পদুমী—তোমাকনো কেলেই বেয়া পাম বা ঘিণ কৰিম! সৰুৰে পৰা একলগে উমলিছোঁ। একলগে ডাঙ্গৰ হৈছোঁ, এতিয়ানো কেলেই বেয়া পাম।
মহীৰাম—তেন্তে পদুম! তুমি মোক ভাল পোৱা। নিছলা বুলি নিঘিণোৱা!
পদুমী – ভাল পাওঁ তো।
মহীৰাম—কিন্তু পদুম! তোমাক আনলৈ বিয়া দিলে তেতিয়াতো মোক ভাল নাপাবা।
(পদুমী নিৰুত্তৰ) কোৱা পদুম! কোৱা, তেতিয়াও মোক ভাল পাবা নে? ( পদুমী নিৰুত্তৰ ) বাৰু পদুম! মই আৰু এটা কথা সোধো। তুমি যে মোক লগৰ লগৰীয়া বুলি ভাল পোৱা তাত বাজে আৰু মোক দোছোৰা প্ৰকাৰৰ কিবা ভাল পোৱা নে?
মহীৰামৰ এই কথাত পদুমীয়ে মহীৰামৰ মুখলৈ একেথৰে কিছু বেলি চাই তাৰ পিছত কলে:— তুমি কি কইছা মই একো বুজিব পাৰা নাই।
মহীৰাম—-বাৰু পদুম; মই তেন্তে তোমাক খুলি কওঁ, তুমি বেয়া নাপাবা। মই যদি তোমাক বিয়া কৰাই চিৰকাললৈ লগৰীয়া থাকিব খোজো তেন্তে তাত তুমি সন্মত হবা নে?” মহীৰামৰ এই কথাত পদুমীৰ গাল দুখন টুক টুকীয়াকৈ ৰঙা পৰিল। পদুমী নিৰুত্তৰ হৈ যাবলৈ ওলাল —এনেতে মহীৰামে থাপ্ মাৰি পদুমীৰ
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে