পৃষ্ঠা:দদাইৰ পজা.pdf/৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
দদাইৰ পজা


 জৰ্জে ফিনিএসক শুধিলে, “বেমাৰীৰ কেনে অবস্থা দেখিছা?”

 “অৱস্থা একো বেয়া নহয়। বহুত পৰ ব্যাণ্ডেজ নকৰাৰ বাবে তেজ গৈ মানুহটোৰ শৰীৰ দুৰ্ব্বল হৈছে তাৰ লগতে তাৰ মনৰো সাহ গৈছে। নেদেখিছা। গুলিয়ে জখম বেছি কৰিব নোৱাৰিলে। কৰাহেতেন তেতিয়াই গ'ল হয়। কিছু দিনৰ পাছত ভাল হব, একো ভয় নাই। ইয়াৰ দ্বাৰাই আশা কৰোঁ তাৰ অলপ শিক্ষা হ'ব।”

 জৰ্জে ক'লে “মই এই কথা শুনি সঁচাই বৰ ৰং পালোঁ। মই তাৰ মৃত্যুৰ কাৰণ হোৱা হ'লে চিৰজীৱন দুখ পালো হয়।"

 “এৰা, বধ কৰা কামটো ভয়ানক। মানুহকে মৰা হয়, কি কোনো জন্তুকে মৰা হয়, দুয়ো একে বেয়া কাম।”

 “এতিয়া তাৰ কি ব্যৱস্থা হব তেনেহলে?”

 “এমেৰায়াৰ তালৈ লৈ যাম। তাত বুঢ়ী আই ষ্টীভেন্স আছে। তেওঁ সাক্ষাৎ দেবী। বেমাৰীক এনে সুন্দৰে সেৱা কৰে। আটায়ে তেওঁক ডৰ্কাস্ (Dorcas) বুলি মাতে। পোন্ধৰ দিনমান বুঢ়ী আইৰ যতন পালে ই ভাল হব।”

 এঘণ্টামানৰ পাছত আমাৰ বন্ধু সকল গৈ অতি পৰিষ্কাৰ ঘৰ এটাত নামিল গৈ। টম লোকাৰক তেতিয়াই চাফ বিছনা থকা এটা খোটালীলৈ লৈ যোৱা হ’ল। তাক যত্নেৰে শুৱাই, আকৌ বেণ্ডেজ বান্ধি দিয়া হল। এনে বিছনাত সি তাৰ ওপজা সময়ৰে পৰা কেতিয়াও শোৱা নাই।