পুৰণি অসমীয়া সাহিত্য/লৌকিক গীত

ৱিকিউৎসৰ পৰা

[ ৭০ ]

লৌকিক গীত

 “অসমীয়া সাহিত্যৰ চানেকি”ৰ প্ৰথম খণ্ডত আদিযুগৰ সাহিত্যৰ চানেকি হিছাপে ধাইনাম, গৰখীয়ানাম, বিয়ানাম, বিহুনাম, নাও খেলোৱা গীত, গাঁৱলীয়া গীত, হাল বোৱা গীত আদি নানা গীত আৰু নামৰ চানেকি আছে, কিন্তু তাত তুলি দিয়া গীত আৰু নামবোৰ আদি যুগৰ ৰচনা নহয়। সেইবোৰ ভাষা বৰ্তমান যুগৰ। “নাম” সাহিত্য বোলা কথাবোৰ বৈষ্ণৱ যুগৰ কল্পনা, আদি যুগৰ নহয়। কিন্তু সাহিত্যৰ চানেকিবোৰ বৰ্তমান যুগৰ হ’লেও, সাহিত্যৰ বিষয় বিভাগ আদি যুগৰ ৰচনাত খাটে। অইন অইন দেশৰ সাহিত্যৰ দৰে আমাৰ দেশৰ সাহিত্যৰো আদি ৰূপ গীত। যুগে যুগে মানুহৰ মুখে মুখে বাগৰি অহাৰ গুণে সেইবোৰৰ ভাব আৰু ভাষাৰ সাল-সলনি ঘটিছে।

 ভাষাক যেনেকৈ সাধু-ভাষা আৰু লৌকিক ভাষা হিছাপে দুভাগ কৰা যায়, সাহিত্যকো তেনেকৈ সাধু আৰু লৌকিক সাহিত্য বুলি দুভাগ কৰিব পাৰি। বৈষ্ণৱ সাহিত্য আমাৰ সাধু সাহিত্য আৰু বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱৰ বাহিৰত যি সাহিত্য প্ৰচলিত হৈছিল, সি আমাৰ পুৰণি লৌকিক সাহিত্য।

 আমাৰ সাধু সাহিত্যই দুইভাৱে এই লৌকিক সাহিত্যৰ প্ৰচাৰৰ প্ৰতিবন্ধকতা কৰে। এফালে লৌকিক সাহিত্যৰ গঢ়ত সাধু সাহিত্য ৰচিত হ’ল, আনফালে লৌকিক সাহিত্যৰ আদৰ্শকেই হেয় আৰু কদৰ্য বুলি তাচ্ছিল্য কৰিলে। ল’ৰা-নিচুকোৱা গীত আগেও আছিল, বৈষ্ণৱ কবিয়ে ল’ৰা-নিচুকোৱা গীতৰ গঢ়ত ‘কাণখোৱা’ গীত ৰচনা কৰি লৌকিক গীতৰ আৰ্হিৰেই ভক্তি-ৰস প্ৰচাৰ কৰিলে।

 সেইদৰে লৌকিক গৰখীয়া গীত, হাল বোৱা গীত আদিৰ সাঁচত গৰখীয়া কৃষ্ণ-লীলা-বিষয়ক “কিৰিষি কৰিয়ো আলো মনাই, [ ৭১ ] হৰিৰ চৰণ-সেৱাৰ পৰম সুখে” — ইত্যাদি বৰগীত ৰচনা হ’ল আৰু সাধু সাহিত্যৰ বহুল প্ৰচাৰৰ লগে লগে লৌকিক গীত- সাহিত্যৰ জ্যোতি ম্লান হ’ল।

 আদি-ৰসাত্মক বিহুগীতৰ শ্ৰেণীৰ গীত এতিয়া যেনেকৈ মানুহৰ মুখে মুখে আছে, তেতিয়াও আছিল। সেইবোৰৰ আৰ্হিতেই দুৰ্গাবৰ পীতাম্বৰ আদি বৈষ্ণৱ আন্দোলনৰ আগৰ বা বাহিৰত থকা কবিসকলে ৰামায়ণ, পুৰাণ আদিৰ আখ্যানবোৰক প্ৰেম-ৰসাত্মক গীতৰ আকাৰত ভাঙি উলিয়াইছিল। বৈষ্ণৱ কবিসকলে এই সাঁচত কোনো সাহিত্য ৰচনা কৰা নাই; কিন্তু সেইবোৰক তাচ্ছিল্য কৰি হেয় প্ৰতিপন্ন কৰিছে।

