পৃষ্ঠা:দদাইৰ পজা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
দদাইৰ পজা

 বিনিয়োগত ফিনিয়েসে কলে, “এই শুন, মই মাৰ্কস্ নহওঁ, বন্ধু। মাৰ্কসে যে তোক কিমান মৰম কৰে জানিলোঁ। সি তাৰ নিজৰ জীৱটো লৈ পলাই গৈছে, জাননে? সি যোৱা বহুত পৰ হল।”

 টমে ক'লে “কুকুৰটোৱে মই মৰিম বুলি জানি অকলৈ মোক এৰি গ'ল। মোৰ ফালে আধ্যা হ’ল।”

 “লাহে লাহে বন্ধু, মুখ বেকেটাবেকেটি নকৰিবি। তোৰ তেজ ওলোৱা যদি বন্ধ নকৰোঁ তোৰ জীৱনৰ আশা নাই।” এই বুলি সকলোৰে উৰ্ম্মাল গোটাই ডাক্তাৰী “ব্যাণ্ডেজ” সুন্দৰৰূপে বান্ধি দিলে।

 “তুমিয়েই মোক এই খিনিলৈ ঠেলা মাৰি পেলাই দিছিলা নহয়?”

 “তোমাক এনেকৈ পেলাই নিদিয়াহেতেন, তুমি আমাকে পেলাই দিলাহেতেন নহয়। কিন্তু এতিয়া মিত্ৰভাবে হে আমি ইয়ালৈ আহিছোঁ। শত্ৰুভাবে নহয়। তোমাক আমি এতিয়াই এঠাইলৈ লৈ যাম। সেই ঠাইৰ মানুহ সকলে তোমাক সুন্দৰ ভাবে সেৱা-যত্ন কৰিব। তোমাৰ মাৰাই যেনে পতি কৰিলে হয় তেওঁ লোকেও তোমাৰ মাৰাৰ দৰেই পতি আতি কৰিব।”

 টমক চাৰিজন মানুহে অতিকষ্টেৰে ৱেগনত তুলিলে। ৱেগনত তোলাৰ আগৈয়েই টম্ মুচ্‌কুচ্‌ গ'ল। বুঢ়ীয়ে টমৰ মুৰ কোলাত অতি যতনকৈ ল'লে। ৱেগন চলোৱা হ’ল।