পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
নামঘোষা


বায়ু”। গুৰু-স্মৃতি শিৰোগত কৰি কৃষ্ণ-নাম হৃদয়ত ধৰি, নামঘোষা মহাগীতৰ ভিতৰেদি হৃদয়ৰ একান্ত ভক্তিৰস ঢালি দি “সমস্তসাক্ষিং সদসদ্বিহীনং প্ৰয়াতি শুদ্ধং পৰমাত্মৰূপম্” ( কৈৱল্যোপনিষৎ )

 নামঘোষা প্ৰতিপাদ্য বিষয় অলপ কথাৰেই ক’ব লাগিলে তলত দিয়া পদফাকিৰেই ক’ব পাৰি—

মুক্তিত নিস্পৃহ যিটো  সেহি ভকতক নমো
 ৰসময়ী মাগোহোঁ ভকতি।
সমস্ত-মস্তক-মণি  নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি।

 যি ভকতে মুক্তি-সুখকো বাঞ্ছা নকৰি ভক্তিহে বিচাৰে তেনে নাৰদীয় ভক্তিৰ মানৱ মূৰ্তি তেওঁৰ গুৰুদেৱ শঙ্কৰ আৰু তেওঁৰ শৰীৰৰ ভকতসকলৰ নমস্কাৰ কৰি, দেৱ যদুপতিৰ নামত আত্মবিলোপ কৰি ৰসসিক্ত ভক্তিহে তেওঁ আকাঙ্ক্ষা কৰে। প্ৰায় এহেজাৰ পদৰ ভিতৰেদি নানান ছন্দ নানান গাথাত এই ভাব- ত্ৰিধাৰাৰেই প্ৰকাশ হৈছে।

 গ্ৰন্থৰ ভিতৰত ভক্তি-গৌৰৱ-প্ৰতিষ্ঠাপক বিচাৰ নানান মনোজ্ঞ ছন্দোময়ী ভাষাত থাকিলেও কেৱল সেইবোৰৰ গুণে গ্ৰন্থখন ডাঙৰ নহয়। বিশুদ্ধ বিচাৰ-বুদ্ধিৰ দ্বাৰা অশেষ দুৰ্জ্ঞেয় ভাবৰ অৱতাৰণা কৰিব পাৰি আৰু দাৰ্শনিক তথ্য হিছাপে সেইবিলাকৰ ঠাই অতি ওখ হ’লেও প্ৰকৃত সাহিত্য ক্ষেত্ৰত সিবিলাকৰ তিমান মূল্য নেথাকিব পাৰে। সাহিত্যৰ ফালৰপৰা চাব লাগিব, সেই ভাববোৰৰ ভিতৰেদি লেখকে ব্যক্ত কিমানখিনি আত্মাভিব্যক্তি কৰিব পাৰিছে।

 এপিনে যেনেকৈ মাধৱদেৱে নিজৰ ৰচিত গীত, নাটক আদিত বাৎসল্য-ভক্তিৰ পৰাকাষ্ঠা দেখুৱাইছে, আনপিনে তেনেকৈ নামঘোষাতো হৃদয়ৰ ভক্তিৰ আবেগ ঢালি দি দাস্য-ভাবক কবিত্বৰ চৰম সীমালৈ লৈ গৈছে। বাৎসল্য-ৰসৰ উদয়াচলত আবিৰ্ভূত হৈ দাস্য-ভাবৰ অস্তাচলত মাধৱদেৱৰ সাহিত্য প্ৰতিভা মাৰ গৈছে।