নিৰ্গুণ ব্ৰহ্মত সমাধি ভঙ্গ হোৱাৰ পিছতো সগুণ কালী মূৰ্তিক “মা মা” বুলি স্মৰণ কৰাৰ দৰে, মাধৱদেৱেও আনন্দ সাগৰত ডুব দি উঠাৰ পিছত সগুণ উপাস্য দেৱতা কৃষ্ণৰ নাম লোৱাৰ লগে লগে পাৰ্থিৱ গুৰু শঙ্কৰদেৱৰ স্মৃতি ক্ষণকাললৈও নেপাহৰে। এই যে বিপুল আনন্দৰ অনুভূতি, তাক কাৰ কৃপা-গুণত পোৱা হ’ল? নামঘোষাৰ যি যি ডোখৰতেই ঢৌৰ খলকনিৰ দৰে গভীৰ ভক্তি-ৰসৰ তোলপাৰ লাগিছে, সেই সেই ঠাইতেই মাধৱদেৱে আপোন-পাহৰা হৈ শঙ্কৰ-গৌৰৱত বিমোহিত হৈছে। শঙ্কৰদেৱৰ জীৱিতাৱস্থাতেই মাধৱদেৱে গুৰু-ভক্তিৰ নিদৰ্শন স্বৰূপে গুৰু-ভটিমাটো লিখে। নামঘোষাৰ বিৰাট আনন্দৰ উদ্বেল গতিতো শঙ্কৰ-স্মৃতিয়ে তেওঁক পোহৰ দিয়ে—

হৰিভক্তি ৰাজমাৰ্গ গুৰু  পদ-নখ-চন্দ্ৰ-প্ৰকাশিত
 শ্ৰুতি-জননীৰ পদপথ অনুসৰি।
ফুৰো হুয়া আমি আনন্দিত,  স্খলন নাহিকে কদাচিত
 মহাজনসৱে জানিবা নিশ্চয় কৰি॥

আকৌ—

হৰিনাম প্ৰেমৰস  অমৃত `নিধিক ৰান্ধি
 গুপ্ত কৰি থৈলা দেৱগণে।
দয়ালু শঙ্কৰে পাই  তুলি মুদ ভাঙ্গি দিলা
 সুখে পান কৰা সৰ্ব্বজনে॥
শ্ৰীমন্ত শঙ্কৰ  হৰি-ভকতৰ
 জানা যেন কল্পতৰু।

[ ৬৬ ]

তাহান্ত বিনাই  নাই নাই নাই
 আমাৰ পৰম গুৰু॥  ইত্যাদি।

 “ৰসময়ী ভকতিৰ” ধাৰা কেতিয়াবা কৃষ্ণ-মহিমা, কেতিয়াবা গুৰু-কৃপা আৰু কেতিয়াবা আত্ম–গ্লানি আদি নানান প্ৰৱাহত জলপ্ৰপাতৰ দৰে অবিৰাম সোঁতত ব’ব লাগিছে।

 ৰামকৃষ্ণ পৰমহংসদেৱে কোৱা এটি সুন্দৰ সাধু-কথা আছে। তিনিজন মানুহে এখন বিতোপন ফুলনিৰ বাতৰি পাই চাবৰ মনেৰে বহুত দুখ-দুৰ্গতি সহ্য কৰি গৈ পালত দেখে যে, ফুলনিৰ চাৰিওফালে এখন দুৰ্লঙক্ষ্য বেৰ। নানান উপায়ে বেৰৰ ওপৰত উঠি ফুলনিৰ শোভাত মোহিত হৈ, জাপ দি দুজন ফুলনিৰ ভিতৰতেই ৰৈ গ’ল, এজনে লগৰীয়াসকলক জান দিবলৈ ফিৰি আহিল। পাৰমাৰ্থিক ক্ষেত্ৰত উভতি অহা তৃতীয়জনেই আদৰ্শ শিক্ষক। আন দুজনে আনন্দ-বিহ্বল হৈ ৰূপ-সাগৰত ডুবি থাকিল। তৃতীয় জনে সমদুখ-পীড়িত আৰ্ত লগৰীয়াসকলক ৰূপ-সাগৰৰ জান দিবলৈ উভতি আহিল। নামঘোষাৰ ভিতৰত যি মাধৱ- মূৰ্তি দেখা যায় সেই মূৰ্তি ওপৰত কোৱা তিনিজনৰ ভিতৰত তৃতীয়জনৰ শ্ৰেণীৰ। নামঘোষাৰ আদিৰপৰা অন্তলৈকে সংসাৰ- পীড়িত সকলো লোকৰ প্ৰতি সংক্ৰামক সহানুভূতিৰ প্ৰৱাহ এটিও আছে।

