সমললৈ যাওক

পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
গোপীৰ বস্ত্ৰ হৰণ
 

অনেক প্ৰকাৰে জানাে মই কাম ক্রীড়া ৷
শিকাবাে তােমাক কিছু বেচ নলইয়া ৷৷
হাসি যদুমণি বােলে শুনা লক্ষ্মী প্রিয়া ৷
নলাগে সি সব মােক ৰতি দান দিয়া ৷৷
শুনা সুবদনী তুমি মােহােৰ বচন ৷
ভালনে বেয়া তুমি চোৱা পৰিমান ৷৷
ইনব যৌবন বিধি কৰিছে সে দান ৷
মিছাতে যৌবন যাই নাই একো জ্ঞান ৷৷
শুকান ফুলত নাই ভােমােৰাৰ ৰতি ৷
যৌবন টুটিলে নাই পুৰুষৰ মতি ৷৷
ভােমােৰাই মুচুপিলে কিহৰ মালতী ৷
ডেকা জনে নভজিলে কিহৰ যুবতী ৷৷
লক্ষ্মী অতি লাজ হুয়া কৰে তল মুৰ ৷
গালে হাত দিয়া কয় কথা সুমধুৰ ৷৷
হে প্রভু! এড়ি দিয়া এখনে মই যাওঁ ৷
সখী সব লগ যেন মই গই পাওঁ ৷৷
তাঁহাতে দেখিলে মােক পাৰিবেক গালি ৷
এবে এড়ি দিয়া মােক আসিবােহে কালি ৷৷
এহি বাণী শুনি কৃষ্ণ আনন্দে অপাৰ ৷
কানাই আতৰি গৈয়া পৰে বন পাৰ ৷৷
লাহে লাহে কৰি আসে গােপীৰই কাষে ৷
মুখে বাঁহি দিয়া আহে অতি লয় বেশে ৷৷