লগৰীয়া। খেলৰ লগৰীয়া এজনে এৰি গলে জানো বেয়া নালাগে।
মহীৰাম—-পদুম! মই যদি তোমাৰ খেলেৰে লগৰীয়া, তেনেহলেনো তুমি আজি কালি মোৰ লগত কেলেই নেখেলা। মোৰ আগত দেখোন আজি কালি ভালকৈ নোলোৱাই, কথাও নোকোৱা।
পদুমী—তাৰ কাৰণ আছে।
মহীৰাম—কি কাৰণ মই জানিব পাৰো নে?
পদুমী—(তললৈ মুৰ কৰে। )
মহীৰাম- কোৱা পদুম মোৰে শপত, তুমি মোককোৱা। নকলে মই বেয়া পাম।
পদুমী-(তললৈ মূৰ কৰি) মায়ে কৈছে মই হেনো দিনক দিনে ডাঙ্গৰ হৈছে॥ মোক হেনো বিয়া দিবৰ সময় হল। সেই দেখি মই হেনো আবুৰত থাকিব লাগে।
মহীৰাম— অ! সেইটোহে কাৰণ। বাৰু তোমাৰ নিজৰ মনে নো কিদৰে থাকিবলৈ কয়।
পদুমী—মোৰ নিজৰ মনে কয়— মই যেন সদায় আগৰ দৰেই মুকুলি হৈয়ে ফুৰিম। কিন্তু মনে কলেও মোৰ হাক বচন তো পেলাব নোৱাৰো।
মহীৰাম—তুমি যথাৰ্থ কৈছা পদুম। মই তোমাক ধইন দিছে॥ তেনেহলে মোক বেয়া পাই বা ঘিণ কৰি এইদৰে আচৰণ কৰা নাই।
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
