গোপীৰ বস্ত্ৰ হৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গোপীৰ বস্ত্ৰ হৰণ
লেখক অজ্ঞাত
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]
গোপীৰ বস্ত্ৰ হৰণ (page 1 crop).jpg
গোপীৰ বস্ত্ৰ হৰণ।

শ্ৰী দিবাকৰ দুৱৰাৰ দ্বাৰা সংগৃহীত

আৰু
শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত
ডিব্ৰুগৰ, আসাম।

দ্বিতীয় তাঙৰণ

Printed by R. S Chakravarty.
At the “Gouri sanker press”

বেচ দুই চৰতীয়া মাথোন।

[  ]
 
গোঁসাইৰ বেলেগ বেলেগ নাম।

শ্ৰীপতি, জনাৰ্দ্দন, বিশ্বম্ভৰ।
গোবিন্দ, কৃষ্ণ, বিষ্ণু, দামোদৰ॥
নাৰায়ণ, কেশৱ, মাধৱ, হৰি।
পুৰষোত্তম, মধুৰিপু, মুৰাৰি॥
দৈৱকীনন্দন, চক্ৰপাণি, চতুৰ্ভুজ।
বাসুদেৱ, অচ্যুত, গৰুড়ধ্বজ॥
হৃষীকেশ, উপেন্দ্ৰ, পীতাম্বৰ।
বনমালী, ইন্দ্ৰাবৰ, মুৰলীধৰ॥
 এই সকলকে আদি
 কৰি॥

⸺ ⸺
[  ]
 

গোপী সকলৰ নাম।

ৰাধীকা, কুন্তী, সতী, সৰস্বতী।
বসুন্ধৰী, কামিণী, ঊষা, লীলাৱতী॥
ভগৱতী, যমুনা, বীৰজা, কামদা।
ভাগীৰথী, ভানুমতী, ঘুনুচা, কুমুদা॥
ৰত্নমলা, ভদ্ৰা, সূপ্ৰভা, ইন্দুমতী।
তিলোত্তমা, বিদ্যাধৰী, ৰম্ভা, প্ৰভাৱতী॥
বিসখা, মুগুধা, মাধবী, সুৰসা।
হৰিণী, পদ্মাৱতী, সুমালিনী, ৰসা॥
মদন মঞ্জৰী, অথীৰাজা, কমল লোচনী।
চন্দ্ৰকলা, সুৰভী, ভুষিতা, ৰজনী॥
মন্দাকিণী, ভুষণা, বিবুধা, তপতী।
মদোন্দৰী, কাঙ্কন মালিণী, মধুমতী॥
সুৰসুন্দৰী, বিজুলী, সৌদামিণী, কালী।
বিধুমতী, পদ্মালয়া, পদ্মিণী, বকুলী॥
কাদম্বিণী, কালীন্দি, যামিণী, বিভাবৰী।
মৃড়াণী, ৰুদ্ৰাণী, বৃন্দা, ধাৰিত্ৰী, সেন্দুৰী॥
 এই সকলকে আদি
 কৰি।

⸺⸺
[  ]
গোপীৰ বস্ত্ৰ হৰণ।
শ্ৰীশ্ৰী সৰস্বতৈয়ে নমঃ।
পদ।

জয় জয় সৰস্বতী তুমি বুদ্ধিমতী।
তোমাৰ চৰণে কৰো সহস্ৰ মিনতি॥
তোমাৰ চৰণে মই সেবো একবাৰ।
বস্ত্ৰ হৰণৰ পদ কৰিব প্ৰচাৰ॥
কাম ভাৱে যিতো জন ইহাক শুনয়।
সিতো জন অবশ্যেই নৰকে পৰয়॥
ভক্তিভাৱে যিতো কৰে ইহাক শ্ৰৱণ।
মহানলে চলিযায় বৈকুণ্ঠ ভুবন॥
শুনা শুনা সভাসদ আতি বিতোপন।
ইহাক পঢ়িলে আতি স্থিৰ হয় মন॥

[  ]
 

বনমালী কামাতুৰা তাক সবে বোলে।
বৃন্দাবনে ধেনু ছাৰে বসি কদমতলে॥
হাতে বাঁহি লৈয়া সুললীত সুৰে বায়।
তাক শুনি গোপীগণে ভাবে অতিশয়॥
মুৰাৰি আইল বনে বাঁহিত ফুকাৰি।
এহি বুলি গোপগণে কৰে লড়ালড়ি॥
কোন গোপ ভাত খাই আছয় বসিয়া।
কোন গোপী অছে বসি ছল লইয়া॥
কোন গোপী শুইথাকে স্বামীৰ সহিত।
কোন গোপী বাগৰই পড়িয়া মাটিত॥
কোন গোপী মুৰ মেলে দাপোন লইয়া।
কোন গোপী বসি খাকে কৃষ্ণক চাইয়া॥
কোন গোপী শৰীৰৰ লাল বেশ চায়।
কোন গোপী বোলে মোৰ নাহিকে সহায়॥
কোন গোপী খেলি থাকে সখীৰ লগত।
সেন্দুৰৰ ফোট লয় সবে কপালত॥
কোন গোপী মলা গাঁঠি পিন্ধিলে খোপাত।
ৰঙ্গা, বগা, সেউজিয়া নানা ৰক্ততাত॥
কোন গোপী বোলে সখী চোৱা মোৰ মুখ।
সাজ অলঙ্কাৰে মোক কেনেকুৱা দেখ॥
সখী মই তোমাক নেদেখো একো ভাল।
চন্দনৰ ৰেখা নাই তোমাৰ কপাল॥

