পৃষ্ঠা:দদাইৰ পজা.pdf/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১
দদাইৰ পজা

“এতিয়া আমাৰ খোজ ল’ব লাগিল আৰু।” অলপ মান বাট যোৱাৰ পাছতে তেওঁলোকৰে ৱেগনখন উভতি অহা দেখিলে। লগত কেজনমান অশ্বাৰোহী “ভালেই হ’ল, মাইকেল, ষ্টীভেন আৰু এমাইয়া আহি পালেহি। এতিয়া আমাৰপাব লগীয়া ঠাই পোৱাৰ দৰেই হ'ল আৰু। আৰু একোকেই ভয় নাই।”

 “যদি সেয়ে কথা, আমি তেনেহলে অলপ পৰ ৰৈ সেই মানুহটোক অলপ সহায় কৰোঁ গৈ।” এই কথাষাৰ কোনে ক’লে জানানে? ইলাইজাই। যি ইলাইজাক ধৰি লৈ গৈ আকৌ গোলাম কৰিবৰ নিমিত্তে যি মানুহটোৱে লৈ যাব ধৰিছিল, সেই মানুহটোৰ জীৱন ৰক্ষাৰ নিমিত্তে সেই ইলাইজাৰে প্ৰাণ কান্দিছিল। চোৱাচোন তিৰুতাৰ কেনে কোমল প্ৰাণ। তোমালোকে সকলো সময়তে তিৰুতাক ভক্তি-শ্ৰদ্ধা কৰিবা।

 জৰ্জেও ক'লে, “এৰা, এনে কাম কৰাইয়ে তো আমাৰ সকলো খ্ৰীষ্টানেৰে কৰ্ত্তব্য।” চোৱা, এই নীগ্ৰো জাতিৰ কি মহত্ত্ব। সিহঁত গোলাম হব পাৰে কিন্তু সিহঁতৰ মন মহৎ। আমি “ডাঙ্গৰ মানুহ” বুলি কাক কওঁ? যাৰ টকা আছে, যাৰ ক্ষমতা আছে, আমি তেনে মানুহকেই ডাঙ্গৰ মানুহ বুলি কওঁ। কিন্তু প্ৰকৃত ডাঙ্গৰ মানুহ হৈছে যাৰ মন ডাঙ্গৰ। যি আনৰ নিমিত্তে ভাবে। যি দুখীয়াক মৰম কৰে। যি মানুহে আনৰ কোনো দুখ দেখিলে সেই দুখৰ লাঘৱ কৰে,