পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
পুৰণি অসমীয়া সাহিত্য


বয়সতো বুঢ়াসকলে বিষয়ৰ প্ৰতি লালসা এৰিব নোৱাৰে কিয়?—

বালকে কৰোক বহুমান,
যুবায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল।
ভোগ কৰিবাৰ নপাৰয়
তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনে৷ বিপৰীত ভৈল॥

 কিন্তু চাই থাকোতে থাকোতে “পূৰ্ণানন্দ সমুদ্ৰ”ৰ তৰঙ্গ আহি সকলোকে দৃষ্টিৰ অগোচৰ কৰি উটাই লৈ যায়। তেতিয়া আকৌ “পিয়ু পিয়ু অমিয়া মাধুৰী হৰি ৰাম নাম ৰস” বুলি আত্মহাৰা হৈ “পৰম আনন্দ-সমুদ্ৰে মজি ৰহয়”। এয়েই মাধৱদেৱৰ “ৰসময়ী ভকতি।”

 নামঘোষাৰ প্ৰায় এহেজাৰৰ ভিতৰত পাঁচ-ছশমান পদেই নানা সংস্কৃত মূল শ্লোকৰ ভাঙনি। সেই হিছাপে নামঘোষা মৌলিক গ্ৰন্থ নহয়। কিন্তু সাহিত্য হিছাপে নামঘোষাৰ মূল্য ইয়াৰ উপদেশৰ মৌলিকত্ব বা অমৌলিকত্ব নহয়। অনেক মৌলিক গ্ৰন্থৰো সাহিত্য হিছাপে কোনো মূল্য নেথাকিব পাৰে। নামঘোষাৰ প্ৰগাঢ় দাৰ্শনিক তথ্যবোৰত সাহিত্য হিছাপে কোনো আকৰ্ষণ নাই। কিয়নো দাৰ্শনিক তথ্য সদায় বুদ্ধিগম্য আৰু প্ৰকৃত সাহিত্য সদায় হৃদয়গম্য। নামঘোষাৰ ধৰ্ম-মতত সাহিত্য হিছাপে ইয়াৰ মূল্য নাই; কিয়নো বহু ধৰ্মৰ লগত ইয়াৰ মত নিমিলিব পাৰে। সাহিত্য হিছাপে ইয়াৰ মূল্য ইয়াৰ গভীৰ ভক্তিৰসত। ভক্তি- ক্ষেত্ৰত মতামত নাই, ভক্তি-ক্ষেত্ৰত নামভেদ নাই—ইয়াত ৰাম, কৃষ্ণ, শিৱ, দুৰ্গা, খ্ৰীষ্ট, মহম্মদ কাৰো পাৰ্থক্য নাই। ইয়াত থাকে মাত্ৰ একাগ্ৰতা, ব্যাকুলতা, তন্ময়তা। সাহিত্য হিছাপে নামঘোষাৰ মূল্য এই মহান ৰসত শৰৎ কালত সেই চিৰ-পৰিচিত গিৰি, নৈ, বন, উপবন আদিয়ে বিমল কান্তি ধাৰণ কৰাৰ দৰে, চন্দ্ৰ-