দন্দুৱা দ্ৰোহ/সপ্তদশ অধ্যায়
[ ৮৮ ] [ ৮৯ ] ইফালে কাপ্তান ছাহাবে তেওঁৰ দূৰবীণৰে চাৰিউপিনে
ঘূৰি ঘূৰি চাই স্থিৰ কৰি ললে মোৱামৰীয়াৰ সৈন্য কিমান
আৰু তেওঁ বিলাকৰ হাতত কি অস্ত্ৰ শস্ত্ৰ। ইয়াৰ পিছত
তেওঁ চিপাহি বিলাকক পেৰেড কৰাই একুৰি পাঁচোটা
কৈ চিপাহিৰে চাৰিটা লাইন কৰি এটা বগাকাৰ বেঁহু
পাতিলে। সেই বেঁহুৰ মাজত ছাহাব, ৰজা, আৰু এজন
হাবিলদাৰ ৰল। হাবিলদাৰ জনে এবাৰ নে দুবাৰ—“গুলি
চলামনে” বুলি ছাহাবক সুধিলে। ছাহাবে কলে “আভি
মত চালাও। উন্নোককো খানা পিনা কৰকে ইছ তৰফ
আনে দেওঁ। ছাহাবৰ এই কথা শুনি হাবিলদাৰ মনে
মনে থাকিল! ইফালে মোৱামৰীয়া সকলে পানী পিঠা-
গুৰি খাই বই তামোল চালি খাই কঁকালত টঙ্গালি আতি
কেউফানৰ পৰা জয়ধ্বনি কৰি আগ বাঢ়ি বাঢ়ি আহি
যেতিয়া গুলিৰ সীমাৰ ভিতৰত সোমাল আৰু সিহঁতে
তাৰে পৰা কাড় মাৰিব ধৰিলে তেতিয়া ছাহাবে Fire বুলি
হুকুম দিলে। সেই এশ চিপাহিয়ে পূবে পচিমে, উত্তৰে দক্ষিণে চাৰিউফালে গিৰ্ গিৰ্ কৰি বন্দুক মাৰি ধৰিলে।
সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা
মোৱামৰীৱা ধাচ্ ধাচ্ কৈ পৰিব ধৰিলে। গুলিৰ কোবত
মোৱামৰীয়া আগবাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই
তিনি মিনিটে মিনিটে শই শই মৰা দেখি “আই ঐ! এই
বিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰহে ফিৰিঙ্গতি বুলি যেয়ে
যি পিনে পালে পলাব ধৰিলে। চিপাহিহঁতে সঙ্গিন লগাই
পিছে পিছে খেদি নিও কিছু মানক খুচি খুচি মাৰিলে।
মোৱামৰীয়া সম্পূৰ্ণে পৰাজিত হল। ৰজাই মুখীয়াল
মুখীয়াল মোৱামৰীয়া কিছু মানক ধৰি ধৰি অনাই শূলত
দিয়ালে। মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ
শৰণাপন্ন হল।
ৰজাৰ অনুৰোধত কাপ্তান ছাহাব এমাহ ৰংপুৰত থাকি
আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু
বুঢ়া গোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম
ৰণুৱাক ইওৰোপীয় ধৰণে কাবাজ পেৰেড শিকাই ৰূপবান,
নজৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল। ৰজাই নিজেই
দন্দুৱাদ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ
দন্দুৱাদ্ৰোহ নিবাৰণ কৰিবলৈ নৰল। কিন্তু বিজনি, কোচ
বিহাৰ আৰু দৰঙ্গলৈ চিঠি লেখি দিলে তেওঁলোকে যেন
কামৰূপীয়াক আৰু সহায় নকৰে। যদি সহায় কৰে তেন্তে
১৭৯৩ শক
এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰুপীয়া ৰণুৱা গোট খুয়াইছিল। তথাপি এই বছৰ যুঁজ নহল। বৰফুকনে কাপ্তান ওৱলছ চাহাবৰ ৰচদ যোগোৱাত আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল।
কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ ভটিয়াই যোৱাৰ প্ৰায় এ মাহৰ ভিতৰতে অৰ্থাৎ আহিন মাহত পূজাৰ আগখিনিতে কোচ ৰাজকুমাৰে কোচ বেহাৰৰ পৰা আদেশ পালে তেওঁ যেন আহোমৰ লগত নুজুজি ঘৰলৈ ওলটে। দৰঙ্গৰ বজাইও তেওঁৰ কোচ সৈন্য জাকক ওলোটাই—পঠাবলৈ হৰদত্তলৈ লেখিলে। কোচ ৰাজকুমাৰে এই আদেশ পাই আৰু পদ্মকুমাৰীক বিয়া কৰাবলৈকো কোনো আদেশ নেদেখি হৰদত্তক জনাই নিজৰ কোচ সৈন্য সমস্ত লৈ গুচি গল। দৰঙ্গৰ কোচবিলাক দৰঙ্গলৈ গল। কোচবিলাক গুচি যোৱাত পদ্মকুমাৰী আইদেউ আৰু তেওঁৰ মাতৃ বৰুৱাণীৰ হলে মূৰৰ ওপৰে দি এচলু পানী বোৱা যেন পালে।
[ ৯১ ]১৭৯৪ শক।
এই বছৰতো আহোমৰ আৰু কামৰূপীয়াৰে যদিও
কোনো ৰণ বিগ্ৰহ নহল, তথাপি হৰদত্ত বৰুৱা কিন্তু বৰ
চিন্তাত ৰল। তেওঁৰ হাতৰ পৰা তেওঁৰ বলী স্বদেশী কোচ
ৰণুবাবিলাক যোৱাত তেওঁ এফেৰা বিমৰ্ষ হল। কিন্তু
কৰিব কি উপায় তো নাই। তেওঁ এই বছৰত ৰণ বিগ্ৰহ
নোহোৱা দেখি নিজৰ বিষয় আসয় চলোৱাত ৰল।
ইফালে কাতি আঘোন মাহ গই পুহমাহ পৰাতো মহী-
ৰামক কোচ বেহাৰৰ পৰা নোলটা দেখি বৰুৱাণী আৰু
পদ্মকুমাৰী উভয়ে চিন্তিত আৰু বিষণ্ণ হল। পদ্মকুমাৰীৰ
অহাৰ বিহাৰ একোতে ইচ্ছা নোহোৱা হব ধৰিলে। তেওঁ
দিনক দিনে শুকাই ক্ষীণাই যাব ধৰিলে। ঈশ্বৰক খাঁটোতে
খাঁটোতে মাঘ মাহত মহীৰাম কটকী কেজনে সৈতে সুদা
মুখে আৰু সুদা হাতে উলটি আহিল। কাপ্তান ওৱেলচৰ
চিঠি পাই বিজনি আৰু কোচ বেহাৰে সৈন্য পঠোৱা বন্ধ
কৰিলে।
মহীৰাম উলটি আহিবৰে পৰা পদুমৰ মুখলৈ আকৌ
অলপ অলপকৈ তেজ আহিব ধৰিলে। পদুমৰ মাকে—
ছোৱালীৰো মন বুজি গিৰিয়েকক বিয়াখানে পাতিবলৈ খেচ খেচাব ধৰিলে। এই বেলি মাঘ মাহতো ৰণ নোহোৱা
দেখি হৰদত্ত ঘৈণীয়েক আৰু ভায়েক বীৰদত্তৰ অনুৰোধ
মতে ফাগুনতে মহীৰাম আৰু পদুমৰ বিবাহ স্থিৰ কৰিলে।