 এই শ্ৰেণীৰ কবিৰ ভিতৰত দুৰ্গাবৰ আৰু পীতাম্বৰ বিশেষ উল্লেখযোগ্য। দুৰ্গাবৰৰ গীতি-ৰামায়ণ মূল ৰামায়ণৰ ভাষা বা ভাবানুবাদ নহয়। বাল্মীকিৰ মহাকাব্যৰ ভিতৰুৱা মনোৰম মনস্তত্ত্বমূলক চিত্ৰ কেতবোৰক গীতত ভাঙি উলিওৱা হৈছে। যি যি ঠাইত কেৱল ঘটনা পৰম্পৰা আৰু যুদ্ধৰ বৰ্ণনা আছে সেইবোৰক দুই-চাৰি কথাৰেই কবিয়ে সামৰণ কৰিছে। যেনে, সীতাহৰণৰ, কৰুণ কাহিনী বিতংকৈ বৰ্ণনা কৰি লঙ্কা-কাণ্ডৰ বিস্তৃত যুদ্ধ কেইটামান পদতেই মুঠকৈ কৈ থৈছে। বনবাসত দণ্ডকাৰণ্যৰ খেৰৰ পঁজাত বহি ৰাম আৰু সীতাই প্ৰীতিৰে কাল কটাইছে—

 পাতিলা পাশাৰ সাৰি হে
আসিলন্ত ঘৰে ৰাম (আসিলন্ত ঘৰে )।
সীতা সমে খেলে পাশা ৰাম গদাধৰে॥
বিজয় ভৈলন্ত ৰাম প্ৰথমক আৰি।
তাত পাছে ৰাম হাৰিলন্ত তিনি সাৰি॥
তিনি লক্ষ টাকা ৰামে পাশাত হাৰিলা।
পুষ্পৰ জৰীয়ে সীতাই ৰামক বান্ধিলা॥
দেৱানৰ ডালে ধৰি কোবান্ত সুন্দৰী।
সত্বৰে দিয়োক টাকা হে দেৱ মুৰাৰি।

[ ৭২ ]

হেন সময়ত মৃগ দেখিলন্ত সীতা।
বন্ধন-মুকুত ভৈলা জগতৰ পিতা॥

সোণালী হৰিণা দেখি সীতাই কাওবাও কৰিলে—

নকৰা বিলম্ব, কৰিয়ো আৰম্ভ,
সত্বৰে সাৰঙ্গপাণি।
পুহিবো পালিবো লগত বুলাইবো
লগৰ মোৰ সৈতাৰি।
কাখে-কোলে কৰি লগতে ফুৰাইবো এ
থাকিবো মুখ পাসৰি॥
আনিবা জীয়ন্ত নকৰিবা হত
নমাৰি শৰ-সন্ধানে।
যেবে যায়ো দেশ এ মোৰ সন্দেশ এ
কবি দুৰ্গাবৰে ভণে॥

 এই গীত দুটিৰ আগৰটোৰ কথা-বস্তু কবিৰ নিজা অথচ কেনে মনোৰম! ৰামে পাশা-খেলত হাৰিলত সীতাই ফুলৰ জৰীৰে ৰামক বান্ধি ৰাখিলে। নিপুণ কবিয়ে ফুলৰ জৰীৰ কথাৰে যে কুসুমায়ুধৰ কল্পনা পঢ়োতাৰ মনত জগাই তুলিছে, তাক সহজে অনুমান কৰিব পাৰি। মূল ৰামায়ণত ফুল তুলি থাকোঁতে সীতাই মায়া-হৰিণ দেখা বুলি আছে।

 মনস্তত্ত্বজ্ঞ কবি দুৰ্গাবৰে মায়া-হৰিণৰ প্ৰতি লোভৰ বিষয়ত সীতাকহে তিৰোতাৰ সহজ চপলতা দোষত দোষী কৰিছে। চকুত লগা জকমকীয়া বস্তুৰ প্ৰতি তিৰোতা জাতিৰ সৰ্বদায় লোভ। মূলৰ মতে সোণালী হৰিণ দেখি ৰামৰো লোভ লাগিছিল, সীতাৰ কথাত কেৱল বেছি উত্তেজনা পাইছিল মাথোন—“লোভিতস্তেন মৃগেণ সীতয়া চ প্ৰচোদিতঃ”। অসমীয়া কবিয়ে ৰামৰ হতুৱাই সীতাৰ প্ৰতিবাদ কৰিছে–

লগৰ সঙ্গতি আছো দুই ভাই।
আমাক ছাৰি মৃগে মন যাই॥

[ ৭৩ ]

বনৰ পশু চৰিয়া ফুৰে।
তাহাক আখুটি ভৈলা তোমাৰে॥

 সীতাহৰণ-বিষয়ত দৈৱৰ বৰ কুটিল ভ্ৰূকুটি এটি আছে। সীতাই জানিবা নিলাজ কথাৰে ৰ্ভৎসনা কৰি লক্ষ্মণক ৰামৰ ওচৰলৈ পঠিয়ালে; কিন্তু ৰাৱণে হৰি নিয়াৰ পিছত এইদৰেও মানুহে ভাবিব পাৰে যে, লক্ষ্মণক ছলে-ছন্দে আঁতৰাই সীতাই কোনোবা পৰপুৰুষৰ লগত গুচি গ’ল! কালৰ এই কূটিল কটাক্ষ দুৰ্গাবৰে অতি স্পষ্টকৈ প্ৰকাশ কৰিছে। হৰিণৰ পিছতেই লোকোপৱাদৰ সহজ আশঙ্কাই সীতাৰ মনত ধাৰাল খুৰৰ দৰে আঘাত কৰিলে—

আনে মন্দ বুলিবেক  তাকো প্ৰভু শুনিবেক
 নানা কথা ভাবিবো মনত।
অৱশ্যে কু-অভিপ্ৰায়ে  পঠাইলে লক্ষ্মণে হে
 যত দোষ পৰিব মোহোত॥
অসতী ৰমণী সীতা  পলালে অন্তৰি হে
 ভাবিবো মনত ৰঘুপতি।
বনবাসে বাস কৰি  বৰ দুঃখ পাইলা হে
 সিগুণে এৰিলা নিজ পতি॥
সম্পদে সুন্দৰী নাৰী  আপদে পলাইলা এৰি
 তিৰী জাতি নোহে আপুনাৰ। —ইত্যাদি।

 যি অপৱাদৰ আশঙ্কাই সীতাৰ মনত তল ওপৰ লগাইছিল, দুৰ্ভাগ্য-ক্ৰমে ৰামৰ মনতো সেই ভাবে ভুমুকি মাৰিলে। আকাশ- পাতাল বহুত ভৱা-চিন্তাৰ মাজত এইটোও ৰামৰ মনত – খেলালে

অ কি লক্ষ্মণ

গৈলা সীতা মোক উপেক্ষিয়া।
তৃণত শয়ন মোৰ বল্কল পৰিধান হে
এহি দুখ মনে আলোচিয়া॥
আখুটি কৰিয়া মোক

[ ৭৪ ]

মৃগক পঠাইলা হে
তোমাকো পঠাইলা ক্ৰোধ কৰি।
মই নাজানিলো তান
কপট হৃদয় প্ৰাণ
তিৰী-মায়া বুজিতে নপাৰি॥—ইত্যাদি।

 কোৱা বাহুল্য যে মূল ৰামায়ণত এনে ধৰণৰ ভাবৰ কোনো উল্লেখ নাই। কেৱল লৌকিকতাৰ আৱেশ আৰু গীতি-ৰামায়ণ বাল্মীকিৰ মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ মাথোন।

 পীতাম্বৰৰ ‘ঊষা-পৰিণয়’ গীতৰ আকাৰত লিখা হ’লেও দুৰ্গাবৰৰ নাট্য-চিত্ৰ বাছনি-শক্তি বা কল্পনাৰ মৃদু স্পৰ্শ ইয়াত নাই। অনন্ত কন্দলিৰ ‘কুমৰ-হৰণ’ কাব্য ইয়াতকৈ বহু ওখ খাপৰ। হৰি বংশত ঊষাৰ কাহিনী যেনেকৈ মেৰপাক খোৱাভাৱে আছে, পীতাম্বৰৰ কল্পনাই সকলোকে সমানভাৱে সামৰিবৰ চেষ্টা কৰি যজ্ঞভুক্ অগ্নিৰ দৰে ৰোগ-গ্ৰস্ত হৈ পৰিছে। কিন্তু ঠায়ে ঠায়ে উৎকট লৌকিক ভাবৰ চিত্ৰ বৰ প্ৰকটভাৱে ফুটি ওলাইছে। এদিনাখন ঊষা পুষ্পবনত ফুল চাই থাকোতে হৰ-গৌৰীৰ উদ্দাম কাম-ক্ৰীড়া দেখি বৰ ব্যাকুল হৈ উঠিল—

দেখিয়া কুমাৰী ঊষা গুণে মনে মনে।
ধন্য নাৰী পুৰুষ বিলাস কৰে বনে॥
হেনয় সময়ে যাৰ কোলে নাহি পতি।
অকাৰণে প্ৰাণ ধৰে সেহিসে যুৱতী॥
বসন্ত সময়ে যাৰ কোলে নাহি পতি।
কলসি বান্ধিয়া জলে মৰোক যুৱতী॥
ব্যৰ্থ মোৰ জন্ম ভৈল ৰাজাৰ কুমাৰী।
হেন বনে একলে বেৰাওঁ মই নাৰী॥

কবিয়েও ঊষাৰ মনোভাৱ বৰ্ণাইছে—

বিষাদ-বিমন ঊষা হে
সময় মধুমাসে।

[ ৭৫ ]

হেন সব ফুল-বনে স্বামী নাহি পাশে।
ফুলিল সকল ফুল হে
কোকিলে কাঢ়ে ৰাৱ
ধীৰে ধীৰে মলয়া শীতল বহে বাৱ॥
পূৰিল সকল দিশ হে ভ্ৰমৰে কৰে বোলে।
সফল জীৱন যাৰ প্ৰাণনাথ কোলে॥—ইত্যাদি

 বন-গীতৰ আৰ্হিৰে ৰচিত এইবোৰ গীত পুৰণিকলীয়া লৌকিক গীতৰ চানেকি।