পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
নামঘোষা

“ভজ ভাই মাধৱক  স্মৰ ভাই মাধৱক
 গাৱ ভাই মাধৱৰ গুণ।”
“ৰাম কৃষ্ণ ৰাম  কৃষ্ণ বোল ভাই
 তেজিয়া লাজ আলাস।”
“পিয়ু পিয়ু ভাই  ভাৱকসকল
 হৰি নাম ৰস-সাৰ।”

 ক্ষিপ্ৰ বেগত ঢৌৰ বোকোচাত ঢৌ উঠাৰ দৰে “পিয়ু পিয়ু” দ্বিৰুক্তি অতি অৰ্থব্যঞ্জক।

 বিৰুদ্ধবাদীসকলৰ প্ৰতি সহনশীলতা গুণত মাধৱদেৱৰ লগত অনন্ত কন্দলিৰ বৈপৰীত্য দেখা যায়। অনন্ত কন্দলিৰ দশম ভাগৱতৰ শেহ ছোৱা বোধ হয় শঙ্কৰদেৱৰ তিৰোধানৰ পিছত লিখা। যদিওবা শঙ্কৰদেৱৰ জীৱিতাৱস্থাতেই ভাঙনি আৰম্ভ হয়, তথাপি সমাপনত শঙ্কৰদেৱ নাই বুলি কন্দলিয়ে ভাঙনিৰ শেহত লিখিছে। মাধৱদেৱে যি সময়ত ঘোষা ৰচনা কৰে তাৰ ওচৰা- উচৰি সময়তে কন্দলিয়ে শেষ দশম ভাঙে। সাম্প্ৰদায়িক বিদ্বেষৰ শিখা কন্দলিৰ গাতো পৰিব পায়। ভণিতাবোৰত ঠায়ে ঠায়ে তেওঁ বিৰোধীসকলৰ প্ৰতি তীব্ৰ বচন প্ৰয়োগ কৰিছে।

“শাস্ত্ৰ মাত্ৰ পঢ়ে মানে বোলোৱে পণ্ডিত।
ৰাত্ৰি দিন চাহে হৰি ভকতি খণ্ডিত॥”
“বিস্তৰ লভিলে ভকতিক বোলে ভাল।
অধিক নাপাইলে নিন্দা বোলে সেহিকাল॥”
“ময়না ভাটৌৱে যেন ভযাৱয় শাস্ত্ৰ।
যুগুতি বোলন্তে খঙ্গে গালি পাৰে মাত্ৰ॥
হেন ব্ৰাহ্মণত কিছু নুপুছিবা বোধ।
গালি পাৰিলেও তাক নকৰিবা ক্ৰোধ॥ ”

— ইত্যাদি

 অনন্ত কন্দলিৰ উপদেশৰ লগত শ্লেষোক্তিৰ প্ৰাচুৰ্য বেছি। কিন্তু আনক বিকলমতি দেখি শ্লেষ দূৰত থাওক, খেদ কৰিও মাধৱদেৱে অন্ত নেপায়। বিষয়-ভোগত অপাৰগ, তথাপি শেহ