পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পদুমক লগ ধৰি নিজৰ মনৰ ভাবটো খোল-খুলিকৈ কব আৰু পদুমৰো আচল ভাবটো কি জানিব৷ যদি পদুমে দৰাচলতে৷ তেওঁক ভাল নাপায়, তেন্তে তেওঁৰ পক্ষে হৰদত্তৰ গৃহ এৰি নিজ গাঁৱলৈকে যোৱাটোৱে উচিত হব৷ পৰৰ তোলনীয়া চপনীয়া হই থকাতো উচিত নহব৷ ইয়াকে মনত সাৰোগত কৰি লই মহীৰামে পদুমীক আকোঁ এবাৰ অকলে লগ ধৰিবলৈ সুযোগ বিচাৰি আছিল৷ হৰদত চৌধাৰী মদন কামদেবত থকাৰ সময়তে আৰু ইফালে এদিন বীৰদত্ত গধূলিতে গাৱঁলৈ কিবা সকাম উপলক্ষে যোৱা চেগ পাই মহীৰামে পিছফালে ফুলনিত সোমাই ফুৰাৰ ছলেৰে পদুমক লগ ধৰি কলে:— “পদুম! মই তোমাক কথা কেইটামান সুধিব খোজোঁ—তুমি মোক তাৰ উত্তৰ অকপট চিত্তে দিবা নে?
 পদুমী—(তললৈ মূৰ কৰি) কি কথা সুধিব খুজিছা সোধা৷ মই অকপট চিত্তেৰে উত্তৰ দিম৷
 মহীৰাম—পদুম! তুমি অৱশ্যে জানা৷ মই সৰুতে মোৰ নিজা আই-বোপাই ঢুকুৱাত তোমালোকৰ ঘৰতে ডাঙ্গৰ হৈছে৷ ৷ মই ধনিৰাম চৌধাৰীৰ ঘৰৰ লৰা৷
 পদুমী—এৰা! এদিন মায়ে আৰু পিতিয়ে তোমাৰ বিষয়ে কোৱা মেলা কৰাত মই টোপনিৰ ভাও যুৰি তোমাৰ আতি-গুৰি সকলো শুনিছিলোঁ৷ পিছত এতিয়া তুমিনো মোক কি কব খুজিছা কোঁৱা৷