পৃষ্ঠা:দদাইৰ পজা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
দদাইৰ পজা৷

 সিহঁতে ঘোড়া চেকুৰাই মানুহ অহাৰ শবদ পালে।

 গাড়ী আকৌ চলাবলৈ ধৰিলে। বৰফে ঢকা বাটে দি গাড়ী উড়ি যোৱাৰ দৰে যাব ধৰিলে। ফিনিএসে ঘোড়া দৌড়াই লগে লগে গৈ আছে। শত্ৰুৰ ঘোড়া মুহুৰ্ত্তে মুহুৰ্ত্তে ওচৰ চাপি আহিছে।

 গাড়ী গৈ গৈ ফিনিএসৰ আগৰ চিনাকী এখন ঠাই পালে গৈ। সেই তাহানিখন যেতিয়া ফিনিএস্ বন-বীৰ আছিল, তেতিয়াৰ চিনাকী ঠাই। ফিনিএসে গাড়ীৰ আৰোহীবিলাকক নামিবলৈ কৈ কলে, “তহঁত নামি দৌড় মাৰ। যিমান পাৰ দৌড়। মাইকেলক ক’লে, “তই এমেৰাইয়াৰ ঘৰলৈ দৌড়ি যা। তাক মাতি আনিবি আৰু তাৰ কেটামান “ল’ৰাকো” লগত আনিবলৈ কবি আৰু কবি কিয় মাতিছোঁ। আমাক খেদি অহা মানুহৰ সৈতে সিহঁতে “কে আষাৰমান কথা” কৈ যাওক হি।”

 হেৰিক কোলাত লৈ ফিনিএসে নিৰাপদীয়া ঠাইত থ’লে গৈ। সেই ঠাইডোখৰ শিলেৰে ভৰা। ভগবানৰ ইচ্ছাত শিলবোৰৰ পাছত আশ্ৰয় লৈ সিহঁতে যুজিব পাৰিব, সেই দেখিহে ফিনিএসে সেই ঠাইলৈ ইমান বেগাবেগিকৈ গৈছিল। মোৰ আসামত বিশেষকৈ গুৱাহাটীত তেনে শিলেৰে ভৰা ঠাই বহুতো আছে। সেই তেনে কেতবোৰ শিল-খণ্ডৰ আশ্ৰয় লৈ এই মুক্তিপ্ৰয়াসী মানুহবিলাক আৰু সিহঁতৰ বন্ধু সকল শত্ৰুৰ নিমিত্তে বাট চাই থাকিল।