পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
পুৰণি অসমীয়া সাহিত্য


 সংসাৰ-ত্যাগী মাধৱদেৱক দাস্য-ভক্তিৰ মূৰ্তিমান স্বৰূপ বুলিব পাৰি। ঘোষা-ৰত্নৰ কবি গোপাল মিশ্ৰই গুণগ্ৰাহী ভাষাৰেই মাধৱদেৱৰ প্ৰকৃতি বৰ্ণনা কৰিছে—“শ্ৰীমন্ত মাধৱ নাম ধৰি, বিষয়সুখক পৰিহৰি, কৃষ্ণ যশৰস কৰিলা সিটো বিস্তাৰ।” পৰম বৈৰাগ্যৰ পৰিপোষক চিৰকৌমাৰ্য ব্ৰত অৱলম্বন কৰি মাধৱদেৱ আজীৱন কৃষ্ণ-যশ-ৰসতেই ডুবি আছিল। সংসাৰত যেনেকৈ তেওঁ নিজৰ পৰিচয় দিবলৈ তেজৰ সম্বন্ধ ৰাখি যোৱা নাই, সাহিত্য-ক্ষেত্ৰতো মাধৱদেৱে কোনো ঠাইত আত্ম-পৰিচয় দি যোৱা নাই। আত্মাৰাম ভাব মাধৱ-চৰিত্ৰৰ কেন্দ্ৰস্থান। বৈষ্ণৱ আন্দোলনত ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈকে যিসকল মহানুভৱ কবি ওলাইছিল, সেই সময়ৰ ৰীতি অনুসাৰে তেওঁলোকে নিজ নিজ কবিতাৰ ভণিতাত নাইবা ঠাই বিশেষে গ্ৰন্থৰ ভিতৰতো আপোন আপোন বংশ আদিৰ পৰিচয় দি থৈ গৈছে। সেই অনুসাৰে আমাৰ দেশতো হেম সৰস্বতী, মাধৱ কন্দলি, ৰাম সৰস্বতী, এনে কি স্বয়ং শঙ্কৰদেৱেও নানান ঠাইত বংশ, জন্ম-ঠাই আদিৰ পৰিচয় দি গৈছে। অনন্ত কন্দলিয়ে এঠাইত এনেকৈও কৈ গৈছে যে তেওঁ সংস্কৃতপৰ্যন্ত কাব্য আদি ৰচনা কৰিব পাৰে, কেৱল লোক-শিক্ষাৰ নিমিত্তেহে অসমীয়াত পদ ৰচনা কৰিছে। কিন্তু পৰম বিৰক্ত মাধৱদেৱে কোনো গ্ৰন্থতেই বংশ বা আত্ম-পৰিচয় দি যোৱা নাই। আত্ম-লঘিমা মাধৱ-চৰিত্ৰৰ এটি প্ৰধান লক্ষণ।

 বৈষ্ণৰ কবিসকলে ভণিতাত নামৰ আগত প্ৰায়েই বিশিষ্ট বিশেষণ শব্দ লগাই দিয়ে। শঙ্কৰদেৱৰ নামৰ আগত পহিলা জীৱনত ৰচিত পুথিত কায়স্থ শব্দ আৰু শেহৰ ফালে ৰচিত পুথিত “কৃষ্ণৰ কিঙ্কৰ” কথা ফাকি থাকে। অনন্ত কন্দলি, ৰাম সৰস্বতীসকলৰ নামৰ আগত কেতিয়াবা গৌৰৱসূচক উপাধিবোৰ থাকে আৰু কেতিয়াবা একো নেথাকে। আন ব্ৰাহ্মণ কবিসকলৰ নামৰ আগত কেতিয়াবা দ্বিজ শব্দটো থাকে, কেতিয়াবা একোৱেই নেথাকে। কিন্তু মাধৱদেৱৰ নামৰ আগত লগোৱা প্ৰিয় বিশেষণ শব্দ হয় “দীন”,