[  ]
 

ঢোৱা মোৰ বেঘা কেনে জিলিকিয়া পৰে।
বনমালী দেখি মোক আহিব ওচৰে॥
নানা ৰঙ্গ কৰি গোপী থাকয় বসিয়া।
হা কৃষ্ণ! হা কৃষ্ণ! বুনি মনতে ভাবিয়া॥
সব গোপী এক হুয়া কোৱা মেলা কৰি।
শীঘ্ৰে কৰি যাওঁ আমি দেখিবো মুৰাৰী॥
আত অনন্তৰে গোপী চলিবে লাগিল।
বৃন্দাবনে যাওঁ বুলি শবদ তুলিল॥
কতো গোপী চলি যায় স্বামীক এড়িয়া।
কতো গোপী কাম বাণে থাকয় পড়িয়া॥
কতো গোপী মিছিকিয়া হাসি মাৰি আসে।
এখনে পড়িবো গিয়া বন মালী কানে॥
সব গোপী একহুয়া যায় মনে ভাবি।
সৰস্বতী বোলে কুন্তী তই গৈ জোকাৰি॥
কুন্তী বোলে ভাল মোক নপায় কেশৱে।
ভানুমতী বোলে মোৰ সেহিসে বান্ধৱে॥
বসুন্ধৰী বোলে মোৰ প্ৰিয় জনাৰ্দ্দন।
পূৰ্ণ ব্ৰহ্ম অৱতাৰ দৈবকী নন্দন॥
কামিনী বোলয় মোৰ প্ৰাণেৰ অচ্যুত।
সবে তাৰ ৰূপ দেখি হয় বিমোহিত॥
লক্ষী বোলে সিতে বৰ নিলাজ পুৰুষ।
দেখিলেই আহে চাপি মোহোৰই কান॥

[  ]
 

উষা দেলে-হে! সখী মনত মোৰ দুখ।
এহি জনমত মোৰ নেদেখোহো সুখ॥
লীলাৱতী বোলে মোৰ কৈক গৈল হৰি।
ৰূপে মোহ হয় যত গোপৰ জীৱৰী॥
ভগৱতী বালে মোক দিলে দাৰুণ তাপ।
নিজ স্বামী এড়ি মই কৰিলোহো পাপ॥
ভৱানী বোলে মোৰ নহয় ঘন থিৰ।
কামিনী মোহন কৃষ্ণ কামত অস্থিৰ॥
বীৰজা বোলয় ইতো কিনো আচৰিত।
আজি মোৰ কপালে কি মিলিল বিহিত॥
কামদা বোলয় মোৰ জীৱ উৰি যায়।
শ্ৰীকৃষ্ণ প্ৰাণধনৰ কি হৈছে বিলায়॥
তৰুণী বোলয় ভদ্ৰা আছে কত দূৰ।
আজি দেখোন বাতৰ নপৰেসে ওৰ॥
ভাগীৰথী বোলে মই মৰো কাম বাণে।
কি কৰা সখী বুলি ইন্দুমতীক টানে॥
তিলোত্তমা বোলে মই পাৰিবো হো গালি।
ক'ত দেখা পাম মোৰ সেই বনমালি॥
বিদ্যাধৰী বোলে মোৰ কান্দিব ছৱাল।
প্ৰভাৱতী বোলে ৰম্ভা কিয়নো পলাল॥
মাধবী বোলয় মই নছাপাহো কাষ।
দেখে গোবিন্দয় কেনে পায় মোৰ আশ॥

[  ]
 

মুগুধা বোলয় মোক স্বামী বিছাৰিব।
কেনেকৈ দেখিবো গই সেই বাসুদেব॥
মন্দীৰা বোলয় সখী থাকিবা লুকায়।
যেন মতে স্বামী তোক বিছাৰি নপায়॥
সুৰসা বোলয় মোৰ স্বামী ঘৰে নাই।
সেই গুণে শীঘ্ৰে মই আহিলো ওলাই॥
পদ্মাৱতী বোলে সতী মাগয় সুৰত।
ৰসা বোলে ৰম্ভা কিনো কালৰ মহত॥
হৰিণী বোলয় শুনা মোৰ দুঃখ কথা।
বিধিয়ে কৰিলে মোৰ হেনয় ব্যবস্থা॥
সূমালিণী বোলে আজি ঘৰে চলি যাওঁ।
আজি কোনোমতে যেন স্বপ্নে দেখা পাওঁ
মদন মঞ্জৰি বোলে মোৰনাই পতী।
স্বামী বৰিবে যাওঁ আজি সেই শ্ৰীপতি।
অথীৰজা বলে-ৰসা আছে তোৰ স্বামী॥
কিনো সতে তাক এড়ি আসিলাহা তুমি॥
কমল লোচনী মুখে মিচিকাই হাসে।
চন্দকলা লাহে লাহে ওচৰলৈ আসে॥
কি কথা কলা সখী এবাৰ মোক কোৱা।
নিজৰ সুখক তুমি দেখিকে নেপোৱা॥
সুৰভী বোলে থাকিম মাধৱৰ লগে।
যেনে তেনে দেখা কৰিলো তেওক আগে।

[ ১০ ]
 

ভুষিতা বোলয় সখী! নেযাবা এড়িয়া।
মোকো তোমাৰ লগে দেখাইবক নিয়া॥
ৰজনী বোলয় শুনা কোকিলৰ মাত।
তাৰ মাত শুনি মোৰ হিয়া কৰে সাঁত॥
মন্দাকিণী বোলে তই পাগলীকে হলি।
ভুষণা বোলয় যোৱা কৃষ্ণ পাসে চলি॥
নিবুিধ বোলে সখী নহবা উত্ৰাৱল।
এহিক্ষণে পাইবা গৈ নহবা বাতুল॥
অবলা বোলয় মোৰ জীৱ ধৰা মিছা।
কান্তী বোলে সুমথিৰা মোৰ এই দশা॥
সুৰুচী বোলয় মোৰ জুই জলে গাত।
পানমাহী বোলে তই নেথাকিবি তাত॥
ধুনুচা বোলে নুমলী তুমি কৈত যোৱা।
বনৰ্বাহি মুখে মুখে কিনো কথা কোৱা॥
নাগেশ্বৰী পৰিলেক লক্ষ্মীৰ গাৱত।
মোৰ প্ৰাণেশ্বৰ তুমি এড়ি গৈলা কৈত॥
নাগেশ্বৰী মহা শোকে চিত্ত নোহে থিৰ।
কাপিবে লাগিলা দেবী ঘামিলা শৰীৰ॥
কৈক যাওঁ কৈত থাকোঁ থিৰ মোহে মন।
সুমলী বোলয় কিনো বাতুল লক্ষণ॥
বালীমাহি দাত কামুৰিয়া আহে বাতে।
গৌৰাঙ্গা মইনা দুযো ধৰিলেক হাতে॥

[ ১১ ]
 

হেমাই, তেজালী বোলে কিনো ভৈল তোৰ।
গেৰেলী, সুৱলা শুনে এই কথা ভোৰ॥
সুৱলা, সোণবৰী পৰয় হালি জালি।
গেন্ধেলী ভূমিচম্পায় ধৰে আঙ্কোৱালী॥
সাৱলী বোলয় বহি গৈল এযৌবণ।
কিমতে পাইবো মই কৃষ্ণ স্বামী ধন॥
দময়ন্তী বোলে গৌৰী পাছলই চোৱা।
কেইজনী আহিছে বেগেতে চাই কোৱা॥
গৌৰীয়ে বোলয় মই নাম কওঁ শুনা।
মিলিকি, সাদৰী, গেধী, হৰিণী যমুনা॥
সুৰ সুন্দৰী, বিজুলী, চৌদামিনী, কালী।
পদ্মালয়া, বিধুমতী, কাঞ্চণী, বকুলী॥
কালিন্দী, কাদম্বিনী, যামিনী বিভাবৰী।
দুৰ্গা, মৃড়ানী, ৰুদ্ৰানী, ধাৰিত্ৰী, সেন্দুৰী॥
সৰ্ব্বানী, পাৰ্ব্বতী, বসুন্ধৰী, বসুমতী।
ক্ষণপ্ৰভা, চঞ্চলা, চপলা, পান মতী॥
নলিনী, অবনী, কুসুম, বসন্তী, জুটী।
পদ্মা, পবনী, কায়কী, ললীতা, সুমতী॥
যোগমতী, নাগেশ্বৰী, কশৈলা, ৰূপহী।
ফুলেশ্বৰী, শুক্ৰমতী, কমলা, কপাহী॥
পানী পতী, বৃন্দাবলী, জটিলা, কুমতী।
যশোমতী, সূৰ্য্যকান্তি, মধুৰী, সুপতী॥

[ ১২ ]
 

সুভদ্ৰা, নিলপতী, ৰামপতী, সাবিত্ৰী ৷
মৃণালীনি, চন্দ্ৰাৱলী, টগৰ, ৰেৱতী ৷৷
কেতেকী, চম্পা, গোলাপী, মালতী, বন্দুলী ৷
ভদ্ৰা, উমা, সোণপাহী, মাণিকী, সেৱালী ৷৷
জানেকী, চেনেহী, যজ্ঞোমতী, স্বৰ্ণকান্তী ৷
সুপ্ৰভা, কুতিলা, মহেশ্বৰী, পুৰ্ণকান্তী ৷৷
পদ্মীনি, বোলে পাৰলী গাত ধৰি যাওঁ ৷
নেৱালী বোলে কণকা কৃঞ্চ দেখা পাওঁ ৷৷
ইথানত গোপীগণ সবে মিলি বসে ৷
আজি জুয়ী, পদুমী, নাহিল কৃষ্ণ পাশে ৷৷
কদমী, বোলয় সখী উঠা শীঘ্ৰ কৰি ৷
অবশ্যে দেখিব লাগে আমাৰ শ্ৰীহৰি ৷৷
তেওঁৰ ৰূপকে মই কেনেকৈ বৰ্ণাওঁ !
হৰিণীয়া চকুজুৰি মোহনি যেন পাওঁ ৷৷
চুলিকেনো কি চাবা মিছমিছিয়া কলা ৷
সেউজীয়া বৰণৰে সবাকে মোহিলা ৷৷
হে প্ৰভু! তোমাৰনো কি দেখো মই ৰূপ ৷
সংসাৰৰ মাজে দেখো অতি অপৰূপ ৷৷
কিয়নো নাহিব চাপি কাষে গোপীগণ ৷
তেওঁৰ মোহনী ৰূপে মোহে গোপী মন ৷৷
উত্তম পুৰুষ তেওঁ রূপে বিতোপন ৷
অভিনৱ সুন্দৰ যুবত সুশোভন ৷৷

[ ১৩ ]
 

শ্যামল শৰীৰ ধীৰ সাগৰ গম্ভীৰ ৷
নাহি খতিখুন রূপে গুণৰ মন্দিৰ ৷৷
গাৱে আতি পীত বস্ত্ৰ শৰীৰ উজ্জ্বল ৷
কোন নাৰী দেখী জানা মুহিবে বিকল ৷৷
হেন পুরুষক আমি পাইলো প্রাণ সখী ৷
এৰি মাৱে কৃষ্ণে মােক কিবা দোষ দেখি ৷৷
দুর্ভগা নাৰীৰ জীৱনত কোন কায ৷
চাড়িয়া প্রাণক মই যাইবাে যমৰাজ ৷৷
ধিক ধিক সখী মই জীৱ কেনে কৰি ৷
এড়িবাে জীৱন মই জল মাজে পৰি ৷৷

—————
ত্রিপদী ।

গােপীয়ে যিমতে,  আনন্দ পাবে
 জানে কৃষ্ণ সমস্তক ৷
গােপীনি মােহণ,  দেৱ জনার্দ্দন,
 বল বিৰ্য্য আতিৰেক ৷৷
দূৰতে থাকিয়া,  কাটি কৰি চায়া,
 কাম বৰিষণ কৰে ৷
হাজাৰ শৃঙ্গাৰ,  আৰন্তৰ আগে,
 হাসি হাসি মন হৰে ৷৷

[ ১৪ ]
 

লাসে বেশে আসি, মাতে প্রিয়া বুলি,
 ওচৰ চাপিয়া যাই ৷
বস্ত্ৰত ধৰিয়া,  আশ্বাস কৰিয়া,
 মাতে চকু চাই চাই ৷৷
গলে সাবতিয়া,  মৰম কৰিয়া,
 হাতক বুলায় গাৱে ৷
কঙ্কালৰ মাজে,  ধৰি দুই হাতে,
 বােলয় অনকে ভাৱে ৷৷
স্তনত মুখত,  কামুৰি গালত,
 চূম্বন কৰে অপাৰ ৷
সাবতি গাৱত,  মৰ্দ্দয় বুকুত,
 অনেক দেয় শৃঙ্গাৰ ৷৷

পদ ।

এহি বাণী শুনি সবে ভৈলন্ত অস্থিৰ ।
গােপীগণ ভাবে অতি মনৰ ভিতৰ ৷
এহি মতে নানা ৰঙ্গ কৰি গােপীগণ ৷
অতি বেগে চলি গৈল সেহি বৃন্দাবন ৷৷
তপতী বােলয় কিনাে আজি সুভদিন ৷
কদমৰ তলে আছে বসি নাৰায়ণ ৷৷
মদোন্দৰী বােলে সখী চাওঁ কেনি আছে ৷
মধুমতী বােলে চোৱা কদমৰ কাষে ৷৷

[ ১৫ ]
 

তাক দেখি সব গােপী আনন্দিত ভৈলা ৷
কোন গোপী খসি খায় গাৱৰ মেখলা ৷৷
কোন গােপী কাম বাণে পৰয় ম টিত।
কোন গােপী বেগে গৈয়া পৰে ওপৰত ৷৷
কোন গােপী চুলি মেলি যায় হাত তুলি ৷
কোন গােপী বান্ধিবে পাহৰি গৈলা চুলি ৷৷
অতি মহা নানা বলে সব গোপীগণ ৷
গৈয়া গৈয়া সবে দেখে সেহি বৃন্দাবন ৷৷
গােপীক দেখিয়া কৃষ্ণে বাঁহি লৈলা হাতে ৷
অতি মিঠা সুৰে বায় গােপীৰ আগতে ৷৷
বাঁহি মাত শুনি গােপী সবে ভােল ভৈল ৷
আকোৱালী খৰিবাক সবে চলি গৈল ৷৷
তাক দেখি কৃষ্ণ আতি আনন্দিত হুয়া ৷
মনে কি কৰে নেপায় ভাবিয়া গুণিয়া ৷৷
নানা গীত নানা কথা কহিয়া কানাই ৷
সবাক কৰিল শান্ত এক এক কই ৷৷
সব গােপী বােলে হৰি গােৱা এক গীত ।
আমি সবে নাচো বেড়ি তােমাৰ সহিত ৷৷
আত পৰে কৃষ্ণ সেই বাঁহি ফুকাইল ৷
সব গােপী মিলিয়া চাপৰি বজাইল ৷৷
লক্ষ্মী অতি কাম বাণে হাসিয়া হাসিয়া ৷
তাহাৰ মাজে আইল নাচিবে লাগিয়া৷৷
 

