সমললৈ যাওক

দন্দুৱা দ্ৰোহ/ষোড়শ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৮২ ] [ ৮৩ ] জীয়েকক জাতি এৰি বিয়া দিব। কিন্তু যদিহে কোচকুমাৰ এই প্ৰস্তাবত মান্তি নহয়, তেন্তে তেওঁ হলে কেতিয়াও জাতকুল এৰি জীয়েকক কোচ কুমাৰলৈ নিদিয়ে। এই কথন মথনৰ পিচত হৰদত্তে মহীৰামক অতঁৰাবৰ মনেৰেই মহীৰামক মাতি আনি, কোচ কুমাৰৰ হতুয়াই কোচবিহাৰলৈ আৰু সৈন্য খুজি চিঠি এখান লেখাই মহীৰামক কটকি এযোৰাৰে সৈতে আকৌ কোচ বিহাৰলৈ যাবলৈ অনুমতি কৰিলে। পেটত ইচ্ছা নাথাকিলেও মহীৰাম যাবলৈ সন্মত হল।

 ইফালে হৰদত্তে ইচল সিচল কৰি কোচ কুমাৰৰ মন ললে। কোচ কুমাৰে পদ্মকুমাৰীক বিয়া কৰাবলৈ সন্মত হল; কিন্তু হৰদত্তৰ ঘৰত চিৰকাললৈকে চপনীয়া থাকিবলৈ সন্মত নহল। কোচ কুমাৰে কলে যে তেওঁ কোচৰজাৰ লৰা হৈ এজন সাধাৰণ মানুহৰ চপনীয়া জোঁয়াই হব নোৱাৰে। বৰং তেওঁ পদ্মকুমাৰীক বিয়া কৰাই লই শহুৰ শাহুকো নিজৰ দেশলৈ লই গই তাতে ৰাখি মাহে মাহে খাব পিন্ধিবলৈ খৰচ দি থাকিব।

⸻—
ষড় বিংশ অধ্যায়।
বিদায়।

 হৰদত্তে মহীৰামক কোচবিহাৰলৈ যাবলৈ আদেশ কৰাৰ নিশাই মহীৰামে পদ্মকুমাৰীৰ হাত-ধৰী লিগিৰী জনীৰ সহায়ত পদ্মকুমাৰীক ফুলনিতে লগ ধৰি কলে :—
 “পদুম। মই কাইলৈ আকৌ কোচবিহাৰলৈ সিবছৰৰ ৰণৰ নিমিত্তে সৈন্য আনিবলৈ যাব লগাত পৰিলোঁ। পিতিয়ে আজ্ঞা কৰিছে আৰু কোচ ৰাজকুমাৰেও পত্ৰ দিছে। মই কিমান দিনত উলটিম তাৰ কোনো ঠিকনা নাই। মই এইটোও জানিছো যে পিতিয়ে তোমাক কোচ ৰাজ- কুমাৰলৈ বিয়া দিবৰ স্থিৰ কৰিছে। সম্ভবতঃ মই সিফালে থাকোঁতেই ইফালে তোমাৰ বিয়া হৈয়ে যাব। যদি [ ৮৪ ] মই উলটি আহি নৌপাওঁতেই তোমাৰ বিবাহ হৈ যায় তেন্তে তোমাৰ পৰা-মই আজিয়েই বিদায় ললোঁ। মোৰ নিচিনা নিছলা দুখীয়াৰ কতো সুখ নাই। সৰুতেই পিতৃ মাতৃ হীন হলো—এতিয়া যৌবনত ভাবিছিলো তোমাক বিয়া কৰাই সুখী হম। মই জানো, আইৰ ইচ্ছা তোমাক মোত দিবলৈ; কিন্তু পিতিৰ মাত গতি অন্য ৰকম। পিতিয়ে তোমাক মোত নিদি তোমাক ৰজাৰ লৰালৈ ৰাণী কৰি দিবৰ হেঁপাহ। যিকিনহওঁক মই দেশৰ হকে সৈন্যও আনিম আৰু যদি তুমি কোচ কুমাৰৰহে অঙ্কশোভিতা হোৱা তেন্তে অহা বেলিৰ ৰণত আহোমে সৈতে যুঁজি ইচ্ছা পূৰ্ব্বকে সেই ৰণতে প্ৰাণত্যাগ কৰিম। মোৰ এইটো ধ্ৰুব সংকল্প বুলি জানিবা। তোমাক মই এই শেষবাৰ চাই ললো। তোমাৰ লগত মই এই শেষবাৰ কথা বতৰা“ হলো ”।
 পদ্মকুমাৰী—প্ৰিয়তম! তুমি নিৰাশ নহবা। আয়ে মোক কেতিয়াও আমাতকৈ নীহ কুলীয়া কোচলৈ বিয়া দিবলৈ নিদিয়ে। আনকি খুড়াও কেতিয়াও এই কথাত সম্মত নহব। মই জানো খুড়াৰ আত্মগৌৰৱ কিমান। আই আৰু খুড়াক উবাৰি যদি পিতিয়ে মোক বল কৰি কোচ কুমাৰত দিব ওলায় তেন্তে মই বিয়াৰ আগ নিশাই অৰ্থাৎ তেলৰ ভাৰৰ দিনাই বিষখাই প্ৰাণত্যাগ কৰিম। তুমি এইটো ধুৰুপ বুজিবা।
 মহীৰাম—তেন্তে পদুম! মই চিন্তা নকৰো। শত বাধা বিঘিণি অতিক্ৰম কৰিও মই পামহি। ঈশ্বৰ আমাৰ সহায় হব। তুমি নিশ্চয় জানিবা ইপুৰীয়ে সিপুৰীয়ে তুমি মোৰ- মই তোমাৰ। এতিয়া যাওঁগৈ দেই সোণ! চুমা এটা জানো দিবা।
 পদ্মকুমাৰী— (আগবাঢ়ি গই চুমা এটা দি) যোৱাগৈ প্ৰিয়তম! ঈশ্বৰে তোমাক নিৰ্ব্বিঘ্নে ওলোটাই আনিবলৈ আৰু পিতিৰ মতি গতি ফিৰাবলৈ মই ঈশ্বৰক দিনে নিশাই খাটিম। ” এইদৰে নিশা সম্ভাষণ হোৱাৰ পিচ দিনাই মহীৰামে খাই বই কোচ বিহাৰলৈ যাত্ৰা কৰিলে।
 ইফালে কোচকুমাৰে হৰদত্তৰ ঘৰত থাকি দিনত হলে নিতৌ হাবিত ছিকাৰ খেলি, নিশা হলে সৰহ সৰহকৈ ওচৰৰ কছাৰি হঁতৰ পৰা গোটাই অনা মদ আৰু হৰদত্তৰ চৰ্ব্ব-চুব্য লেহ্য পেয় খাই, [ ৮৫ ] হৰদত্তৰ গোটোৱা ৰছদৰ পৰালি পাৰি, নিজৰ কোচ সৈন্যেৰে সৈতে কাল নিয়াব ধৰিলে। মাজে মাজে হৰদত্তক “কেতিয়া তেওঁলৈ পদ্ম কুমাৰীক বিয়া দিব, এই বিষয়ে খেচ-খেচাবও ধৰিলে হৰদত্তই “বাৰু চাওঁ; সময় আছে”। ইত্যাদি ৰূপে বুজন দি কোচ কুমাৰৰ আও-ভাও দেখি বিমষ ভাবে দিন নিয়াব ধৰিলে।

⸻—
সপ্তবিংশ অধ্যায়।
বৰুৱা—বৰুৱানী।

 মহীৰাম যোৱাৰ সাতদিন মানৰ পিচত এ নিশা আকৌ পদ্মকুমাৰীৰ টোপনি অহা যেন অনুমান কৰি হৰদত্ত বৰুৱাই ঘৈণীয়েকক কলে:—
 “মইছানাৰ মাক! কোচ ৰাজকুমাৰে মাইছানাক বিয়া কৰাবলৈ উত্ৰাৱল হোৱাদি হৈছে।
 গৃহিণী—“বাৰু আমাৰ ইয়াত তেওঁ চপনীয়া হবলৈ গাত লৈছে নে?
 হৰদত্ত— সেইটোত তেওঁ কোনো প্ৰকাৰে সম্মত নহয়। তেওঁ কয় যে বাহুৱলী বীৰৰ আৰু ৰজাৰ ঘৰৰ লৰাই কোনো কালে কতো চপনীয়া থকা নাই। তেওঁনো কেনেকৈ আত্ম-সন্মান নষ্ট কৰি সেইটো কাম কৰিব। তেওঁ ইয়াকো কয় যে তেওঁ মাইছানাৰ লগতে আমাকো তুলি লৈ গই কোচ বেহাৰত থাপিব আৰু মাহে মাহে আমাক ৰোজ দি ৰাখিব। মোৰ মনেৰে হলে তেওঁতে আমাৰ মাইছানাক বিয়া দি আমাৰ পক্ষে কামৰূপ এৰি যোৱাই ভাল। সদাই বছৰি বছৰি আহোমৰ লগত যুঁজি যে আমি জিকি থাকিম এনেকুৱা আশা নাই। আহোমেও যে সতকাই ৰণ এৰি পলাই যাব তাৰো আশা নেদেখোঁ। তাতে আকৌ আমাৰ হিন্দুৰ ধৈয্য বোলা বস্তু এটা আৰু একতা বোলা বস্তু এটা নাই। দহোটাৰ দহোটা মত। এই চাৰি বছৰৰ ভিতৰতে আমি যুঁজ জিকি থকা [ ৮৬ ] স্বত্বেও আমাৰ কামৰূপীয়া বৰুৱা চৌধাৰীসকলে নিজৰ কঁকালৰ বল পাহৰি উচপিচ লগাই কোচবেহাৰ আৰু পঞ্জাবৰ পৰাও সৈন্য অনালে। সেই সৈন্যক ৰছদ দি ৰাখোঁতে আৰু পঞ্জাবী তিনি শ শিখক— ৰছদৰ উপৰিও মাহে মাহে গায় পতি তিনি চাৰি টকাকৈ দৰমহা দিওঁতে মোৰ ধনৰ পৰালি পৰি আহিছে। দেশ ভাতৃ সকলৰ ভিতৰত বুজৰ বৰুৱা দুজনৰ পেট আহোমৰ ফালেই; ই সকলেও আগেয়ে যেনেকৈ বয়ে বস্তুৱে, সৈন্য সামন্তে সহায় কৰোঁ বুলিছিল এতিয়া দিনক দিনে দিনে সেই সহায় দিয়াত টান পাই আহিছে; সেই দেখি আৰু দুই তিনি বছৰ এইদৰে ৰণ চলাই থাকিবলৈ হলে শেহত মোক দেশী বৰুৱা চৌধাৰীসকলেও এৰা দি নিঠঙুয়াত পেলাব। তেতিয়া আমাৰ সবংশে নাশ হব হে লাগিব। সেই দেখি মোৰ বিবেচনাৰে আমাৰ কোচ ৰাজকুমাৰতে ছোৱালীজনী বিয়া দি কোচ বেহাৰলৈকে উঠি যোৱাটোৱে ভাল হ’ব। ”
 গৃহিণী— আপুনি এজন বীৰ পুৰুষ হৈয়ো কেনেবোৰ কথা কয়। আপুনি আৰু সৰু ডাঙ্গৰীয়ায়ে এই যুঁজখান লগাইছে; এতিয়া যদি আপুনি কামৰূপ এৰি কোচ- বেহাৰলৈ যায় তেন্তে কামৰূপীয়া লৰা—তিৰোতা সকলোৱে আপোনাক ভাল বুলিব নে? আপুনি কোচ বেহাৰলৈ গলেও তাত আপোনাৰ এই ব্যবহাৰ জানি আপোনাক সন্মানত ৰাখিব নে? নিজৰ দেশ এৰি পৰৰ অন্নে প্ৰতিপালিত হবলৈ যোৱাটো কাপুৰুষৰ কাম নহবনে? আপুনি ধৈৰ্য্যা ধৰি যুঁজি থাওক। যুঁজ দেখোন জিকিয়েই আছে। এইদৰে জিকি জিকি শেহত কামৰূপৰ পৰা আহোমক নিৰ্ম্মূল কৰিব পাৰিব। ক্ষত্ৰিয় তেজৰ কলিতাই নিজৰ জীয়াৰীক কোচলৈ বিয়া দি আৰু তেনেকুৱা (আচল ৰজাৰ দূৰ সম্পৰ্কীয়) কোচ কুমাৰৰ লগত বিদেশ আশ্ৰয় কৰিবলৈ যোৱাটো গৌৰৱৰ বিষয় নহব। বাৰু! আপুনি জানো সৰু ডাঙ্গৰীয়াৰে সৈতে এই বিষয়ে আলোচনা কৰিছে?
 হৰদত্ত— (দীঘলকৈ হুমুনিয়া কাঢ়ি) বীৰদত বপাকো মোৰ মনৰ ভাব কইছিলো। সিও কোচ কুমাৰত মাইছানাক বিয়া দিয়া কথাত চুই খায়েই নাযায়। সিও কয় যে কলিতাৰ কন্যা কোচক, দিবলৈ হলে সি আত্মহত্যাকে কৰিব। [ ৮৭ ]  গৃহিণী—তেন্তে মোৰ মতে আৰু সৰু ডাঙ্গৰীয়াৰ মত সম্পূৰ্ণ মিল হৈছে। আপুনি কোচ কুমাৰক বিদায় দিয়ক আৰু মহীৰাম উলটি আহিলে তাতে মাইছানাক বিয়া দি ঘৰতে ৰাখক।
 হৰদত্ত—মাইছানাৰ মাক! তুমি কথাটো যিমান সহজ দেখিছা মই হলে সিমান সহজ দেখা নাই। কোচ ৰাজ- কুমাৰক এতিয়াই বিদায় দিলে কোচ সৈন্য সমস্ত গুচি যাব; আন কি দৰঙ্গ আৰু বিজনীৰ বিলাকো যাব। তেতিয়া অকল কামৰূপীয়া আৰু শিখ তিনিশ লৈ আহোমক বলে পৰাটো টান হৈ উঠিব। ইয়াৰ উপৰিও মহীৰামো যে চিৰকালে মোৰ ঘৰত চপনীয়া থাকিব সেইটোও মই আশা কৰিব নোৱাৰোঁ। যদিও সৰুতে তাৰ বুজ বিচাৰ লওঁতা কোনো নাছিল তথাপি এতিয়া যে তাৰ বৰ বাপেক আৰু ভাই ভাগিবিলাক নোলাব এনেটোও নাভাবিবা। সিহঁতে তাক জানো চপনীয়া থাকিব দিব?

 গৃহিণী—আপুনি বাৰু অহা বাৰৰ ৰণলৈকে কোচ কুমাৰক ৰাখক। মহীৰামক চপনীয়া ৰখা বিষয়ে মই জগৰীয়া ৰলোঁ। আপুনি মোৰ কথা ৰাখক। মহীৰামলৈকে পদুমক বিয়া দিয়ক।

 হৰদত্ত। —বাৰু মই ভাবিচিন্তি চাওঁ। মহীৰামো উলটি আহক।

অষ্টবিংশ অধ্যায়।
১৭৯২ শক

 এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিবৰ্ত্তনৰ সময় বুলিব পাৰি। এই শকৰ কাতি মাহতে ৰংপুৰৰ পৰা এশ চিপাহী লই কাপ্তান ওৱেল্‌ছ ছাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল। কাপ্তান ওৱেল্‌ছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙ্গা পোছাক পিন্ধা চিপাহি দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহিৰে লাখ লাখ মোৱামৰীয়াক দৰঙ্গি আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো [ ৮৮ ] কেনেকৈ জিকিব। ৰজাৰ কথাত কাপ্তান ছাহাবে হাঁহি কলে :- “ৰজা! যেতিয়া যুঁজ লাগিব তেতিয়াহে দেখিবা। সদ্যহতে মোক তোমাৰ দৰঙ্গলৈ লই বলা। তাত মই কৃষ্ণ নাৰায়ণক দমন কৰি উজনীলৈ সেই পিনে যাম। কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহিক ডাঙ্গৰ ডাঙ্গৰ নাৱেৰে লৈ গল। চাহাবে ৰঙ্গামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্ণ নাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পাঠালে। কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰ স্বৰূপে তিনি হেজাৰ কাড় ধেনু ধৰা, জাঠি জোঙ চলোৱা কোচ সৈন্যক চাহাবৰ লগত যুঁজিবলৈ পঠাই দিলে। সেই ৰণুৱা বিলাক আহি পোৱাত কাপ্তান চাহাবে নিজৰ চিপাহিবিলাকক ৰীতিমতে ঠিয় কৰাই কোচৰ কাড়ে আহি ঢুকি নোপোৱা ঠাইত ৰাখি তাৰে পৰা বন্দুক মৰাব ধৰিলে। চিপাহিৰ বন্দুকৰ গুলিত কোচ সৈন্য ধাচ ধাচ কৰে মৰিল। বন্দুকৰ গুলিত তত নাপাই কোচ সৈন্যবিলাক যেয়ে যিপিনে পালো সেই পিনে পলাল। কাপ্তান চাহাবে সসৈন্যে দৰঙ্গৰ ৰজাক ধৰিবলৈ আগ বাঢ়িল। কিন্তু ভাগি যোৱা সৈন্যৰ মুখে ইংৰাজৰ প্ৰতাপ শুনিয়েই কৃষ্ণনাৰায়ণ ৰজা আগবাঢ়ি ভাৰে-ভেটীয়ে সৈতে আহি কাপ্তান চাহাবৰ শৰণাপন্ন হোৱাত কাপ্তান চাহাবে তেওঁক আগলৈ আকৌ আহোম ৰজাৰ বিৰুদ্ধে নুঠোঁ বুলি শপত খুৱাই এৰি দিলে। তাৰ পাছত জছাহাব ৰজাৰে সৈতে নাৱেৰে উজাই গই বহাগত ৰংপুৰ পালে।
 ৰংপুৰৰ মুকলি পথাৰ খনত আহোম আৰু ইংৰাজৰ চিপাহিয়ে সৈতে যুঁজ কৰিবলৈ প্ৰায় কুৰিহেজাৰ মোৱামৰীয়াই ধেনু কাড়, জাঠি জোঙ্গ, কাঠ বাঁহৰ চুন খুউৱা তৰোৱাল লৈ, লগত পানী পিঠাগুৰিৰে সৈতে আহি প্ৰায় আধা মাইল আঁতৰৰ পৰা কাপ্তান ছাহাবক ৰজা আৰু চিপাহি শৰে সৈতে চাৰিউপিনে বেঢ়ি ধৰি বহিল হি। ইংৰাজ কাপ্তানৰ মুঠেই এশ ৰঙ্গা কাপোৰ পিন্ধা চিপাহি দেখি সিহঁতে হাঁহি হাঁহি পৰস্পৰে কোৱাকুই কৰিলে, “ভাইহঁত। চা অ। এই এশটা টুনি চৰায়ে আমাৰে সৈতে যুঁজিবলৈ আহিছে। ভাইহঁত আমাৰ সকলোৱে পানী পিঠাগুৰি খাই ল। আৰু পিছত আমি তিলিক্‌তে গৈ সেই ৰঙ্গা টুনি শ জীয়াই জীয়াই ধৰি আনিম গৈ”—এই কথা কই মোৱা মৰীয়া সকলে লাহে ধীৰে আয়মেৰে গা পা তিয়াব ধৰি লে।