পুৰণি অসমীয়া সাহিত্য

ৱিকিউৎসৰ পৰা

[ প্ৰথম পৃষ্ঠা ]

 

পুৰণি অসমীয়া সাহিত্য

 

বাণীকান্ত কাকতি

 

অসম প্ৰকাশন পৰিষদ

গুৱাহাটী ৭৮১ ০২১

 

[ ভূমিকা ]

আগকথা

 একৈছ বছৰ আগত যেতিয়া শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্য মানে গাঁৱলীয়া মানুহে পঢ়া অসাৰ পদ-পুথি কেতবোৰ বুলিহে ভাবিছিল তেতিয়া শ্ৰীযুত অম্বিকাগিৰি ৰায়চৌধুৰী সম্পাদিত “চেতনা” বোলা মাহেকীয়া কাকতত ( ১৮৪১ শক ) এই কিতাপত সন্নিৱেশিত তিনিটাত বাজে বাকী আটাইবোৰ প্ৰবন্ধ ধাৰাবাহিক ৰূপে প্ৰকাশ কৰা হৈছিল। তেতিয়া “অসমীয়া সাহিত্যৰ চানেকি” সংগৃহীত হোৱাই নাছিল। তাৰ পিছত ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ একাণপতীয়া হিতকাৰী আৰু তেতিয়াৰ দিনত কলিকতা বিশ্ববিদ্যালয়ৰ ভাইচ-চেঞ্চেলাৰ গুণসাগৰ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ কৃপা আৰু ঔদাৰ্য গুণত “অসমীয়া সাহিত্যৰ চানেকি” সংগৃহীত হ’ল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ বদান্যতাত ই ছপা হৈ ওলাল। “চানেকি” ওলোৱাৰ লগে লগে অসমীয়া ভাষা আৰু সাহিত্যও কলিকতা বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ক এম-এ উপাধি পৰীক্ষাৰ অন্তৰ্ভুক্ত পাঠ্য হৈ পৰিল। বৰ্তমান কালত ছাৰ আশুতোষৰ সুযোগ্য পুত্ৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব ভাইচ- চেঞ্চেলাৰ ডক্টৰ শ্ৰীযুত শ্যামাপ্ৰসাদ মুখোপাধ্যায়ৰ সহৃদয়তা গুণত অসমীয়া ভাষা আৰু সাহিত্যই নিজা বিষয় হিছাপে কলিকতা বিশ্ববিদ্যালয়ৰ এম-এ উপাধি পৰীক্ষাৰ বাবে উপযুক্ত বুলি স্বীকৃত হৈছে। বৰ্তমান ১৮৬২ শকতেই অসমীয়া ভাষা আৰু সাহিত্যৰ পহিলা এম-এ উপাধি পৰীক্ষা লোৱা হ’ব। এই শুভ ক্ষণত কটন কলেজৰ অসমীয়া সাহিত্যৰ অধ্যাপক শ্ৰীমান বিৰিঞ্চিকুমাৰ বৰুৱা এম-এ, বি-এলদেৱৰ খোঁচনিত এই প্ৰবন্ধবোৰ কিতাপৰ আকাৰত ছপাই উলিওৱা হ’ল।

