দুজন দৈবজ্ঞই আহি তোমাৰ হাত কপাল চাৰু সোঁৱৰণী চাই কইছিল তুমি হেনো ৰাজৰাণী হবা।
পদুম— হয়! সিহঁতে তেনেকৈ কইছিল।
মহীৰাম— তেন্তে পদুম! মই তোমাৰ পিতিৰ পোষ্য হোৱাটো বা লৰাৰ চামিল হোৱাটো দূৰৰ কথা হল। তোমাৰ পিতিৰ যত্ন হৈছে গুৱাহাটীৰ বৰফুকনে সৈতে ৰণ কৰি আহোমাক আমাৰ কামৰূপৰ পৰা একেবাৰে উচ্ছেদ কৰা! তেওঁ হয়তো এই ৰণত সহায় পাবৰ কাৰণে হলেও তোমাক কোনোবা ৰজাৰ লগত বিয়া দিব। ৰজাৰ লৰাত বিয়া দিলে পিতাৰাৰ সমস্ত বিসয় সম্পত্তি মাটি-বাৰি সেই ৰজাৰ লৰায়ে পাব। এনে স্থলত মইনো তোমালোকৰ ইয়াত থকাৰ সকাম কি?
পদুম- অৱশ্যে তুমি যি কৈছা সচা। পিছত, আগলৈ কিটো হব সেইটোকে ভাবি তুমি লৰালৰিকৈ আমাৰ ঘৰ এৰি পলাব খুজিছা হবলা! ধৈৰ্য্য ধৰা, পিতিয়ে এটা নকৰে মানে বা তোমাক যাবলৈ নকয় মানে আমাৰ ঘৰ এৰি নাযাবা। তুমি গলে মোৰ মনটো সুদা সুদা লাগিব”।
মহীৰাম— পদুম! কোৱাচোন কেলেইনো তোমাৰ মন সুদা সুদা লাগিব।
পদুমী-মই তাকে আকৌ কব লাগে নে কি?
মহীৰাম— এৰা কব লাগে।
পদুমী—তুমি দেখোন সৰুৰে পৰা মোৰ খেলৰ
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে