পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


“জয় ৰাম বোলা৷ জয় হৰি বোলা; ” এই বুলি হৰি-ধ্বনি দি দেৱীৰ ওচৰৰ পৰা তিনিধাৰি মালা আনি ৰাইজে তিনিউজনকে পিন্ধাই আকৌ হৰি-ধ্বনি কৰিলে৷ তিনিও আঠু লই সেই মালা গ্ৰহণ কৰিলে; তাৰ পিছত হৰদত্তে:— “দূৰ্গে দুৰ্গতিনাশিনী, ভব ভয় হাৰিণী” বুলি দেবীক সেৱা কৰি জনালে—“বাপসকল! আপোনালোকৰ আদেশ অনুমতি মতে এই দাসে এই ডাঙ্গৰ ভাৰটো গ্ৰহণ কৰিলোঁ৷ আপোনাসকলৰ বলেই মোৰ বল৷ আপোনালোকৰ উৎসাহেই মোৰ উৎসাহ আপোনাসকলৰ শক্তিয়েই মোৰ শক্তি৷ আপোনাসকলে অকাতৰে যদি সহায় কৰে, তেন্তে নিশ্চয় আমি আহোমাক খেদিব পাৰিম৷” এই কথাৰ পিছত সভা ভঙ্গ হল৷ দুই তিনটা মান বজাতসকলোৱে মিলি পুঠীমাৰি নইত দেবী-বিসজ্জন দিলে৷ গধূলি সকলোৱে বৰনাম ধৰি পিছদিনা সকলো বৰুৱা আৰু চৌধাৰীয়ে খাই-বই উঠি ঘৰা ঘৰি গ’ল৷

ষোড়শ অধ্যায়
প্ৰণয়৷

 ফুলনিত সেই দিন পদুমীয়ে সৈতে কথা ইয়াৰ পৰা মহীৰাম সদায় বিৰস মনেৰে আছিল৷ অনেক ভাবি চিন্তি মহীৰামে স্থিৰ কৰিলে যে তেওঁ চেগ চাই, সুবিধা চাই