পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
পুৰণি অসমীয়া সাহিত্য


ৰচনাৰ বহুত আগতেই শঙ্কৰদেৱৰ তিৰোভাৱ হয়। সাম্প্ৰদায়িক বিদ্বেষত ৰঘু ৰজাৰ হাতত নিগ্ৰহ ভোগ কৰি নিজ তত্ত্বাৱধানত ৰজাই লোৱা আদৰৰ বৰপেটা থান এৰি থৈ গৈ মাধৱদেৱ তেতিয়া ভেলাডোৱাৰত প্ৰৱাস খাটি আছিল। কোচবিহাৰতো তেওঁৰ দিন নিৰুপদ্ৰৱে যোৱা নাছিল। তাতো তেওঁ খলৰ হাতত সময়ে সময়ে লাঞ্ছনা ভোগ কৰিব লগাত পৰিছিল। পাণ্ডিত্য, আভিজাত্য আৰু আধ্যাত্মিকতাৰ সম্মোহিনী গুণত যি মহাপুৰুষে ৰজা-প্ৰজা, শত্ৰু- মিত্ৰ সকলোকে এডাল ভক্তিৰ সূতাৰে মেৰাই লৈছিল, মাধৱদেৱৰ লগত তেতিয়া সেই সৰ্বতোমুখী প্ৰতিভাশালী গুৰুদেৱৰ শক্তি- প্ৰদায়িনী স্মৃতি মাথোন বৰ্তমান আছিল। সেই দেখি খল, সূচকসকলৰ হিংসা-দ্বেষ, নিগ্ৰহ-লাঞ্ছনা সকলোকে মাধৱদেৱে অকলশৰে বুকু পাতি সামৰি ল’ব লগাত পৰিছিল। তাত বাজেও নৱ-প্ৰৱৰ্তিত বৈষ্ণৱ-সম্প্ৰদায়ৰ ভিতৰত বেলেগ বেলেগ ভিন্ন মতে দেখা দিছিল। এই সন্ধিক্ষণত ৰচনা কৰা নামঘোষা গ্ৰন্থক শঙ্কৰ-স্মৃতি-মণ্ডিত মাধৱদেৱৰ পূৰ্ণব্ৰহ্ম-স্বৰূপ কৃষ্ণৰ প্ৰতি একান্তিকা ভক্তিৰ বিৰাট ঝঙ্কাৰ বুলিব পাৰি।

 নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰধাৱমান হৈছে—পুণ্য-শ্লোক শঙ্কৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি-মাহাত্ম্য। কিন্তু হিমালয়ৰ নিভৃত শৃঙ্গৰ ওপৰত স্তুপীকৃত হৈ থকা এক অনন্ত তুহিনৰাশিয়েই গলি গৈ ভৈয়ামত নানান নদ-নদীস্বৰূপে অৱতীৰ্ণ হোৱাৰ দৰে, এই তিনিও ধাৰাৰেই মূল কাৰণ হৈছে মাধৱদেৱৰ ৰসময়ী ভক্তিৰ গভীৰ আৱেগ। ইংৰাজী কবিতাত ৰাজহাঁহ জাতীয় এবিধ চৰাইৰ ( Swan ) উল্লেখ পোৱা যায়। সি হেনো অন্তিম কালত নৈত উটি গৈ গীত গাই গাই গীততেই পমি গৈ মৰে। মামঘোষা মাধৱদেৱৰ শেষ ৰচনা। ই তেওঁৰ তিৰোধানৰ বহুত আগতে ৰচিত নহয়। ইয়াক “পৰম আনন্দ-সাগৰত” উটি যোৱা মাধৱদেৱৰ মহাপ্ৰাস্থানিক গীত বুলিব পাৰি— “গুৰু ভৈলা তাত কৰ্ণধাৰ, কৃষ্ণ ভৈল অনুকূল