পৃষ্ঠা:দদাইৰ পজা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
দদাইৰ পজা

 আমাৰ ভাগৰ লাগি অহা বন্ধু সকলক ঘৰৰ গৰাকী সকলে সুন্দৰৰূপে ভোজন কৰালে। এই সকল দয়াবান অতিথিবৎসল মানুহ।




 এতিয়া টমৰ বাতৰি লওঁগৈ আহাঁ। হেলিয়ে শ্বেলবিৰ ঘৰৰ পৰা টমক মিস্বিস্বিপি নৈৰ উজানে লৈ গৈ স্বিন্‌ক্লেয়াৰ বুলি নিউ অৰ্লীন্সৰ এজন ভাল আৰু ধনী মানুহৰ ঘৰত বেচিলে। টম সেই ঘৰত কোচ্‌ম্যান্ হ’ল গৈ। মিঃ স্বিন- ক্লেয়াৰ বৰ মৰমীয়াল আৰু সজ মানুহ আছিল। টম্ সেই ঘৰত সুখে আছিল। কিন্তু টমৰ কপাল বেয়া। এই সজ মানুহ জনৰ ডেকা বয়সতে মৃত্যু হোৱাত তেওঁৰ আন আন গোলামৰ লগত টমকো নীলাম কৰা হল। এই বাৰ টম গ’ল স্বাইমন্‌ লেগ্ৰী বুলি এটা মানুহৰ ঘৰলৈ। তাৰ কপাহৰ বাগিচা ৰঙ্গা নৈৰ পাৰত আছিল। এই মানুহটোৰ দৰে নিষ্ঠুৰ, অসৎ, বেয়া মানুহ পৃথিবীত বিৰল।

 এখন সৰু জাহাজত টম্। হাতত শিকলি, ভৰিত শিকলি। বপুৰি টমৰ মন শিকলিৰকৈও গধুৰ। তল মুৱা হৈ ভাবি আছে।

 লেগ্ৰীয়ে নিউ অৰ্লীন্সৰ ই ঠাইত এটা সি ঠাইত এটা এনেকৈ আঠোটা মান গোলাম কিনি দুটা দুটাকৈ হাত- কড়া লগাই জাহাজলৈ আনিলে। জাহাজলৈ আনি এঠাইত নালপত্ৰ ৰখাৰ দৰে থৈ দিলে। জাহাজ মেলি দিয়াৰ