[ ১৬ ]
 

লক্ষীৰ নাচ দেখি গােবিন্দ মােহ গৈলা ।
কামে জৰ্জ্জৰিত হয় বাঁহিক পেলাইলা ৷৷
লক্ষ্মীৰ রূপৰ উপমাৰ নাহি ঠাই ৷
যাক দেখি পৃথিবীৰ লােক মােহ যাই ৷৷
হৰিণা নয়ণী অতি দেখি অনুপম ৷
নাসাৰ আকৃতি যেন তিল ফুল সম ৷৷
সুভ্ৰবর্ণ দন্ত যেন মুকুতাৰ সাৰি ৷
কাণত কুণ্ডল দুই থােপা আছে আৰি ৷৷
কৰি কৰ সম উরু বৰ্ত্তুল বলিত ৷
যুবকৰ মন হেৰি হয় বিমােহিত ৷৷
বুকুত কৰন্ত শােভা স্তন দুই গুটি ৷
দেখি ঋষি মুনিৰও যায় বুকু ফুটী ৷৷
বহল হৃদয় কটী মধ্যে অতি সরু ৷
মুঠিতে লুকাই যেন হৰৰ ডম্বৰু ৷৷
বস্ত্র অলঙ্কাৰে তাক অধিক সুৱায় ৷
লয় লাসে যায় কটী ৰতাসে হালয় ৷৷
এই হেন সূন্দৰী পাইলো মই হাতে ৷
সত্যে ভজিবাে আজি মই ত্ৰই বনতে ৷৷
এহি বুলি লক্ষ্মীক ধৰিল আঙ্কোৱালী ৷
সবাতকৈ দেখাে মই গাভরূ ছোৱালী ৷৷
আজি মােৰ সঙ্গে থাকা কৰিয়া বিহাৰ ৷
মই আজি সুখ দিবো তােমাক অপাৰ ৷৷

[ ১৭ ]
 

অনেক প্ৰকাৰে জানাে মই কাম ক্রীড়া ৷
শিকাবাে তােমাক কিছু বেচ নলইয়া ৷৷
হাসি যদুমণি বােলে শুনা লক্ষ্মী প্রিয়া ৷
নলাগে সি সব মােক ৰতি দান দিয়া ৷৷
শুনা সুবদনী তুমি মােহােৰ বচন ৷
ভালনে বেয়া তুমি চোৱা পৰিমান ৷৷
ইনব যৌবন বিধি কৰিছে সে দান ৷
মিছাতে যৌবন যাই নাই একো জ্ঞান ৷৷
শুকান ফুলত নাই ভােমােৰাৰ ৰতি ৷
যৌবন টুটিলে নাই পুৰুষৰ মতি ৷৷
ভােমােৰাই মুচুপিলে কিহৰ মালতী ৷
ডেকা জনে নভজিলে কিহৰ যুবতী ৷৷
লক্ষ্মী অতি লাজ হুয়া কৰে তল মুৰ ৷
গালে হাত দিয়া কয় কথা সুমধুৰ ৷৷
হে প্রভু! এড়ি দিয়া এখনে মই যাওঁ ৷
সখী সব লগ যেন মই গই পাওঁ ৷৷
তাঁহাতে দেখিলে মােক পাৰিবেক গালি ৷
এবে এড়ি দিয়া মােক আসিবােহে কালি ৷৷
এহি বাণী শুনি কৃষ্ণ আনন্দে অপাৰ ৷
কানাই আতৰি গৈয়া পৰে বন পাৰ ৷৷
লাহে লাহে কৰি আসে গােপীৰই কাষে ৷
মুখে বাঁহি দিয়া আহে অতি লয় বেশে ৷৷

[ ১৮ ]
 

লক্ষ্মী মুখে বস্ত্র দিয়া আহে ধিৰে ধিৰে ৷
সব সখী আনন্দতে চাপৰিকে ধৰে ৷৷
সৰস্বতী বােলে কৈত কানাই আছিলা ৷
লক্ষ্মী সখীৰ লগত তুমি কি কৰিলা ৷৷
বৃন্দাবণী বােলে সখী চোৱা কৃষ্ণ লীলা ৷
লক্ষ্মীক বনত লই কি কৰিলে খেলা ৷৷
পদ্মাৱতী বােলে সখী আহা ঘৰে যাওঁ ৷
সন্ধ্যা সময়ত বৰ যেন গই পাওঁ ৷৷
কৃষ্ণ বােলয় কুন্তী তুমি এবাৰ নাচা ৷
তােমাৰ নাচক মই কৰি আছে আশা ৷৷
কৃষ্ণ কথা শুনি আতি আনন্দিত হুয়া ৷
কুন্তী সজ মাজে গৈল নাচিবে লাগিয়া ৷৷
কৃষ্ণ সমে ৰজে আতি নাচে গােপী জাক ৷
নানা ভাৱে চৰণ চলায়া ফুৰে পাক ৷৷
ঝল মল কুণ্ডল গলত আসি পৰে ৷
হালে গােপী কঙ্কাল স্তনৰো বস্ত্ৰ লৰে ৷৷
তিতিল মেখলা সব মুখে ঘর্ম্ম জল ৷
গাৱে কৃষ্ণ গুণ গীত গােপীকা সকল ৷
কতো গােপী ভৈল অতি ভাগৰে আকুল ৷
সােলকয় মেখলা খােপাৰ খসে ফুল ৷৷
কৃষ্ণসমে নাচে অতি উৎসৱে গােপিণী ৷৷
ৰাজয় খঞ্জৰি বাদ্য নুপুৰ কিঙ্কিণী ৷৷

[ ১৯ ]
 

এহিমতে গোবিন্দে নৃত্যৰ দেন্ত ভঙ্গি ৷
কত গােপীকাক গৈয়া ধৰন্ত আলিঙ্গি ৷৷
কতাে গােপীকাৰ কৃষ্ণ পৰশন্ত স্তন ৷
কটাক্ষে নিৰীক্ষি কাকো কৰন্ত চুম্বন ৷৷
কৃষ্ণৰ রূপত বিমােহিত গােপ বালা ৷
খসে অলঙ্কাৱ কাৰৰ চিঙ্গি পৰে মালা ৷৷
সােলকয় খােপা নবান্ধয় তাক তুলি ৷
নচপাৱে গাৰ বক্স বিহার কাচলি ৷৷
এহি মতে নানা ৰঙ্গ কৰি গােপীগণ ৷
ৰাধিকা বুলিল এই কোমল বচন ৷৷
এবে আমি যাব লাগে যমুনা ঘাটক ৷
কলহে পানী ভৰাই লাগে আনিবাক ৷৷
এহি বাণী বুলি গােপী বিদায় লইল ৷
নানা ৰঙ্গ কৰি সবে ঘৰা ঘৰি গৈল ৷৷
কৃষ্ণ একা বসি থাকে বৃন্দা বন মাজে ৷
মনে মনে ভাবে মােক কি কৰিব লাজে ৷৷
এই সন্ধ্যা সময়ত যাব গােপী সব ৷
গােপীগণ মিলি ৰঙ্গে গাৱক ধুইব ৷৷
সেহি সময়ত মই যাইবো লুকাই ৷
সবাৰ বস্ত্ৰক তুলি আনিবােহো মই ৷৷
দেখিবো কি কৰে আজি গকুলৰ গােপী ৷
সখী সবৰ লগে আহিব মােৰ লক্ষ্মী ৷৷

[ ২০ ]
 

মনে ভাবি বসি থাকে গছতে হাওলি ৷
লক্ষ্মীক পাইলো বুলি ধৰে আঙ্কোৱালী ৷৷
ছয় সখী যায় মিলি পানী আনিবাক ৷
কাযত কলহ লই যমুনা ঘাটক ৷৷
সখী সবে দুই সাৰি হই যায় বাটে ৷
মহানন্দে লই আহে কলসি কাষতে ৷৷
অতি সুললীত গীত গায় সবে খায় ৷
কৃষ্ণ হৰষিত হুয়া পাছে পাছে ধায় ৷৷
সব সখী গৈয়া পায় যমুনা ঘাটক ।
লাহে লাহে কৰি থৈল সব কলহক ৷৷
এবে সখী আহা সবে গাৱক ধুইবাে ৷
তাৰ পাছে কলহে পানী ভৰাই নিবাে ৷৷
এহি বুলি সবে চায় ইফালে সিফালে ৷
লাহে লাহে কৰি সবে মেখলা খহালে ৷৷
তাৰ পাছে জলক নামিয়া গৈল সবে ৷
লক্ষ্মী বােলে বুড় মাৰো দেখাে কোনে চুবে ৷৷
এহি মতে নানা ৰঙ্গ কৰে জল কেলি ৷
কৃষ্ণ আসি সবাৰ মেখলা লৈল তুলি ৷৷
কৃষ্ণ মহা ৰঙ্গ কৰি লইয়া চলিল ৷
কদম্বৰ গাচে গিয়া তেখনি উঠিল ৷৷
গােপী সব জল কেলি হৈয়া সমাপত ৷৷
একে একে সব উঠি আইল পাড়ত ৷৷

[ ২১ ]

নেদেখাে মেখলা এক নাহি ওপৰত ৷
এন হেন কাৰ্য্য কোনে কৰিলে ইয়াত ৷৷
লক্ষ্মী বোলয় ইটো নহয় কোন জন ৷
অবশ্য আহিছে আত দৈবকী নন্দন ৷৷
এহি বুলি সব সখী চৌপাশে চাহিলে ৷
লক্ষ্মী দেখা পালে কৃষ্ণ কদম্বৰ ডালে ৷৷
কৃষ্ণক দেখিয়া সবে আতি লাজ পায়া ৷
এতিক্ষণে আমি কৈত পড়িবাে উড়িয়া ৷৷
কুন্তি অতি লাজে যােনি ধাকে হাত দিয়া ৷
লক্ষ্মী তল মুৰ কৰি থাকে চাপৰিয়া ৷৷
ভানুমতী লাজ পায়া থাকে জলে পড়ি ৷
সৰস্বতী লাজ পায়া বহে আঠুকাঢ়ি ৷৷
ৰাধিকা লাজ পায়া কৰি কাওঁ বাওঁ ৷
ভগৱতী লাজ পায়া সাবটিলে গাৱ ৷৷
আতুৰ হইয়া সবে লাজক এড়িল ৷
এক হাত মেলি সব কাকুতি কৰিল ৷৷
নানা ভঙ্গি ভাৱ কৰি বুলিবে লাগিলা ৷
হে প্রভু ! ক্ষমা কৰা নকৰো এনে খেলা ৷৷
কৃষ্ণ চাই থাকে বসি কদম্বৰ ডালে ৷
কাকুতি মিনতি কৰি বুলিবে লাগিলে ৷৷
হে প্রভু! তােমাৰ থাকো দাসীক হুইয়া ৷
আমাৰ মেখলা সব দলিমাৰি দিয়া ৷৷

[ ২২ ]
 

কৃষ্ণ আতি মহাৰঙ্গে বুলিল বচন ৷
দুই হাত যােৰ কৰি লােৱা গােপীগণ ৷৷
তেহে মই দিবাে সব মেখলাক এড়ি ৷
একেবাৰে উঠা সব দুই হাত ধৰি ৷৷
এহি বাণী শুনি আতি লাজক পাইয়া ৷
উশ মিশ কৰি উঠে চক্ষুক মুদিয়া ৷৷
দুই হাত যােৰ কৰি কাকুতি কৰিল।
অতি নম্র ভাৱে স্তুতি কৰিৰে লাগিল ৷৷
হে! প্রভু জগতত তুমিসে নাৰায়ণ ৷
প্রথম নিশ্বাসে বাজ ভৈল দেবগণ ৷৷
জগতত তুমি কৰা আনন্দ প্রকাশ ৷
সমস্ত জীৱৰ কৰা মায়াক বিনাশ ৷৷
তুমিসে সবাকে দিয়া চৈতন্য শকতি ৷
আমি গােপীগণ আত প্রমাণ সম্প্রতি ৷৷
তুমিসে পৰম তত্ত্ব জানে জ্ঞানী গণে ৷
যায় পাপ তযু গুণ শ্ৰৱন কীৰ্ত্তনে ৷৷
ৰাধা, সতী, ঘুমুচা ভজয় যাক স্বামী ৷
তাহাৰ মহিমা আৰ কি কহিবো আমি ৷৷
মনুষ্য শৰীৰ পায়া যিতো নৰগণ ৷
নকৰে তােমাৰ যিটো শ্ৰৱণ কীৰ্ত্তন ৷৷
সেহি জন পড়ি থাকে নৰক কুণ্ডত ৷
আমি তব দাসী প্রভু! ৰাখা বিপদত ৷৷

[ ২৩ ]
 

জীৱ অঙ্গে তুমি এবেশিলা গাৱে গাৱে ৷
আবে আমি তােমাক ভজোহো নানা ভাৱে ৷৷

————


ত্রিপদী ।

আমি গােপীগণ, নজানােহো একো,
 মহা মূৰ্থ ভৈলাে আমি ৷
এই দোষ প্রভু,  ক্ষমা এই বাৰ,
 তােমাতেসে ভৈলাে দাসী ৷৷
তুমি সত্য আতি,  অপাৰ শকতি,
 তুমিসে সেই অনন্ত ৷
জগততে সদা,  তুমিসে প্রকাশা,
 অন্তর্যামী ভগৱন্ত ৷৷
তুমি মােৰ হিয়া;  তুমি মােৰ প্রিয়া,
 তুমি আছা ৰাখি পালি ৷
তুমি অতি জ্ঞানী,  তুমি অতি মানি,
 তােমাক সেৱে সকলি ৷৷
তুমি নেৰাখিলে,  ৰাখােতাহা নাই,
 তুমি মহেশ্বৰ দেৱ ৷
তােমাৰেসে প্রিয়,  সব গােপীগণ,
 মনে কৰো আমি সেৱ ৷৷

[ ২৪ ]
 

তােমাৰ মায়াত,  আছো বন্দি হুয়া,
 সংসাৰে ওপজো মৰো ৷
দুঃখ সময়ত,  ৰক্ষা কৰা হৰি,
 তােমাৰ চৰণে ধৰো ৷৷
সংসাৰ চক্ৰক,  তুমি ধৰি আছা,
 নেড়ে মহা মােহ ভয় ৷
তোমাৰ চৰণে,  পশিলো শৰণে,
 ৰক্ষা কৰা দয়াময় ৷৷

——০——
পদ ৷

গােপীৰ স্তুতিত অতি কৃষ্ণ মােহ হৈয়া ৷
সেহি ক্ষণে পৰয় মাটিত ঝাপ দিয়া ৷৷
এক এক কৰি কৃষ্ণ দিলেক মেখেলা ৷
লক্ষ্মীৰ মুখ চাই মিচিকাই হাসিলা ৷৷
তােমাৰ মেখলা মই দিবাক নােৱাৰো ৷
সব সখী গলে মই তেহে দিব পাৰো ৷৷
এহি মতে নানা ৰঙ্গ কৰে বনমালী ৷
আতপৰে দিলে চুমা ধৰি আঙ্কোৱালী ৷৷
কামত অস্থিৰ হুয়া ধৰিল হাতত ৷
গলে সাবত মাৰি বসাইলা কোলাত ৷৷
ইহা দেখিয়া সবে আতৰিয়া গৈল ৷
বিৰিঙ্গা জোপাত আসি সবে লুকাইল ৷৷

[ ২৫ ]
 

সবে অৰ হুয়া থাকে কৃষ্ণ পাষে চাই ৷
লক্ষ্মীৰ কি সুখ দিলে আজি বিধতাই ৷৷
কৃষ্ণ বােলে প্ৰাণেশ্বৰী কিয় কৰা ভয় ।
বাঘ ভালুক নহও নকৰা সংশয় ৷৷
সেহি দিন মােক মিছা কৰিলা অপাৰ ৷
আজি মােক ৰতিদান দিয়া একবাৰ ৷৷
এহি বুলি নানা ভাৱে আনন্দ কৰয় ৷
কানাই লক্ষ্মীক পাই ভাবে অতিশয় ৷৷
বহু দিন পৰা তােক পিয়াসে আছিলাে ।
আজি তােক পায়া মই পুৰণ কৰিলো ৷৷
লক্ষ্মী আনন্দিত হুয়া বুলিলা বচন ৷
এবে মও যাঁই ৰই আছে সখীগণ ৷৷
যােৱা গৈলা বুলি কৃষ্ণ আগ বঢ়াই খৈলা ৷
দুই খােজ পাছ আহি থিয় হই ৰৈলা ৷৷
কৃষ্ণ মনে ভাবি অন্তৰ্ধ্যান ভৈল ৷
গােপীগণ মিলিয়া গৃহক চলি গৈল ৷৷
সব গােপ মিলিয়া লক্ষ্মীক দিলা লাজ ৷
লক্ষ্মী আতি লাজ পায়া এৰিলেক মাজ ৷৷
আতি সুশােভন পাঠ লিখিয়া ইহাত ৷
বস্ত্ৰ হৰণৰ পদ কৈলাে সমাপত ৷৷
কৃষ্ণৰ চৰণে লৈয়াে সবেও শৰণ ৷
সংসাৰৰ অপৰাধ ক্ষমা নাৰায়ণ ৷৷

[ ২৬ ]
 

কৃষ্ণৰ চৰণে বিনা আন নাহি কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

ইতি-
গোপীৰ বস্ত্ৰ হৰণ (page 26 crop).jpg
বস্ত্ৰহৰণ সমাপ্তঃ



[ ২৮ ]

জাননী ৷
—————
তলত লিখা কিতাপ বিলাক আমালৈ লিখিলে পঢ়িব
পাৰিব ৷ ইয়াৰ বাহিৰেও আন সকলো কিতাপ আছে

 পকা বন্ধা কীৰ্ত্তন ঘোষা   ২ǁ০  ৰুক্মিণী হৰণ  
 পকা বন্ধা দশম   ২৲  কুমৰ হৰণ  
 ঐ বঘাসুৰ বধ   ২৲   উষাহৰণ   ৷৵
 ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ   ১৲  ভীম চৰিত্ৰ  
  ঐ পকাবন্ধা   ১ǁ০  বৰ বেজালী  
 পকা বন্ধা ১৮ পৰ্ব্ব  বৰ কৰতি   ৷৵
 মহাভাৰত   ২৲  নিদান   ǁ
 পকাবন্ধা ৭ কাণ্ড  বব্ৰুবাহ পৰ্ব্ব   ǁ
 ৰামায়ণ   ১৷০  ভীষ্ম পৰ্ব্ব  
 পকাবন্ধা শ্ৰীমদ্ভাগবত-  উদ্যোগ পৰ্ব্ব   ǁ
 দ্বাদশ স্কন্ধ  ২ǁ০  কৰ্ণ পৰ্ব্ব   ǁ
 অসমীয়া পদ্য গীতা  ১৲  স্বৰ্গাৰোহণ পৰ্ব্ব  
 অনাদি পাতন  ǁ০  সীতা বনবাস  ৷৵
 গুপ্তমণি  ৷৵০  শক্তিশেল  
 ৰাধাহৰণ   ৷০  প্ৰহ্লাদ চৰিত্ৰ   ৷৵
 ধৰ্ম্ম সংবাদ  ৷০  ব্ৰাহ্মণ ক্ৰিয়া সাৰ   ৷৵
 লক্ষ্মীচৰিত্ৰ  ৴০  ব্ৰাহ্মণ জীবন  
 পাতালি কাণ্ড ৰামায়ণ  ǁ৵০  বড় গীত   ৷৵
——————————————————————————
 শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য ৷
পোঃআঃ ৰিহাবাৰি আসাম ৷


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)