পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
নামঘোষা

মূৰ্তিৰ ভিতৰেদি এক বিৰাট, অখণ্ড, আনন্দময়, জ্যোতিৰ্ম্ময়, সীমাহীন পদাৰ্থৰহে আভা দেখা যায় —‘যমেৰ ভান্তমনুভাতি সৰ্ব্বং যস্য ভাসা সৰ্ব্বমিদং বিভাতি”, তেতিয়া ৰাম কৃষ্ণ আদি সগুণবাচক নামবোৰ এই অসীম ভাস্বৰ পদাৰ্থৰ জ্যোতিৰ্বাচক সাঙ্কেতিক চিহ্নত পৰিণত হয়গৈ। নামঘোষাৰ নামান্বয় খণ্ডক ৰাম, কৃষ্ণ আদি মূৰ্তিৰ ভিতৰেদি মাধৱদেৱৰ সমাধিদৃষ্ট বিশ্ব-ৰূপ-কল্পনা বুলিব পাৰি।

 ৰামকৃষ্ণ পৰমহংসদেৱে নিৰ্গুণ ব্ৰহ্মত সমাধি ভঙ্গ হোৱাৰ পিছতো সগুণ কালী মূৰ্তিক “মা মা” বুলি স্মৰণ কৰাৰ দৰে, মাধৱদেৱেও আনন্দ সাগৰত ডুব দি উঠাৰ পিছত সগুণ উপাস্য দেৱতা কৃষ্ণৰ নাম লোৱাৰ লগে লগে পাৰ্থিৱ গুৰু শঙ্কৰদেৱৰ স্মৃতি ক্ষণকাললৈও নেপাহৰে। এই যে বিপুল আনন্দৰ অনুভূতি, তাক কাৰ কৃপা-গুণত পোৱা হ’ল? নামঘোষাৰ যি যি ডোখৰতেই ঢৌৰ খলকনিৰ দৰে গভীৰ ভক্তি-ৰসৰ তোলপাৰ লাগিছে, সেই সেই ঠাইতেই মাধৱদেৱে আপোন-পাহৰা হৈ শঙ্কৰ-গৌৰৱত বিমোহিত হৈছে। শঙ্কৰদেৱৰ জীৱিতাৱস্থাতেই মাধৱদেৱে গুৰু-ভক্তিৰ নিদৰ্শন স্বৰূপে গুৰু-ভটিমাটো লিখে। নামঘোষাৰ বিৰাট আনন্দৰ উদ্বেল গতিতো শঙ্কৰ-স্মৃতিয়ে তেওঁক পোহৰ দিয়ে—

হৰিভক্তি ৰাজমাৰ্গ গুৰু  পদ-নখ-চন্দ্ৰ-প্ৰকাশিত
 শ্ৰুতি-জননীৰ পদপথ অনুসৰি।
ফুৰো হুয়া আমি আনন্দিত,  স্খলন নাহিকে কদাচিত
 মহাজনসৱে জানিবা নিশ্চয় কৰি॥

আকৌ—

হৰিনাম প্ৰেমৰস  অমৃত `নিধিক ৰান্ধি
 গুপ্ত কৰি থৈলা দেৱগণে।
দয়ালু শঙ্কৰে পাই  তুলি মুদ ভাঙ্গি দিলা
 সুখে পান কৰা সৰ্ব্বজনে॥
শ্ৰীমন্ত শঙ্কৰ  হৰি-ভকতৰ
 জানা যেন কল্পতৰু।