 মাহেকীয়া কাকত লিখাৰ বাবে আৰু তেতিয়াৰ শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্যক অসাৰ বুলি ভবাৰ কাৰণে, ইয়াৰ [ ভূমিকা ] সাৰৱত্তা আদি প্ৰতিপন্ন কৰিবলৈ সাহিত্যৰ ইতিবৃত্তৰ ফালৰ পৰা চাবেক প্ৰবন্ধবোৰত যিবোৰ ঐতিহাসিক যুক্তি-তৰ্কৰ অৱতাৰণা কৰা হৈছিল, বৰ্তমান কিতাপৰপৰা সেইবোৰ বাদ দিয়া হ’ল। ভাব আৰু ভাষাও মূলতঃ একৈছ বছৰৰ আগৰেই। অৰ্থৰ স্পষ্টতাৰ খাতিৰত ঠায়ে ঠায়ে দুই-এটি শব্দৰ সালসলনি কৰা হৈছে। “চেতনা”ত প্ৰকাশ নোহোৱা তিনিটা প্ৰবন্ধৰ ভিতৰত “শঙ্কৰদেৱৰ আধ্যাত্মিক দান” দ্বিতীয় বছৰৰ “আৱাহন”ত প্ৰকাশ হৈছিল। “বৰগীত” প্ৰবন্ধ বেজবৰুৱা ডাঙৰীয়াৰ “শঙ্কৰদেৱ”ৰ দ্বিতীয় তাঙৰণত সন্নিৱেশিত হৈছিল আৰু “চোৰ ধৰা” প্ৰবন্ধ গ্ৰন্থকাৰে প্ৰকাশ কৰা “চোৰ ধৰা” অঙ্কীয়া নাটৰ পাতনি স্বৰূপে লিখা হৈছিল।

 এই প্ৰবন্ধবোৰ পোন পহিলে লিখাৰ সময়ত মোৰ মৰমৰ পুৰণি ছাত্ৰ ৺লক্ষ্মীধৰ শৰ্মা, এম-এ, বি-এল দেৱ আমাৰ কলেজৰ তৃতীয় বাৰ্ষিক ইংৰাজী অনাৰ্ছ শ্ৰেণীৰ ছাত্ৰ আছিল। প্ৰতিভাশালী ৺লক্ষ্মীধৰে কোমল বয়সতেই পুৰণি অসমীয়া সাহিত্যৰ মোল উপলব্ধি কৰি সেই বিষয়ে আলোচনা কৰিবলৈ সদায় মোৰ ওচৰলৈ অহা- যোৱা কৰিছিল। পিছৰ কালত আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিষয়ত এম-এ পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি বিশ্ববিদ্যালয়ৰ সোণৰ পদক লাভ কৰি আধুনিক ভাৰতীয় তথা অসমীয়া সাহিত্যৰ গুণগ্ৰাহিতাৰ যথেষ্ট পৰিচয় দিছিল। মহাকালৰ নিঠুৰ অকাল গৰাহত ৺লক্ষ্মীধৰৰ প্ৰতিভা মাৰ গ’ল যদিও, তেওঁৰ কৰুণ স্মৃতি মোৰ মনত সদায় সজীৱ হৈ থাকিব। এই প্ৰবন্ধবোৰ তেওঁৰ সোঁৱৰণিৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া হ’ল।

কটন কলেজ  শ্ৰীবাণীকান্ত কাকতি
গুৱাহাটী ৩/৭/৪০

[ পাতনি ]

দ্বিতীয় তাঙৰণৰ পাতনি

 এই কণমান পুথিখনৰ প্ৰথম তাঙৰণ ওলাবৰ কেইবাবছৰো হ’ল। ইতিমধ্যে সেই তাঙৰণৰ ছপা পুথি শেষ হৈ যোৱাত সাহিত্য প্ৰকাশে পুনৰ ছপাবলৈ গাত লোৱা বাবে তেওঁলোকৰ শলাগ ল’লো। এইবাৰ ছপা কামৰ আগ-গুৰি ধৰি মোৰ পুৰণি ছাত্ৰ শ্ৰীমান মহেশ্বৰ নেওগো শলাগৰ পাত্ৰ হ’ল।

 পুৰণি “চেতনা” কাকতৰ পাতত “অঙ্কীয়া ভাওনা” নামৰ প্ৰবন্ধটো সোমাই আছিল। প্ৰথম তাঙৰণ ছপাবৰ বেলিকা তাক পোৱা নাছিলো। এতিয়া পাই তাকো সন্নিৱিষ্ট কৰি দিয়া হ’ল।

গুৱাহাটী বিশ্ববিদ্যালয়  শ্ৰীবাণীকান্ত কাকতি
গুৱাহাটী
৩ জুলাই, ১৯৫০

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )