পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোমল হাতখনত ধৰি আকৌ কলে? —“কোৱা পদুম! তোমাৰ কথাৰ ওপৰত মোৰ ভবিষ্যত নিৰ্ভৰ কৰিছে”। পদুমীয়ে খঙ নেদেখুৱাই হাতখান টানি নিনি লাহেকৈ কলে—“মায়ে আৰু পিতিয়ে দিলে মই অমান্তি নহওঁ”। এই কথা কইয়েই পদুমী সাউত্‌‌‌‌ কৰি গুচি গল গই। . মহীৰামে আশাৰ অতীত উত্তৰ পাই তেতিয়াই মাটিতে আঠু লই হাতযুৰি ভগৱন্ত পুৰুষক প্ৰাণ-ভৰি জনালে –“প্ৰভু! তুমি যেন এই দুৰ্ভগীয়াক কৃপা কৰা। যেন দুৰ্ভগীয়াৰ আশা পূৰ্ণ কৰি এই পদুম পাহি দুৰ্ভগীয়াক দান কৰা”। এইদৰে ঈশ্বৰত প্ৰাৰ্থনা জনাই নতুন আনন্দেৰে, নতুন উলাহেৰে ঘৰলৈ গল।


সপ্তদশ অধ্যায়
হৰদত্তৰ উদ্যোগ

 দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা মেল হবৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী সকলে ঠায়ে ঠায়ে ৰছদ গোটাবলৈ আৰু ঝাকে ঝাকে ৰণুৱা শিকাবলৈ ধৰিলে। কমাৰকুচীয়া বৰুৱাৰ ঘৰৰ ডেকা এজনে আৰু ইফালে বীৰদত্তে ৰণুৱা বিলাকক ঠায়ে ঠায়ে কাঁড় ধনু মৰা তৰোৱাল খেলা ইত্যাদি