 বিপথগামী মানৱ-প্ৰকৃতিৰ ওপৰত কোনো ঠাইতেই তেওঁ কঠোৰ আঘাত দিয়া নাই। সচৰাচৰ দেখা ধৰ্ম বা সমাজ- সংস্কাৰকসকলৰ দৰে তীব্ৰ ব্যঙ্গোক্তি তেওঁৰ নাই। ৰসময়ী ভক্তি যাৰ অন্তৰৰ প্ৰেৰণা, তেওঁৰ উপদেশৰ মালাধাৰিও পাৰ বাগৰি যোৱা ৰসৰ ঢৌ মাথোন। নিজৰ নাম উল্লেখ কৰিব লাগিলে যেনেকৈ তেওঁৰ প্ৰিয় বিশেষণ হৈছে “দীন”, আনক উপদেশ দিয়াতো তেওঁৰ প্ৰিয় সম্বোধন হৈছে “ভাই”—

“সেহিসে দিনক ভাই  দুৰ্দ্দিন বুলিয়া মানি
 মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।”

[ ৬৭ ]

“ভজ ভাই মাধৱক  স্মৰ ভাই মাধৱক
 গাৱ ভাই মাধৱৰ গুণ।”
“ৰাম কৃষ্ণ ৰাম  কৃষ্ণ বোল ভাই
 তেজিয়া লাজ আলাস।”
“পিয়ু পিয়ু ভাই  ভাৱকসকল
 হৰি নাম ৰস-সাৰ।”

 ক্ষিপ্ৰ বেগত ঢৌৰ বোকোচাত ঢৌ উঠাৰ দৰে “পিয়ু পিয়ু” দ্বিৰুক্তি অতি অৰ্থব্যঞ্জক।

 বিৰুদ্ধবাদীসকলৰ প্ৰতি সহনশীলতা গুণত মাধৱদেৱৰ লগত অনন্ত কন্দলিৰ বৈপৰীত্য দেখা যায়। অনন্ত কন্দলিৰ দশম ভাগৱতৰ শেহ ছোৱা বোধ হয় শঙ্কৰদেৱৰ তিৰোধানৰ পিছত লিখা। যদিওবা শঙ্কৰদেৱৰ জীৱিতাৱস্থাতেই ভাঙনি আৰম্ভ হয়, তথাপি সমাপনত শঙ্কৰদেৱ নাই বুলি কন্দলিয়ে ভাঙনিৰ শেহত লিখিছে। মাধৱদেৱে যি সময়ত ঘোষা ৰচনা কৰে তাৰ ওচৰা- উচৰি সময়তে কন্দলিয়ে শেষ দশম ভাঙে। সাম্প্ৰদায়িক বিদ্বেষৰ শিখা কন্দলিৰ গাতো পৰিব পায়। ভণিতাবোৰত ঠায়ে ঠায়ে তেওঁ বিৰোধীসকলৰ প্ৰতি তীব্ৰ বচন প্ৰয়োগ কৰিছে।

“শাস্ত্ৰ মাত্ৰ পঢ়ে মানে বোলোৱে পণ্ডিত।
ৰাত্ৰি দিন চাহে হৰি ভকতি খণ্ডিত॥”
“বিস্তৰ লভিলে ভকতিক বোলে ভাল।
অধিক নাপাইলে নিন্দা বোলে সেহিকাল॥”
“ময়না ভাটৌৱে যেন ভযাৱয় শাস্ত্ৰ।
যুগুতি বোলন্তে খঙ্গে গালি পাৰে মাত্ৰ॥
হেন ব্ৰাহ্মণত কিছু নুপুছিবা বোধ।
গালি পাৰিলেও তাক নকৰিবা ক্ৰোধ॥ ”

— ইত্যাদি

 অনন্ত কন্দলিৰ উপদেশৰ লগত শ্লেষোক্তিৰ প্ৰাচুৰ্য বেছি। কিন্তু আনক বিকলমতি দেখি শ্লেষ দূৰত থাওক, খেদ কৰিও মাধৱদেৱে অন্ত নেপায়। বিষয়-ভোগত অপাৰগ, তথাপি শেহ [ ৬৮ ] বয়সতো বুঢ়াসকলে বিষয়ৰ প্ৰতি লালসা এৰিব নোৱাৰে কিয়?—

বালকে কৰোক বহুমান,
যুবায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল।
ভোগ কৰিবাৰ নপাৰয়
তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনে৷ বিপৰীত ভৈল॥

 কিন্তু চাই থাকোতে থাকোতে “পূৰ্ণানন্দ সমুদ্ৰ”ৰ তৰঙ্গ আহি সকলোকে দৃষ্টিৰ অগোচৰ কৰি উটাই লৈ যায়। তেতিয়া আকৌ “পিয়ু পিয়ু অমিয়া মাধুৰী হৰি ৰাম নাম ৰস” বুলি আত্মহাৰা হৈ “পৰম আনন্দ-সমুদ্ৰে মজি ৰহয়”। এয়েই মাধৱদেৱৰ “ৰসময়ী ভকতি।”

 নামঘোষাৰ প্ৰায় এহেজাৰৰ ভিতৰত পাঁচ-ছশমান পদেই নানা সংস্কৃত মূল শ্লোকৰ ভাঙনি। সেই হিছাপে নামঘোষা মৌলিক গ্ৰন্থ নহয়। কিন্তু সাহিত্য হিছাপে নামঘোষাৰ মূল্য ইয়াৰ উপদেশৰ মৌলিকত্ব বা অমৌলিকত্ব নহয়। অনেক মৌলিক গ্ৰন্থৰো সাহিত্য হিছাপে কোনো মূল্য নেথাকিব পাৰে। নামঘোষাৰ প্ৰগাঢ় দাৰ্শনিক তথ্যবোৰত সাহিত্য হিছাপে কোনো আকৰ্ষণ নাই। কিয়নো দাৰ্শনিক তথ্য সদায় বুদ্ধিগম্য আৰু প্ৰকৃত সাহিত্য সদায় হৃদয়গম্য। নামঘোষাৰ ধৰ্ম-মতত সাহিত্য হিছাপে ইয়াৰ মূল্য নাই; কিয়নো বহু ধৰ্মৰ লগত ইয়াৰ মত নিমিলিব পাৰে। সাহিত্য হিছাপে ইয়াৰ মূল্য ইয়াৰ গভীৰ ভক্তিৰসত। ভক্তি- ক্ষেত্ৰত মতামত নাই, ভক্তি-ক্ষেত্ৰত নামভেদ নাই—ইয়াত ৰাম, কৃষ্ণ, শিৱ, দুৰ্গা, খ্ৰীষ্ট, মহম্মদ কাৰো পাৰ্থক্য নাই। ইয়াত থাকে মাত্ৰ একাগ্ৰতা, ব্যাকুলতা, তন্ময়তা। সাহিত্য হিছাপে নামঘোষাৰ মূল্য এই মহান ৰসত শৰৎ কালত সেই চিৰ-পৰিচিত গিৰি, নৈ, বন, উপবন আদিয়ে বিমল কান্তি ধাৰণ কৰাৰ দৰে, চন্দ্ৰ[ ৬৯ ] কিৰণৰ মৃদু পোহৰত চিৰপৰিচিত নৈৰ পানীৰ ওপৰত অপৰূপ জেউতি পৰাৰ দৰে, ৰসময়ী ভক্তিৰ নিয়ৰত তিতা নানান মূলৰ পৰা সংগৃহীত নামঘোষাৰ পদ-পুঞ্জৰ ওপৰত এক অভিনৱ সৌন্দৰ্যৰ সম্পাত হৈছে।

 তাত বাজেও ইয়াৰ অধিক মূল্য হৈছে ইয়াত প্ৰতিফলিত হোৱ৷ মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ প্ৰতিবিম্বত। তিৰোধানৰ অলপ আগতেই জিজ্ঞাসু শিস্যসকলক মাধৱদেৱে কৈ থৈছিল যে তেওঁ নোহোৱা হ’লেও নামঘোষাতে বিচাৰিলে তেওঁক পাব। কথাষাৰ বৰ যথাৰ্থ। নামঘোষা পুথি পঢ়িলে ছন্দৰ ঝঙ্কাৰ, ভাষাৰ মাধুৰ্য, ভাবৰ প্ৰগাঢ়তা, সকলোকে অতিক্ৰম কৰি মনঃচক্ষুৰ দৃষ্টি পৰে মাধৱদেৱৰ ভক্তি-কাতৰ কৰুণ মূৰ্তিত। আমি দেখো মাধৱদেৱ ধীৰ, সৌম্য, সহিষ্ণু, প্ৰশান্ত, একান্ত গুৰুভক্ত, কৃষ্ণনাম-ৰত— তথাপি হৃদয়ৰ উদ্বেল ভক্তি-ভাৱত সদায় উদ্বাউল, সীমাবানৰ সীমা লঙ্ঘন কৰি “পৰম আনন্দ সাগৰে মজি” থাকিবলৈ ব্যাকুল—

“যত্তু বিদিতাদথো অবিদিতাদধি”। (কেনোপনিষৎ )