পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
নামঘোষা


কিৰণৰ মৃদু পোহৰত চিৰপৰিচিত নৈৰ পানীৰ ওপৰত অপৰূপ জেউতি পৰাৰ দৰে, ৰসময়ী ভক্তিৰ নিয়ৰত তিতা নানান মূলৰ পৰা সংগৃহীত নামঘোষাৰ পদ-পুঞ্জৰ ওপৰত এক অভিনৱ সৌন্দৰ্যৰ সম্পাত হৈছে।

 তাত বাজেও ইয়াৰ অধিক মূল্য হৈছে ইয়াত প্ৰতিফলিত হোৱ৷ মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ প্ৰতিবিম্বত। তিৰোধানৰ অলপ আগতেই জিজ্ঞাসু শিস্যসকলক মাধৱদেৱে কৈ থৈছিল যে তেওঁ নোহোৱা হ’লেও নামঘোষাতে বিচাৰিলে তেওঁক পাব। কথাষাৰ বৰ যথাৰ্থ। নামঘোষা পুথি পঢ়িলে ছন্দৰ ঝঙ্কাৰ, ভাষাৰ মাধুৰ্য, ভাবৰ প্ৰগাঢ়তা, সকলোকে অতিক্ৰম কৰি মনঃচক্ষুৰ দৃষ্টি পৰে মাধৱদেৱৰ ভক্তি-কাতৰ কৰুণ মূৰ্তিত। আমি দেখো মাধৱদেৱ ধীৰ, সৌম্য, সহিষ্ণু, প্ৰশান্ত, একান্ত গুৰুভক্ত, কৃষ্ণনাম-ৰত— তথাপি হৃদয়ৰ উদ্বেল ভক্তি-ভাৱত সদায় উদ্বাউল, সীমাবানৰ সীমা লঙ্ঘন কৰি “পৰম আনন্দ সাগৰে মজি” থাকিবলৈ ব্যাকুল—

“যত্তু বিদিতাদথো অবিদিতাদধি”। (কেনোপনিষৎ )