নহয় “মূৰুখমতি”। ইও কেৱল মাধৱচৰিত্ৰৰ আত্ম-লঘিমা-নিৰ্দেশক মাথোন।
এপিনে বৰগীতৰ অন্তৰ্গত মাধৱদেৱৰ শিশু কৃষ্ণ-বিষয়ক গীতবোৰ যেনে বাৎসল্য ৰসৰ, আনপিনে তেনে নামঘোষাৰ অন্তৰ্গত কৰুণ স্তুতিৰ গীতবোৰো দাস্য-ভাবৰ উৎকৰ্ষ প্ৰকাশক। ভাবৰ প্ৰগাঢ়তা আৰু আনুষঙ্গিক হৃদ্যতা গুণত সেইবোৰক পৃথিৱীৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ মূল ধৰ্মগ্ৰন্থবোৰৰ প্ৰাৰ্থনা-সঙ্গীতবোৰৰ লগত ৰিজাব পাৰি। নামঘোষাৰ অন্তৰ্গত স্তুতি-গীতবোৰৰ বাহিৰে দৈন্যকৰুণা- বিগলিত কবিতা ভাৰতীয় বৈষ্ণৱ সাহিত্যত বৰ প্ৰচুৰ নহয়। মহাৰাষ্ট্ৰীয় বৈষ্ণৱ কবি তুকাৰামৰ কবিতাবোৰতহে তাক সমান জোখেৰে পোৱা যায়। তলত দুই চাৰিটা পদ উদ্ধাৰ কৰি দিয়া হ’ল—
“মোৰ সম পাপীলোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ইজানি গোবিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহোঁ গোহাৰি॥”
“হৰি ও হৰি কৰুণা-সাগৰ
কৰিয়ো কৃপা আমাক।
প্ৰিয়তম আত্মা সখা ইষ্ট গুৰু
মানিয়া আছো তোমাক॥”
“চৰণত ধৰো কাতৰ কৰোহো
ইবাৰ নেৰিবা মোক।”
“ইবাৰ নেৰিবা মোক”—কথাষাৰ বৰ মৰ্মস্পৰ্শী; অসংখ্যবাৰ এই সংসাৰ-চক্ৰত ঘূৰি ঘূৰি নিকাৰ ভুঞ্জিব লাগিছো, প্ৰভু ইবাৰ কিন্তু কৰ্ম-বন্ধনৰপৰা যেন মোক নিষ্কৃতি দিয়া!—কথাষাৰে প্ৰভুৰ পাদ-মূলত লোলুঠ্যমান কাতৰ ভক্তৰ কৰুণ ছবি এটি মনত সজাগ কৰি তোলে।
ঈশ্বৰৰ ওচৰত সৰ্বতোভাৱে আত্ম-সমৰ্পণ কৰিব লাগিলে মন,