পৃষ্ঠা:দদাইৰ পজা.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
দদাইৰ পজা

সেইবিলাক মানুহেই হে ডাঙ্গৰ মানুহ। জৰ্জ আৰু ইলাই- জাই ডাঙ্গৰ মানুহৰ বিশেষত্ব বুজাই আজি জগতক ধন্য কৰিলে। চোৱা, এই মানুহটোৱেই সিহঁতক ধৰিবলৈ আহিছিল নহল!

 তেতিয়া ফিনি এসে ক'লে “হয় আমাৰ কুয়েকাৰ সকলৰ তালৈ লৈ গৈ তাক আমি নিৰাময় কৰোঁগৈ ব’লা। হা হা ভাল কথা। বাৰু মোৰ কোনো আপত্তি নাই।” এই বুলি সেই মানুহটোৰ ওচৰলৈ গ'ল। গৈ ক'লে, “চাঁওচোন্‌ বাৰু, ইয়াৰ কি হৈছে।” ( ফিনিএসে অলপ ডাক্তৰী বিদ্যা জানে দেই। ডাক্তৰ বিলাকে ভাবে যে, তেওঁলোকেই হে সৰ্ব্ব আৰোগ্য বিদ্যাত পাৰ্গত। হে ভগবান, তুমি যেতিয়া বেমাৰীক ভাল কৰিবলৈ ইচ্ছা নকৰা ডাক্তৰবিলাকে বিদ্যাৰ বোজা লৈ আৰু আন মানুহৰ পৰা টকাৰ গধুৰ মোনা লৈ বেমাৰীক কেতিয়া, কোন সময়ত ভাল কৰিছে কোৱাচোন। কিন্তু আন মানুহে পঢ়ি শুনি, ডাক্তৰী পৰীক্ষাত উত্তীৰ্ণ নহৈ, যদি কেতিয়াবা কোনো ৰোগীক সেৱা-শুশ্ৰুষা কৰি, পথ্যৰ ব্যৱস্থা কৰে, তেতিয়া ডাক্তৰৰ খং দেখিছা নহয়। সেই বোৰ ডাক্তৰ ক্ষমাৰ পাত্ৰ )। ফিনিএসে অলপ চাই চিন্তি দেখিলে যে, তাৰ তিমান একো বেয়া অৱস্থা হোৱা নাই। জঙ্গলত থকাৰ সময়ত বাধ্য হৈ ফিনিএস ডাক্তৰী বিদ্যা জানিব লগীয়া হৈছিল। টমে ক'লে, মাৰ্কস্, তই আহিছ নে কি?