পৃষ্ঠা:দদাইৰ পজা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
দদাইৰ পজা৷

কি নকৰিব অলপ থেৰোগেৰোত পৰিল। তাৰে এজনে কলে, “কাৰোবাৰ গাত গুলি লাগিল বোধকৰোঁ কোনোবাই চিয়ঁৰা যেন শুনিলোঁ।

 টমে কলে, “মই যাওঁ আগ বাঢ়ি! মই নিগাৰহঁতক কেতিয়াও ভয় কৰা নাই এতিয়াও নকৰোঁ। মই এতিয়াই যাওঁ। মোৰ পাছত কোন আহিবি আহি থাক।” এই বুলি টম্ আগ বাঢ়িল। জৰ্জে এই কথাষাৰ শুনিয়েই বন্দুক ঠিক কৰি ৰাখিলে। জৰ্জহঁত থকা ঠাইডোখৰ আন মানুহবোৰ থকা ঠাইৰকৈ ওখ আছিল। টমে শিলবোৰৰ ওপৰলৈ এটা-দুটাকৈ উঠি আহিল। তাৰ পাছত সেই আটাইতকৈ দলৰ সাহীয়াল মানুহ এটা টমৰ পাছে পাছে আহিল। তাৰ পাছত গোটাই মানুহ কেটা ঠেলাহেচা কৰি আগ বাঢ়ি আহিল। আগ বাঢ়ি আছে ইপিনে আমাৰ বন্ধু সকলেও প্ৰস্তুত হৈ আছে। টমৰ ডাঙ্গৰ দীঘল গা ওলোৱাতে দিলে জৰ্জে এটা গুলি মাৰি। গুলি লাগিল গাৰ একাষে। টমৰ গাত গুলি লগা সত্তেও সি নপলাল, সি আগ বাঢ়ি আহিল। জৰ্জহঁত থকা শিলবোৰত উঠে আৰু, এনেতে ফিনিএসে আগ বাঢ়ি আহি বাটভেটা দি তাক ঠেলা মাৰি দি কলে,“বন্ধু, তোৰ এই ঠাইত একোকে কাম নাই।” ঠেলা খাই টম্ পৰিল তিৰিশ্ ফীট তলত। টমৰ সৌভাগ্য গছগছনি থকাৰ নিমিত্তে তিৰিশ্ ফীট একে লগেই একেবাৰতে নপৰিল। তেনেহলে একেবাৰেই টমৰ ফালে আধ্যাই হ’ল হয়।